গোৱালপাৰাৰ কৃষ্ণাইৰ পূজাৰীপাৰা গাঁৱত সুদীৰ্ঘ দিন ধৰি বিধ্বস্ত হৈ পৰা পথ মেৰামতি নকৰাত ৰাইজে ক্ষুব্ধ হৈ পথতে কঠীয়া ৰুই প্ৰতিবাদ সাৱ্যস্ত কৰে।ৰাইজৰ এই অভিনৱ প্ৰতিবাদে সকলোৰে দৃষ্টি আকৰ্ষণ কৰা দেখা গৈছে।
গোৱালপাৰা জিলাৰ বান্দৰৰ ৰজা-ৰাণী খ্যাত শ্ৰীশ্ৰীটুক্ৰেশ্বৰী দেৱালয়ৰ গাতে লাগি থকা এখন অতি পুৰণি গাঁও পূজোহৰি পাৰা। সম্প্ৰতি পূজাৰীপাৰা বুলি সৰ্বজন পৰিচিত গাঁওখনৰ আছে গুৰুত্বপূৰ্ণ ইতিহাস। তথ্য অনুসৰি তাহানিৰ বিজনীৰ ৰজা কুমুদ নাৰায়ণৰ সময়তে দেৱালয়ত পূজা-অৰ্চনা কৰিবৰ বাবে কিছু সংখ্যক ব্ৰাহ্মণক আনি এই অঞ্চলটোতে স্থাপন কৰিছিল। অতীত ইতিহাস বিজড়িত এই গাঁওখনে বৰ্তমানে সীমাহীন সমস্যাৰ মাজত ককবকাই থাকিবলগীয়া হৈছে।
আন নালাগে গাঁওখনৰ বাট-পথৰে আজি পয়া লগা অৱস্থা। গাঁওখনৰ মূল পথটোৱে নৰক যাতনা দিছে অঞ্চলবাসীক৷ কৃষ্ণাই পাইকানৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা পূজাৰী পাৰাহৈ হাদী গাঁৱলৈ যোৱা পথছোৱা দীৰ্ঘ দিন মেৰামতি নকৰাৰ ফলত এতিয়া এজাক বৰষুণতে বোকাময় হৈ পৰে। স্থানীয় বিধায়ক তথা বিভাগীয় কৰ্তৃপক্ষক ৰাইজে বহুত আৱেদন-নিৱেদন কৰিলে যদিও একো কামত নাহিল।
ৰাইজে পৰিৱৰ্তনকামী বিজেপিৰ মিত্ৰ জোঁটৰ চৰকাৰৰ দিনত পথটোৰ অৱস্থা উন্নত হ’ব বুলি আশা কৰিছিল যদিও আজিলৈ সেই আশায়ো একো ফল নধৰিল। যাৰ পৰিপ্ৰেক্ষিতত অঞ্চলটোৰ একমাত্ৰ পথটো মেৰামতিৰ দাবীত ৰাইজে প্ৰতিবাদ কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে। সেয়ে বিক্ষুব্ধ পূজাৰীপাৰাবাসীয়ে পথত কঠীয়া ৰুই পথ মেৰামতিৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছে।