• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বাজেটত ৰাজ্যৰ অংশকলৈ সন্তুষ্ট নহয় বিটিচি : প্ৰত্যক্ষভাৱে পুঁজি আৱন্টনৰ দাবী

NE NOW NEWS ৰিনয় বসুমতাৰী
কোকৰাঝাৰ , March 23, 2018 9:50 am

2 min read

BTC-570x320
81
VIEWS
Share on FacebookShare on Twitter

বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল (বিটিচি)ৰ দুদিনীয়া বাজেট অধিৱেশনৰ বৃহস্পতিবাৰে সামৰণি পৰে।

সামৰণিৰ দিনা ২০১৮-১৯ বিত্তীয় বৰ্ষৰ বাবে ২,৪১৬.২৬ কোটি টকাৰ সাধাৰণ বাজেট বিত্ত বিভাগৰো দায়িত্বত থকা বিটিচৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে উত্থাপন কৰে আৰু সাধাৰণ আলোচনাৰ পিছত সদনত গৃহিত হয়।

উল্লেখযোগ্য যে বিটিচিয়ে ইয়াৰ ৩২ লাখ জনসাধাৰণৰ বাবে এইবছৰ ৰাজ্য চৰকাৰৰ পৰা মাত্ৰ  ৬১০ কোটি টকা লাভ কৰিছে আৰু স্বাভাৱিক বাজেটেৰ অধিক বিকাশ সাধন কৰা সম্ভৱ নহয়।

শাসক আৰু বিৰোধী দুয়ো দলেই অঞ্চলটোৰ সামগ্ৰিক বিকাশৰ বাবে কেন্দ্ৰৰ পৰা প্ৰত্যক্ষভাৱে পুঁজি আৱন্টনৰ বাবে দাবী উত্থাপন কৰে।

মহিলাৰীয়ে বুধবাৰে প্ৰস্তাৱিত জমা আৰু খৰচৰ বিটিচিৰ স্বাভাৱিক বাজেট (কাউন্সিলৰ ভাগৰ) ২,৪২৯.৮৭ কোটি আৰু প্ৰস্তাৱিত খৰচ ২,৪১৬.২৬ কোটি টকাৰে ১৩.৬০ কোটি টকাৰ ৰাহি বাজেটখন সদনত বিবেচনাৰ বাবে দাখিল কৰে। বিটিচি মুৰব্বী হাগ্ৰাম মহিলাৰীৰ হৈ বাজেটখন সদন পাঠ কৰে বিটিচিৰ উপ মুখ্য কাৰ্যবাহী কাম্পা বৰগয়াৰীয়ে।

বাজেটত বিটিচিৰ অন্যান্য বিকাশৰ লগতে পথ যোগাযোগৰ উন্নয়ন, শিক্ষা, গ্ৰাম্য উন্নয়ন, স্বাস্থ্য আৰু কৃষিত গুৰুত্ব আৰোপ কৰা হৈছে।

মহিলাৰীয়ে কয় যে তেওঁলোকে কাউন্সিলৰ অন্যান্য বিষয়ৰ লগতে প্ৰকল্প আৰু আঁচনিসমূহৰ ৰূপায়নকে ধৰি বিভিন্ন সমস্যা তথা বিবাদসমূহৰ বিষয়ে অসমৰ ৰাজ্য চৰকাৰক অৱগত কৰিব।

মহিলাৰীয়ে জনায় যে কাউন্সিলে আঁচনি আৱন্টন অনুসৰি নিৰ্দ্ধাৰণ কৰা বিকাশৰ লক্ষ্যত উপনীত হ’বলৈ দায়বদ্ধ।

তেওঁ লগতে কয় যে তেওঁ আৰু তেওঁৰ দলে অঞ্চলটোৰ সামগ্ৰিক বিকাশৰ বাবে বিটিচিৰ সকলো সদস্যৰ সহযোগত আনকি কঠোৰ পৰিশ্ৰম কৰিবলৈ বদ্ধপৰিকৰ।

এই লক্ষ্যত উপনীত হ’বলৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ দুয়োখনেৰে সহযোগিতাৰ প্ৰয়োজন।

ইয়াৰ মাজতে বিৰোধী দলৰ নেতা ৰনগৌৰা নাৰ্জাৰীয়ে কয় যে জনসংখ্যাৰ গাঁথনিৰ ওপৰত বিটিচিৰ বাবে ৰাজ্য চৰকাৰে পৰ্যাপ্ত পুঁজি মোকলাই দিয়া নাই।

অঞ্চলটোৱে ইয়াৰ জনসংখ্যাৰ গাঁথনি অনুসৰি বছৰি ১২.১৯ শতাংশ অংশৰে কমেও ৩০০০ কোটি টকা পাব লাগে যদিও ৰাজ্য চৰকাৰে ৬১০ কোটি টকাহে মুকলি কৰি দিছে যিটো গ্ৰহণযোগ্য নহয়।

তেওঁ কয় যে সাত লাখ জনসংখ্যাৰে সৰু ৰাজ্য ছিকিমে ৭০০০ কোটি টকা লাভ কৰিছে।

তেওঁ লগতে ৰাজ্য চৰকাৰৰ বাজেটৰ পিছত কাউন্সিলৰ বাজেট অনুষ্ঠিত কৰাটো অৰ্থহীন বুলিও মন্তৱ্য কৰে।

 

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd