DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 17, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিতৰ্কত অসম কৃষি বিশ্ববিদ্যালয় : গণতন্ত্ৰৰ জ্ঞান নাই কৰ্তৃপক্ষৰ, তীব্ৰ ককৰ্থনা বিজেপি সভাপতিৰ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
June 14, 2018 7:51 pm
assam agricultural university
128
VIEWS
Share on FacebookShare on Twitter

অসম কৃষি বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ বিভাগৰ সহযোগী সঞ্চালক ৰঞ্জিত নেওগে এক আৰ টি আই আবেদনৰ উত্তৰত খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰখন ধ্বংস কৰাৰ বাবে বিজেপি আৰু কামৰূপ (মঃ) প্ৰশাসনক জগৰীয়া কৰাক লৈ বিতৰ্কৰ আবৰ্তত সোমাই পৰিছে বিশ্ববিদ্যালয়খন। এইবাৰ অসম কৃষি বিশ্ববিদ্যালয় কৰ্তৃপক্ষক উভটি ধৰিছে অসম বিজেপিৰ শীৰ্ষ নেতৃত্বই।

গুৱাহাটীৰ এই বিশাল আৰু অত্যাধুনিক সা-সুবিধাযুক্ত খেলপথাৰখন ক্ৰীড়াৰ লগত সম্পৰ্ক নোহোৱা কাৰ্য্যসূচীসমূহৰ বাবে ধ্বংস হোৱা সন্দৰ্ভত নৰ্থ ইষ্ট নাও-ত প্ৰকাশিত ধাৰাৱাহিক, বিস্তাৰিত প্ৰতিবেদনৰ পিছত ৰাজ্যৰ একাংশ প্ৰাক্তন ৰঞ্জি খেলুৱৈ আৰু ক্ৰীড়া সংগঠকৰ লগতে আছু, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু কংগ্ৰেছে এই সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল।

‘তেওঁলোক (বিশ্ববিদ্যালয় কৰ্তৃপক্ষ)ৰ গণতন্ত্ৰৰ জ্ঞান নাই’ বুলি বিশ্ববিদ্যালয় কৰ্তৃপক্ষক ককৰ্থনা কৰি দাসে কয় যে ৰাজনৈতিক দল একোটা গণতন্ত্ৰৰ অংশবিশেষ আৰু এখন ৰাজহুৱা খেলপথাৰত ৰাজনৈতিক দলে সভা-সমিতি বা অনুষ্ঠান পতাৰ সম্পূৰ্ণ অধিকাৰ আছে।

নৰ্থ ইষ্ট নাও-ৰ হাতত থকা খবৰ অনুসৰি কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী গুৱাহাটীলৈ অহাৰ সময়ত খেলপথাৰখনৰ দেৱাল দুঠাইত ভঙা হৈছিল, আনকি খেলপথাৰ চৌহদৰে ২০ জোপা গছো কটা হৈছিল।

কিন্তু আৰ টি আই আবেদনৰ উত্তৰত ২০১৭ চনৰ মে’ত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সভাৰ বাবে ‘বিজেপিয়ে ক্ৰিকেট পিত্চখন মাটিৰে পুতি পেলাইছিল’ আৰু ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে নৰেন্দ্ৰ মোদীৰ এক জনসভাৰ বাবে ক্ৰীড়া প্ৰকল্পটোৰ সীমাৰ দেৱাল ভাঙি দিবলৈ যোৱা ২০১৪ চনৰ ফেব্ৰুৱাৰিত দিচপুৰ ৰাজহ চক্ৰৰ বিষয়াই নিৰ্দেশ দিছিল বুলি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই দাবী কৰিছিল।

‘খেলপথাৰখনৰ যদি কিবা ক্ষতিসাধন হৈছে, তেওঁলোকে আমাক নজনাই আৰ টি আইৰ উত্তৰ দি ৰাইজক জনাইছে কিয়?’ কৃষি বিশ্ববিদ্যালয় কৰ্তৃপক্ষক উভটি ধৰি বিজেপি সভাপতি গৰাকীয়ে নৰ্থ ইষ্ট নাও-ক কয় ‘আমি বিভিন্ন অনুষ্ঠানৰ বাবে খেলপথাৰখন ভাড়ালৈ লৈহে ব্যৱহাৰ কৰিছো। তাৰ বিনিময়ত তেওঁলোকক ধন পৰিশোধ কৰিছো।’

আৰ টি আই আবেদনখনৰ উত্তৰ দিয়াক লৈয়ো কৃষি বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ মাজতে সৃষ্টি হৈছে খেলিমেলিৰ। উপাচাৰ্য্য কমল মল্ল বুজবৰুৱাই এই আৰ টি আই আবেদন সন্দৰ্ভত নৰ্থ ইষ্ট নাও-ৰ পৰাহে অৱগত হোৱা বুলি মন্তব্য কৰি আৰ টি আইৰ উত্তৰ দিয়াৰ বাবে ছাত্ৰ কল্যাণৰ সহযোগী সঞ্চালক ৰঞ্জিত নেওগৰ ‘কৰ্তৃত্ব নাই’ বুলি নৰ্থ ইষ্ট নাও-ক জনাইছিল।

আনহাতে ‘(খেলপথাৰ) বিষয়টোত মই এতিয়াই সোমাব খোজা নাই’ বুলি নৰ্থ ইষ্ট নাও-ৰ প্ৰশ্নৰ পৰা ফালৰি কাটিছিল স্থানীয় দিচপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাই।

সভাপতি ৰঞ্জিত দাসে বিশ্ববিদ্যালয় কৰ্তৃপক্ষক পোনপতীয়াভাৱে ককৰ্থনা কৰাৰ বিপৰীতে ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰূপম গোস্বামীয়ে ‘এই বিষয়ত মই একো নকওঁ, যিয়ে আই আৰ টি আইৰ উত্তৰ দিছে তেওঁ তেনেকৈ কিয় ক’লে, তেওঁহে ক’ব পাৰিব’ বুলি নৰ্থ ইষ্ট নাও-ৰ আগত মন্তব্য কৰে।

গুৱাহাটী মহানগৰৰ দক্ষিণ দিশে থকা এই দৃষ্টিনন্দন খেলপথাৰখন ধ্বংসৰ বাবে বিজেপি আৰু কামৰূপ (মঃ) প্ৰশাসনক জগৰীয়া কৰাৰ পিছত বিজেপি নেতাৰ এই মন্তব্যৰ পিছত অসম কৃষি বিশ্ববিদ্যালয়ৰ প্ৰতিক্ৰিয়া লক্ষণীয় হ’ব।

Recent News

zero shadow day মায়ানগৰী মুম্বাইত অদ্ভুত ঘটনা: আকাশত সূৰ্য থকাৰ পিছতো মাটিত নপৰা হ’ল একো বস্তুৰে ছাঁ !

zero shadow day মায়ানগৰী মুম্বাইত অদ্ভুত ঘটনা: আকাশত সূৰ্য থকাৰ পিছতো মাটিত নপৰা হ’ল একো বস্তুৰে ছাঁ !

Thieves return stolen idols

দু: স্বপ্নত ত্ৰাহি মধুসূদন: চোৰে উভতাই থৈ গ’ল মন্দিৰৰ চুৰ কৰা সামগ্ৰী, লিখি থৈ গ’ল স্বীকাৰোক্তি পত্ৰ

Chief Justice of Gauhati High Court

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্ত হ’ব ন্যায়াধীশ ৰশ্মিন মানহৰভাই ছায়া

অনিৰ্দিষ্টকাললৈ পিছুৱাই দিয়া হৈছে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা: শিক্ষামন্ত্ৰীৰ ঘোষণা

অনিৰ্দিষ্টকাললৈ পিছুৱাই দিয়া হৈছে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা: শিক্ষামন্ত্ৰীৰ ঘোষণা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd