DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিভিন্ন বিষয়ৰ গ্ৰন্থ প্ৰকাশৰ পদক্ষেপ গ্ৰহণ কৰিছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ে

স্মিতা ভট্টাচাৰ্য by স্মিতা ভট্টাচাৰ্য
February 25, 2018 10:52 am
Dibrugarh-University-570x320
492
VIEWS
Share on FacebookShare on Twitter

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰকাশন বিভাগে অসমৰ সাহিত্য জগত তথা বিজ্ঞান জগতৰ মনীষী সকলক জনসাধাৰণৰ কাষ চপাই অনাৰ প্ৰয়াস কৰিছে।

ৰাজ্যখনৰ সাহিত্য ক্ষেত্ৰক সমৃদ্ধিশালী কৰি তুলিবলৈ বিভিন্ন লেখক, সাহিত্যিক আৰু বিজ্ঞানীৰ লগতে নাৰীবাদ, স্বাস্থ্য আৰু ইতিহাস সম্পৰ্কীয় স্বতন্ত্ৰ ৰচনা সামৰি তিনিটা খণ্ড প্ৰকাশৰ ব্যৱস্থা গ্ৰহণ কৰিছে।

এই একক গ্ৰন্থসমূহত আনন্দৰাম বৰুৱা, জ্যোতিপ্ৰসাদ আগৰৱালা আৰু লক্ষ্মীনাথ বেজবৰুৱাৰ দৰে ব্যক্তিত্বৰ লগতে আন সাহিত্যিকৰ জীৱন আৰু কৃতি অন্তৰ্ভুক্ত কৰা হ’ব। গ্ৰন্থসমূহত অন্তৰ্ভুক্ত হ’ব এলবাৰ্ট আইনষ্টাইন, গেলিলিও গেলিলি, লুইচ পেষ্টুৰ, মেক্স প্ল্যাংকৰ ইত্যাদিৰ দৰে বিজ্ঞানীৰ জীৱন আৰু কৃতিও।

DU-1-202x300

প্ৰকাশন বিষয়া প্ৰকল্প ৰঞ্জন ভাগৱতীয়ে কয় যে অসমীয়াত ২০ খন গ্ৰন্থ আৰু ইংৰাজীত তিনিখন গ্ৰন্থ প্ৰকাশ কৰা হৈছে।

‘’আমাৰ লক্ষ্যটো হৈছে পাঠকক আমাৰ সাহিত্যিক আৰু বিজ্ঞানীসকলৰ লগত পৰিচয় কৰি দিয়া যিসকলৰ ওপৰত ভিত্তি কৰি সমাজ এখন গঢ় লৈ উঠিব পাৰে,’’-তেওঁ কয়।

ভাগৱতীয়ে লগতে কয় যে এখন গ্ৰন্থ প্ৰকাশ কৰি উলিয়াবলৈ লেখকক যোগাযোগ কৰাৰ পৰা মূদ্ৰণ কৰি গ্ৰন্থ বিপণীলৈ পোৱালৈকে দুইৰ পৰা তিনি বছৰ সময় লাগে।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কাৰ্যবাহী পৰিষদৰ পৰামৰ্শ অনুসৰি ২০১০ চনত এক স্বতন্ত্ৰ সংস্থা হিচাপে প্ৰকাশন বিভাগটো গঠন কৰা হৈছিল আৰু ২০১২ চনৰ পৰা ইয়াৰ কাম কাজ আৰম্ভ কৰা হৈছিল।

এই গ্ৰন্থসমূহৰ উপৰি ‘নাৰীবাদ’ আৰু ‘ব্ৰহ্মপুত্ৰ’ৰ দৰে গ্ৰন্থও প্ৰকাশ কৰি উলিওৱা হৈছে।

ইংৰাজীত প্ৰকাশিত গ্ৰন্থসমূহৰ ভিতৰত আছে তাৰা নাথ দুৱৰাৰ ‘’এথনিক ৰিছাৰ্জেন্স এমং দ্য টাই আহোমছ অফ আছাম’’, ৰতন কুমাৰ কটকীৰ ‘‘যোগা এণ্ড ক’ৰনাৰী ডিজিছেছ’’ আৰু ‘’বেজবৰুৱা, দ্য মেন এণ্ড হিছ ৱৰ্কছ’’। ‘’বোজবৰুৱা, দ্য মেন এণ্ড হিছ ৱৰ্কছ’’ গ্ৰন্থখন বেজবৰুৱাৰ সম্পৰ্কত ইংৰাজী আৰু অসমীয়াত লিখা প্ৰৱন্ধৰ সংকলন আৰু লগতে তেওঁৰ কিছুমান ইংৰাজীলৈ অনুবাদ কৰা প্ৰৱন্ধ সন্নিৱিষ্ট কৰা হৈছে।

আন এখন উল্লেখযোগ্য প্ৰকাশন হৈছে বেজবৰুৱাৰ বিষয়ে অসমীয়া, ইংৰাজী আৰু উৰিয়া এই তিনিটা ভাষাত লিখা ‘’সাহিত্যৰথী’’ নামৰ ত্ৰিভাষিক স্মৃতিগ্ৰন্থ। ইয়াত তেওঁৰ বিষয়ে বাতৰি আৰু প্ৰৱন্ধ সন্নিৱিষ্ট কৰা হৈছে।

DU--263x300

প্ৰকাশ পাবলগীয়া গ্ৰন্থৰ ভিতৰত আছে ‘’অসমীয়া সাহিত্যৰ ইতিহাস’’ আৰু এখন ‘’হিষ্টৰী অফ চায়েন্স ইন আছামিজ’’’। পিছৰখন বিজ্ঞানৰ বিভিন্ন বিষয়ৰ ওপৰত বিশেষজ্ঞসকলে লিখা প্ৰৱন্ধৰ সংকলন।

পৰামৰ্শসমূহ এখন সমিতিয়ে দিয়ে আৰু এই সমিতিত আছে সাহিত্যিক তথা শিক্ষাবিদ হোমেন বৰগোহাঞি, নগেন শইকীয়া, মালিনী গোস্বামী, কৰবী ডেকা হাজৰিকা, বাৰীন্দ্ৰ কুমাৰ শৰ্মা আদি।

সমিতিৰ সমন্বয়ক হিচাপে আছে অধ্যাপক আনন্দ বৰমুদৈ। তেওঁৱো কেইবাখনো গ্ৰন্থ সম্পাদনা কৰিছে।

এই গ্ৰন্থসমূহৰ বেছিভাগৰে মূল্য ১৫০ টকাৰ পৰা ৫০০ টকাৰ ভিতৰত আৰু গুৱাহাটীৰ বাণী মন্দিৰত পোৱা যায়।

 

Recent News

School with a difference: ব্যক্তিগত বিদ্যালয়ৰ লগত সমানে ফেৰ মাৰি জিলিকি উঠিছে টীয়কৰ চমুৱা গছপুৰীয়া প্ৰাথমিক বিদ্যালয়

School with a difference: ব্যক্তিগত বিদ্যালয়ৰ লগত সমানে ফেৰ মাৰি জিলিকি উঠিছে টীয়কৰ চমুৱা গছপুৰীয়া প্ৰাথমিক বিদ্যালয়

এআইচিটিই আইডিয়া লেব লাভ কৰা উত্তৰ-পূবৰ প্ৰথমখন প্ৰতিষ্ঠান হ’ল জিআইএমটি-গুৱাহাটী

এআইচিটিই আইডিয়া লেব লাভ কৰা উত্তৰ-পূবৰ প্ৰথমখন প্ৰতিষ্ঠান হ’ল জিআইএমটি-গুৱাহাটী

মনোৰম প্ৰাকৃতিক পৰিৱেশৰ সলনি উত্তৰ পূব মৰুভূমি হোৱাটো বিচাৰে নেকি ভাৰত চৰকাৰে?

মনোৰম প্ৰাকৃতিক পৰিৱেশৰ সলনি উত্তৰ পূব মৰুভূমি হোৱাটো বিচাৰে নেকি ভাৰত চৰকাৰে?

কাঁ চলচ্চিত্ৰ মহোৎসৱৰ পৰা ওভতাৰ সময়তে লুইত কুমাৰ বৰ্মণলৈ GMCৰ জাননী কিয়?

কাঁ চলচ্চিত্ৰ মহোৎসৱৰ পৰা ওভতাৰ সময়তে লুইত কুমাৰ বৰ্মণলৈ GMCৰ জাননী কিয়?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd