• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপিয়ে যদি বিলখন পাছ কৰিবই বিচাৰে তেন্তে আমাক মিত্ৰজোঁটৰ পৰা বাদ দিয়ক : অগপ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 1, 2018 9:24 pm
AGP_Press_Meet
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“বিজেপিয়ে যদি এই নাগৰিকত্ব সংশোধনী বিলখন পাছ কৰিব বিচাৰিছে, তেন্তে আমাক মিত্ৰজোঁটৰ পৰা বাদ দিয়ক।” -আজি মহানগৰীৰ মাজমজিয়াত থকা আমবাৰীৰ অগপৰ মুখ্য কাৰ্য্যালয়ত এখন সংবাদমেল দি দলটোৰ সাধাৰণ সম্পাদক মনোজ শইকীয়াই এইদৰে কয়।

উল্লেখযোগ্য যে মিত্ৰজোঁটত থকাৰ পিছতো চৰকাৰ গঠন কৰাৰ পাছমুহূৰ্তৰ পৰাই যিকোনো বিষয়ক লৈ বিজেপি আৰু অগপ দলৰ কিছুসংখ্যক নেতা তীব্ৰ বাক-বিতণ্ডাত লিপ্ত হৈ থকা দেখি আহিছে অসমৰ ৰাইজে। দুয়োটা দলৰে বিধায়ক নাইবা অন্যান্য নেতাসকলৰ মাজত এজনে আনজনক কটাক্ষ কৰাটোও এটা সুলভ দৃশ্যত পৰিণত হৈ আহিছে।

Apply Now

উক্ত সংবাদমেলতে শইকীয়াই লগতে কয় যে তেওঁলোক মিত্ৰজোঁটত থকালৈকে সদায় এই বিধেয়কৰ বিৰোধিতা কৰি যাব। কিন্তু বিজেপিয়ে যদি বিলখন পাছ কৰিব বিচাৰিছে তেন্তে চৰকাৰৰ মিত্ৰজোঁটৰ পৰা উলিয়াই দিবৰ বাবে মুকলি আহ্বান জনায়।

তাৎপৰ্য্যপূৰ্ণভাৱে দলটোৱে নিজে আঁতৰি আহিব বুলি নক’লে দলটোৰ সাধাৰণ সম্পাদকজনে।

ইয়াৰোপৰি ৰঞ্জিত দাসে আজি সংবাদ মাধ্যমৰ সন্মুখত অগপৰ বহুতো বিধায়ক বিজেপিৰ সমৰ্থনৰ বাবেহে বিগত নিৰ্বাচনত জয়ী হোৱা বুলি কৰা মন্তব্যৰ বিৰোধিতা কৰি শইকীয়াই কয়, “যদি অগপৰ অস্তিত্বই নাই, তেন্তে তেওঁলোক অগপৰ সৈতে মিত্ৰতা কৰিবলৈ আহিছিল কিয়? তেওঁলোকহে আমাৰ লগত মিত্ৰজোঁট কৰিব আহিছিল।”

আনহাতে, সংবাদমেলখনত উপস্থিত থকা অগপ বিধায়ক সত্যব্ৰত কলিতাই মনোজ শইকীয়াৰ ভাষ্যৰ লগতে সংযোগ কৰি কয় যে বিজেপিৰ বহু বিধায়ক আছে যি অগপৰ সমৰ্থন নথকাহেঁতেন জিকিব নোৱাৰিলেহেঁতেন।

ইয়াৰোপৰি প্ৰশান্ত ফুকনে অগপৰ দুটা স্থিতি বুলি কালি সংবাদ মাধ্যমৰ সন্মুখত কৰা মন্তব্যৰো বিৰোধিতা কৰি মিত্ৰজোঁটৰ বিধায়কজনে কয়, “অসম গণ পৰিষদৰ সৈতে বাক-বিতণ্ডাত লিপ্ত হোৱাতকৈ অসমৰ ইমানবোৰ দল-সংগঠনে এই বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে, সেইসকলৰ প্ৰশ্নৰ উত্তৰ প্ৰশান্ত ফুকনে দিয়ক। ফুকনৰ অসমৰ জাতীয় জীৱনৰ সৈতে সম্পৰ্ক নাই। তেওঁৰ ইচ্ছা কেৱল বিধায়ক হ’ব লাগে, সেয়েহে তেওঁ আবোল-তাবোল বকিছে।”

উল্লেখযোগ্য যে উক্ত সংবাদমেলত উপস্থিত থকা অগপৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই মিত্ৰজোঁটত থাকিলেও কেন্দ্ৰীয় চৰকাৰক বিলখন প্ৰত্যাখ্যান কৰাৰ ক্ষেত্ৰত হেঁচা দি যাব বুলি কৈ কয়, “আজি মুখ্য মন্ত্ৰীৰ সৈতে অগপৰ তিনিজন মন্ত্ৰীৰ নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত আলোচনা নহ’ল যদিও মুখ্য মন্ত্ৰীয়ে আমাক আশ্বাস দিছে যে আজি আছুৰ লগতে ২৮ টা জনগোষ্ঠীয় সংগঠনৰ সৈতে আলোচনাত মিলিত হোৱাৰ পিছতে সমন্বয় কমিটীৰ সৈতে এই বিষয়ত আলোচনা কৰিব।”

“আজিও কেবিনেট বৈঠকত মুখ্য মন্ত্ৰীয়ে আমাৰ তিনিওজন মন্ত্ৰীৰ সন্মুখত খিলঞ্জীয়াৰ স্বাৰ্থত বিঘ্নিত হোৱা কাম নকৰো বুলি কৈছে।” কলিতাই এনেদৰে কয়।

তাৎপৰ্য্যপূৰ্ণভাৱে ৰাজনাথ সিঙে ‘এই বিধেয়কখন গৃহীত কৰা হ’বই’ বুলি কৰা মন্তব্যৰ প্ৰসংগত কলিতাই কয় যে মুখ্য মন্ত্ৰীয়ে যদি এইক্ষেত্ৰত আলোচনা কৰি ৰাইজৰ আৱেগ-অনুভূতিসমূহ কেন্দ্ৰীয় চৰকাৰৰ সন্মুখত দাঙি ধৰি তেওঁলোকক সৈমান কৰিব পাৰে, তেতিয়াহ’লে এইটো কেতিয়াও অসম্ভৱ নহয়।

উল্লেখযোগ্য যে আজি কেবিনেট বৈঠকত অগপৰ তিনিজনকৈ মন্ত্ৰী ক্ৰমে- অতুল বৰা, কেশৱ মহন্ত, ফণীভূষণ চৌধুৰী উপস্থিত আছিল নাগৰিকত্ব সংশোধনী বিধেয়কখন সন্দৰ্ভত এজনেও একো এটা কথাই নুলিয়ালে বুলি জানিব পৰা গৈছে। অথচ নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত সিদ্ধান্ত ল’বলৈ কেবিনেট বৈঠক দাবী কৰি আহিছিল বিজেপিৰ মিত্ৰ তথা চৰকাৰৰ অংশীদাৰ দলটোৱে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

July 9, 2026 10:54 am
যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

July 9, 2026 9:33 am
গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

July 9, 2026 7:39 am
নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

July 9, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

July 9, 2026 10:54 am
যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

July 9, 2026 9:33 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd