• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপিৰ ভাষাৰেই পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদ কংগ্ৰেছৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 26, 2018 5:54 pm
Petrol_diesel

পে'ট্ৰল-ডিজেলৰ মূল্য বৃদ্ধিৰ প্ৰতিবাদ অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বালীলৈ যিপাট সুগ্ৰীৱলৈও সেইপাট বুলি কোৱা কথাষাৰৰ সুন্দৰ নমুনা দেশবাসীৰ আগত যিকেইটা ৰাজনৈতিক দলে দাঙি ধৰিছে সেই দুটা হ’ল বিজেপি আৰু কংগ্ৰেছে।

কংগ্ৰেছৰ আমোলত দেশত মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণক জ্বল-কলা খুওৱাৰ সময়ত বিজেপিয়ে প্ৰতিবাদৰ যিবোৰ পন্থা লৈছিল, সম্প্ৰতি বিজেপিৰ দিনত ঘটি থকা মূল্যবৃদ্ধিৰ প্ৰতিবাদ কৰিবলৈও প্ৰায় অনুৰূপ পন্থা লোৱা দেখা গৈছে কংগ্ৰেছক।

Apply Now

যোৱা ১২-১৫ দিন ধৰি পে’ট্ৰল-ডিজেলৰ মূল্যই একেৰাহে ঊৰ্ধ্বগামী হৈ ন ন অভিলেখ সৃষ্টি কৰাৰ সময়ত মূল্য নিয়ন্ত্ৰণ কৰিব নোৱৰা বুলি চৰকাৰৰ বিৰুদ্ধে কংগ্ৰেছে দেশজুৰি প্ৰতিবাদী কাৰ্য্যসূচী লৈ আহিছে।

অসম প্ৰদেশ কংগ্ৰেছেও যোৱা ২২ মে’ত পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধিৰ প্ৰতিবাদ কৰিছিল। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই ৰিক্সা চলাই এই প্ৰতিবাদী কাৰ্য্যসূচীত অংশগ্ৰহণ কৰিছিল।

কংগ্ৰেছৰ আমোলত বিজেপিয়ে গৰু গাড়ীত উঠি কৰা প্ৰতিবাদৰ দৰে কংগ্ৰেছেও এতিয়া একেই প্ৰতিবাদৰ ভাষা লৈছে।

আজি মহানগৰীত অসম প্ৰদেশ মহিলা কংগ্ৰেছেও পে’ট্ৰল-ডিজেলৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ অভিযোগ তুলি লগতে নাৰী নিৰ্য্যাতন বন্ধ কৰাৰ দাবীত মোদী চৰকাৰৰ বিৰুদ্ধে ৰাজীৱ ভৱনৰ সন্মুখত এক ব্যতিক্ৰমী প্ৰতিবাদ সাব্যস্ত কৰে।

মহিলা প্ৰতিবাদকাৰীসকলে বাটৰ নাট প্ৰদৰ্শনৰে প্ৰতিবাদ সাব্যস্ত কৰে। তেওঁলোকে এখন গাড়ীত ৰোগী এগৰাকী লৈ গাড়ীখন পিছফালৰ পৰা ঠেলি ঠেলি কিছুদূৰলৈ আগুৱাই যায়।

অসম মহিলা প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বত আৰু গুৱাহাটী জিলা কংগ্ৰেছৰ উদ্যোগত অনুষ্ঠিত এই প্ৰতিবাদী কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি মহিলা প্ৰদেশ কংগ্ৰেছৰ সভাপতি শ্বেহনাজ য়াছমিন হকে মোদী চৰকাৰ আৰু সৰ্বানন্দ সোণোৱাল চৰকাৰক দুখীয়াৰ তেজ শুহা চৰকাৰ বুলি আখ্যা দিয়ে।

তেওঁ লগতে কয়, “মোদী চৰকাৰৰ চাৰি বছৰ পাৰ হ’ল, সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দুটা বছৰ পাৰ হ’ল। কিন্তু আজি দেখা গৈছে যে তেওঁলোকে মিছা কথাৰ আশ্ৰয় লৈ শাসনলৈ আহিছে। তেওঁলোকে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য হ্ৰাস কৰাৰ প্ৰতিশ্ৰুতিৰে তথা মহিলাক সুৰক্ষিত কৰিম বুলি প্ৰতিশ্ৰুতি দি শাসনলৈ আহিছিল। কিন্তু বৰ্তমান অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি পোৱাৰ লগতে মহিলাৰ সুৰক্ষাও নাইকিয়া হৈছে।”

‘আন্তঃৰাষ্ট্ৰীয় বজাৰত পে’ট্ৰলৰ মূল্য হ্ৰাস পোৱা’ বুলি সদৰী কৰি সভাপতিগৰাকীয়ে লগতে কয় যে তাৰ পিছতো কেন্দ্ৰীয় চৰকাৰে পে’ট্ৰল ডিজেলৰ মূল্য দিনক-দিনে বৃদ্ধি কৰি গৈ আছে।

PriceHike
নিত্য ব্যৱহাৰ্য্যৰ মূল্য বৃদ্ধিৰ প্ৰতিবাদ অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ।

বিজেপি চৰকাৰে সমগ্ৰ ভাৰতখন গেলাই পেলোৱা বুলি অভিযোগ কৰে। লগতে কংগ্ৰেছ চৰকাৰৰ দিনত খাদ্য সুৰক্ষা আইনৰ অধীনত চেনি, দাইল, চাউলকে ধৰি অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ বিতৰণ কৰা হৈছিল যদিও মোদী চৰকাৰে সেইসমূহ সামগ্ৰীৰ বিতৰণ বন্ধ কৰি দিছে বুলিও অভিযোগ কৰে।

তাৎপৰ্য্যপূৰ্ণভাৱে মোদী আৰু সোণোৱাল চৰকাৰে যদি পে’ট্ৰল-ডিজেল অথবা অন্যান্য সামগ্ৰীৰ মূল্য হ্ৰাস কৰিব নোৱাৰে তেন্তে অনতিপলমে তেওঁলোকে গাড়ী এৰিব লাগে বুলিও মহিলা প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে দাবী উত্থাপন কৰে।

আনহাতে অসমত কংগ্ৰেছৰ শাসন থকাৰ সময়তে বিজয়া চক্ৰৱৰ্তীৰ নেতৃত্বত পিঁয়াজৰ মালা পিন্ধি নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদ কৰাৰ দৰে আজি প্ৰদেশ কংগ্ৰেছৰ সদস্যাসকলকো খৰাহিত পাচলি লৈ প্ৰতিবাদ কৰা দেখা গ’ল।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd