• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বাতাসীপুৰত সংঘটিত ধৰ্ষণৰ ঘটনা : বিক্ষুব্ধ স্থানীয় ৰাইজৰ হেঁচাত অভিযুক্তক গ্ৰেপ্তাৰ আৰক্ষীৰ

NE NOW NEWS প্ৰনব কুমাৰ দাস
তেজপুৰ , April 11, 2018 9:58 pm

2 min read

Rape

প্ৰতিনিধিত্বমূলক ফটো

76
VIEWS
Share on FacebookShare on Twitter

শোণিতপুৰ জিলাৰ ঢেকিয়াজুলি আৰক্ষী থানাৰ অন্তৰ্গত বাতাসীপুৰত অলপতে সংঘটিত হোৱা ধৰ্ষণৰ ঘটনাত অভিযুক্তক সংশ্লিষ্ট সংস্থাই ৰক্ষাবেক্ষণ দিয়াৰ অভিযোগ তুলি অঞ্চলটোৰ ৰাইজ আৰু নিখিল বড়ো ছাত্ৰ সন্থাই (এবছু) তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। সমাজৰ সকলো শ্ৰেণীৰ লোকৰ মাজত সজাগতা সৃষ্টিৰ এক প্ৰয়াসেৰে বাতাসীপুৰত আজি সকলো সমবেত হৈছিল।

এবছুৰ জিলা সম্পাদক এবিট নাৰ্জাৰীয়ে কয় যে অভিযোগ অনুসৰি অঞ্চলটোৰ এগৰাকী ১৬ বছৰীয়া ছোৱালীক ঢেকিয়াজুলি ৰোড ৰে’ল ষ্টেশ্যনৰ সহকাৰী ষ্টেশ্যন অধীক্ষক সমীৰ অধিকাৰীয়ে যোৱা ৫ এপ্ৰিলৰ সন্ধিয়া ধৰ্ষণ কৰিছিল।

নাৰ্জাৰীয়ে জানিবলৈ দিয়ে যে ঘটনাৰ বলি হোৱা ছোৱালীজনীক অভিযুক্তই ঘটনাটো প্ৰকাশ নকৰিবলৈ ভাবুকি কৰিছিল যদিও তেওঁ অভিভাৱকৰ আগত ঘটনা সম্পৰ্কে সকলো বিবৰি কয়। ঘটনাটো পোহৰলৈ অহাৰ পিছত ছোৱালীজনীৰ অভিভাৱকে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰে।

শোণিতপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক নুমল মহট্টই জনায় যে অভিযুক্ত সমীৰ অধিকাৰীক আজি সন্ধিয়া গ্ৰেপ্তাৰ কৰা হৈছে আৰু আৰক্ষীৰ জিম্মাত ৰখা হৈছে। তেওঁ কয় যে ঘটনাটো যোৱা ৫ এপ্ৰিলত সংঘটিত হৈছিল আৰু আৰক্ষীয়ে আজি তথ্য লাভ কৰিছে।

অৱশ্যে, এবছুৰ কৰ্মীসকলে অভিযোগ কৰে যে অভিযুক্তক আটক কৰাৰ পৰিৱৰ্তে আৰক্ষীয়ে ওচৰৰে আছাম ৰাইফলছৰ শিৱিৰত আশ্ৰয় লৈ থকা ধৰ্ষণত অভিযুক্তগৰাকীক ৰক্ষণাবেক্ষণহে দিছিল।

ইয়াৰ মাজতে আজি ঢেকিয়াজুলি ৰে’ল ৰোড ষ্টেশ্যনত এবছু কৰ্মী আৰু স্থানীয় ৰাইজৰ তীব্ৰ প্ৰতিবাদৰ ফলত আৰক্ষীয়ে আবেলি অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ বাধ্য হয়। এবছু কৰ্মীসকলে অভিযুক্তক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰিছে আৰু আৰক্ষী প্ৰশাসনক এক নিৰপেক্ষ তদন্তৰ বাবে আহ্বান জনাইছে।

Recent News

a track

কৃষকৰ ট্ৰেক্টৰ ৰেলীত অনুমতি দিল্লী আৰক্ষীৰ,৩০৮ টা টুইটাৰ একাউণ্টেৰে ৰেলী বিঘ্নিত কৰাৰ চেষ্টা পাকিস্তানৰ

a family_600c1789a132e

এজন লোকৰ ২৭ গৰাকী ঘৈণী, সন্তানৰ সংখ্যা ১৫০! ক’ত?

FB_IMG_1611484341539

“সহায়-The Helping Hand” নামৰ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত  ভোগালী উৎসৱস্থলীত চাফাই অভিযান

FB_IMG_1611490110105

অসম এথলেটিকছ সন্থা আৰু টিপকাইৰ উদ্যোগত মাৰ্ঘেৰিটাত মাৰাথন দৌৰ , সহস্রাধিকৰ অংশগ্রহণ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd