DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 22, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিধ্বস্ত পথ : কৃষ্ণাইৰ পূজাৰীপাৰাত পথত কঠীয়া ৰুই ৰাইজৰ প্ৰতিবাদ

নীলমনি শর্মা by নীলমনি শর্মা
June 18, 2018 8:40 am
krishnai2_1
98
VIEWS
Share on FacebookShare on Twitter

গোৱালপাৰাৰ কৃষ্ণাইৰ পূজাৰীপাৰা গাঁৱত সুদীৰ্ঘ দিন ধৰি বিধ্বস্ত হৈ পৰা পথ মেৰামতি নকৰাত ৰাইজে ক্ষুব্ধ হৈ পথতে কঠীয়া ৰুই প্ৰতিবাদ সাৱ্যস্ত কৰে।ৰাইজৰ এই অভিনৱ প্ৰতিবাদে সকলোৰে দৃষ্টি আকৰ্ষণ কৰা দেখা গৈছে।

গোৱালপাৰা জিলাৰ বান্দৰৰ ৰজা-ৰাণী খ্যাত শ্ৰীশ্ৰীটুক্ৰেশ্বৰী দেৱালয়ৰ গাতে লাগি থকা এখন অতি পুৰণি গাঁও পূজোহৰি পাৰা। সম্প্ৰতি পূজাৰীপাৰা বুলি সৰ্বজন পৰিচিত গাঁওখনৰ আছে গুৰুত্বপূৰ্ণ ইতিহাস। তথ্য অনুসৰি তাহানিৰ বিজনীৰ ৰজা কুমুদ নাৰায়ণৰ সময়তে দেৱালয়ত পূজা-অৰ্চনা কৰিবৰ বাবে কিছু সংখ্যক ব্ৰাহ্মণক আনি এই অঞ্চলটোতে স্থাপন কৰিছিল। অতীত ইতিহাস বিজড়‌িত এই গাঁওখনে বৰ্তমানে সীমাহীন সমস্যাৰ মাজত ককবকাই থাকিবলগীয়া হৈছে।

আন নালাগে গাঁওখনৰ বাট-পথৰে আজি পয়া লগা অৱস্থা। গাঁওখনৰ মূল পথটোৱে নৰক যাতনা দিছে অঞ্চলবাসীক৷ কৃষ্ণাই পাইকানৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা পূজাৰী পাৰাহৈ হাদী গাঁৱলৈ যোৱা পথছোৱা দীৰ্ঘ দিন মেৰামতি নকৰাৰ ফলত এতিয়া এজাক বৰষুণতে বোকাময় হৈ পৰে। স্থানীয় বিধায়ক তথা বিভাগীয় কৰ্তৃপক্ষক ৰাইজে বহুত আৱেদন-নিৱেদন কৰিলে যদিও একো কামত নাহিল।

ৰাইজে পৰিৱৰ্তনকামী বিজেপিৰ মিত্ৰ জোঁটৰ চৰকাৰৰ দিনত পথটোৰ অৱস্থা উন্নত হ’ব বুলি আশা কৰিছিল যদিও আজিলৈ সেই আশায়ো একো ফল নধৰিল। যাৰ পৰিপ্ৰেক্ষিতত অঞ্চলটোৰ একমাত্ৰ পথটো মেৰামতিৰ দাবীত ৰাইজে প্ৰতিবাদ কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে। সেয়ে বিক্ষুব্ধ পূজাৰীপাৰাবাসীয়ে পথত কঠীয়া ৰুই পথ মেৰামতিৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছে।

Recent News

হাজোত কিশোৰীৰ সৈতে থকা গোপন মুহূৰ্তৰ ফটো ভাইৰেল কৰি গ্ৰেপ্তাৰ দৰ্জী

হাজোত কিশোৰীৰ সৈতে থকা গোপন মুহূৰ্তৰ ফটো ভাইৰেল কৰি গ্ৰেপ্তাৰ দৰ্জী

Gangetic dolphin

বৰপেটাত মৃত অৱস্থাত গাঙ্গেতিক ডলফিন উদ্ধাৰ: জালত লাগি মৃত্যু হোৱাৰ সন্দেহ

বঙাইগাঁৱত নাও চলাচলত নিষেধাজ্ঞা জিলা দণ্ডাধীশৰ

বঙাইগাঁৱত নাও চলাচলত নিষেধাজ্ঞা জিলা দণ্ডাধীশৰ

Mentally Ill Man Thrashed

‘নাম কি? মহম্মদ নেকি?’: মানসিক ৰোগত আক্ৰান্ত ব্যক্তিৰ ধৰ্মীয় পৰিচয় বিচাৰি শাৰীৰিক আক্ৰমণ; মৃতদেহ উদ্ধাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd