DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 22, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব মণিপুৰ

বিদ্যালয় এৰা শিশুৰ সংখ্যা হ্ৰাস কৰা আৰু ৰাজ্যখনৰ নিবনুৱাক ব্যৱসায়ৰ সুযোগ দিয়াৰ বাবে মণিপুৰৰ বিজেপি চৰকাৰৰ দুখন আঁচনি মুকলি

সভাপতি চামম by সভাপতি চামম
March 16, 2018 10:40 pm
ManipurScheme
82
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যখনত বিদ্যালয় এৰা শিশুৰ সংখ্যা হ্ৰাস কৰাৰ বাবে আৰু ৰাজ্যখনৰ নিবনুৱাক উৎসাহিত কৰাৰ বাবে মণিপুৰৰ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনে দুখন আঁচনি মুকলি কৰিছে। এই আঁচনি দুখনৰ নাম হ’ল ক্ৰমে লাইৰিক টামহানলাছি (Lairik Tamhanlasi), যাৰ অৰ্থ হ’ল ‘তেওঁলোকক শিকিবলৈ দিয়া’ আৰু ষ্টাৰ্ট আপ মণিপুৰ।

ৰাজ্যখনৰ মুখ্য মন্ত্ৰী এন বীৰেন সিং, শিক্ষা মন্ত্ৰী টি ৰাধেশ্যাম আৰু কৃষি মন্ত্ৰী ভি হংখলিয়ান, মুখ্য সচিব আৰ আৰ ৰশ্মি, প্ৰধান সচিব (পৰিকল্পনা আৰু শিক্ষা) বিনীত যোশী, শিক্ষা আৰু পৰিকল্পনা বিভাগৰ সঞ্চালক এই অনুষ্ঠানটোত উপস্থিত আছিল।

আঁচনি দুখন মুকলি কৰা অনুষ্ঠানত উপস্থিত থকা মুখ্য মন্ত্ৰী বীৰেন সিঙে কয়, লাইৰিক টামহানলাছি আঁচনিখনৰ লক্ষ্য হ’ল কোনো শিশুৱে যাতে উচ্চতৰ মাধ্যমিক পৰ্য্যন্ত তেওঁলোকৰ শিক্ষাৰ অধিকাৰ লাভ কৰাৰ পৰা বাদ নপৰে সেইটো নিশ্চিত কৰা। এই আঁচনিখনৰ জৰিয়তে চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক নামভৰ্তিৰ খৰচ, পৰীক্ষা আৰু টিউশ্যন ফীজ, য়ুনিফ’ৰ্ম আৰু পাঠ্যপুথিৰ খৰচ যোগান ধৰা হ’ব। শিক্ষা বিভাগৰ এটা বিশেষ কোষ এই আঁচনিৰ ৰূপায়ণকাৰী হ’ব আৰু এই শিতানৰ বাবে বাজেটত ১৬ কোটি টকা ধাৰ্য্য কৰা হৈছে বুলি তেওঁ কয়।

জানিব পৰা মতে আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত হাইস্কুল আধাতে এৰা প্ৰতিবেদনত প্ৰকাশ পোৱা তথ্য বিবেচনা কৰি এই পদক্ষেপ লোৱা হৈছে।

শিক্ষা বিভাগৰ বিষয়াসকলে চলোৱা এটা সমীক্ষাত পোৱা গৈছে যে মণিপুৰত প্ৰায় ৪০ হাজাৰ স্কুল এৰা ছাত্ৰ-ছা্ত্ৰী আছে।

উল্লেখযোগ্য যে ৰাজ্যখনৰ নতুন চৰকাৰৰ দ্বাৰা ইয়াৰ বৰ্ষপূৰ্তি উপলক্ষে দুখীয়া, অভাৱী আৰু আনভাৱে সক্ষম লোকসকলৰ বাবে বিভিন্ন আঁচনি মুকলি কৰা হৈছে। এইবোৰ উদ্বোধনৰ পষেক (Inauguration Fortnight) কাৰ্য্যসূচীৰ অধীনত এইবোৰ আঁচনি উদ্বোধন কৰা হৈছে। ইয়াৰ ভিতৰত এই স্কুল এৰা ছাত্ৰ-ছাত্ৰী হ্ৰাস কৰাৰ এই আঁচনিখন বিশেষভাৱে উল্লেখযোগ্য।

আনহাতে ষ্টাৰ্ট আপ মণিপুৰ আঁচনিখনে ৰাজ্যখনৰ নিবনুৱা যুৱক-যুৱতীক নতুন উদ্যোগ, ব্যৱসায় হাতত লোৱাৰ বাবে উৎসাহ দিব বুলি মুখ্য মন্ত্ৰীজনে ব্যক্ত কৰে। এই আঁচনিৰ অধীনত ২০১৭-১৮ আৰু ২০১৮-১৯ বৰ্ষৰ বাবে ৩০ কোটি টকা ধাৰ্য্য কৰা হৈছে।

Recent News

বটদ্ৰৱাৰ ঘটনাৰ বুজ ল’বলৈ কমিটী গঠন কৰিলে কংগ্ৰেছে

বটদ্ৰৱাৰ ঘটনাৰ বুজ ল’বলৈ কমিটী গঠন কৰিলে কংগ্ৰেছে

বটদ্ৰৱা কাণ্ড: থানাত অগ্নিসংযোগত জৰিত কিশোৰীসহ ১২ মহিলাক আটক

বটদ্ৰৱা কাণ্ড: থানাত অগ্নিসংযোগত জৰিত কিশোৰীসহ ১২ মহিলাক আটক

বঙাইগাঁৱৰ ধলাগাঁৱত ধুমুহাত চাৰিচকীয়া বাহনৰ ওপৰত ভাগি পৰিল গছ

বঙাইগাঁৱৰ ধলাগাঁৱত ধুমুহাত চাৰিচকীয়া বাহনৰ ওপৰত ভাগি পৰিল গছ

জেলেনস্কিৰ সৈতে গোপন প্ৰেম পুটিন কন্যা কেটেৰিনাৰ! আছে দুবছৰীয়া সন্তানো; ঘটনাটো কি?

জেলেনস্কিৰ সৈতে গোপন প্ৰেম পুটিন কন্যা কেটেৰিনাৰ! আছে দুবছৰীয়া সন্তানো; ঘটনাটো কি?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd