• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিজেপি চৰকাৰে দুৰ্নীতিমুক্ত অসম গঢ়া কথাটোৰ পৰা ফালৰি কটাৰ অভিযোগ নিবনুৱা সন্থাৰ

NE NOW NEWS অনিৰ্বাণ পাঠক
গুৱাহাটী , May 23, 2018 10:00 pm

2 min read

সদৌ অসম নিবনুৱা সন্থা
77
VIEWS
Share on FacebookShare on Twitter

সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰে দুৰ্নীতিমুক্ত অসম গঢ়া কথাটোৰ পৰা ফালৰি কাটি অহা বুলি মন্তব্য প্ৰকাশ কৰিছে সদৌ অসম নিবনুৱা সন্থাৰ সভাপতি নীলমনি হাজৰিকাই। তেওঁ লগতে বৰ্তমানৰ বিজেপি চৰকাৰখনে পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ নীতিকই গ্ৰহণ কৰা বুলি কৈ অসমৰ মানুহক বিজেপিয়ে যি অংগীকাৰ কৰিছিল তাৰ বিৰুদ্ধে গৈছে বুলি মত প্ৰকাশ কৰে।

বুধবাৰে দিচপুৰ প্ৰেছ ক্লাৱত এক সংবাদমেল অনুষ্ঠিত কৰি সদৌ অসম নিবনুৱা সন্থাৰ সভাপতি নীলমনি হাজৰিকাই শেহতীয়াভাৱে ৰাজ্যিক মীন নিগমত ৪০ টা পদৰ নিযুক্তিৰ ক্ষেত্ৰত কোনো বিজ্ঞাপন তথা সাক্ষাৎকাৰ অনুষ্ঠিত নকৰাকৈ নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন কৰা বুলিও এক গুৰুতৰ অভিযোগ উত্থাপন কৰে।

সংবাদমেলত ২০ মেত অনুষ্ঠিত অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ পৰীক্ষাত হোৱা ব্যাপক খেলিমেলি সন্দৰ্ভত বিষেদগাৰ প্ৰকাশ কৰি বিভাগীয় মন্ত্ৰী নৱ কুমাৰ দলে সুকলমে পৰীক্ষা অনুষ্ঠিত হৈ যোৱা বুলি কৰা মন্তব্যক গৰিহণা দিয়ে।

তেওঁ লগতে বহি:ৰাজ্যৰ কোম্পানীক এনে পৰীক্ষা অনুষ্ঠিত কৰিব দিয়া প্ৰসংগ উত্থাপন কৰি বহি:ৰাজ্যৰ কোম্পানীৰ কোনো বিশ্বাসযোগ্যতা নাই বুলিও মন্তব্য কৰে।

ইয়াৰ উপৰি, নীলমনি হাজৰিকাই এনে গুৰুত্বপূৰ্ণ পৰীক্ষাৰ প্ৰশ্নকাকত অসমৰ বাহিৰত কটাৰ বিৰোধিতা কৰি অসমৰ কোনো বিশ্ববিদ্যালয়ক এই দায়িত্ব দিবলৈ দাবী জনায়।

বুধবাৰে সদৌ অসম নিবনুৱা সন্থাই এই বিষয়টোৰ উচিত তদন্ত আৰু পুনৰ পৰীক্ষা পতাৰ দাবীত এক স্মাৰক পত্ৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰীলৈ প্ৰেৰণ কৰে।

Recent News

a russi image

প্রথমবাৰৰ বাবে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ সৈতে টেলিফোনিক বাৰ্তালাপ মাৰ্কিন ৰাষ্ট্ৰপতি বিদেনৰ

Tirap

লাইকা-দধিয়া বাসীক পাহাৰপুৰ আৰু নামফাইত পুনঃ সংস্থাপনৰ বিৰোধিতা টিৰাপবাসীৰ

a himu

“বদৰউদ্দিন আজমল কংগ্ৰেছ, এ জে পি, ৰাইজৰ দলৰ ত্ৰাণকৰ্তা”: হিমন্ত বিশ্ব শৰ্মা

Ulfa

অৰুণাচল প্ৰদেশৰ ভাৰত-ম্যানমাৰ সীমান্তত ভাৰতীয় সেনাৰ জালত পৰিল আলফা (স্বা)ৰ ৩ কেডাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd