• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিশিষ্ট অসমীয়া সাহিত্যিকৰ নেতৃত্বতে গুৱাহাটীত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বাবে সমৰ্থন গোটোৱাৰ কূটকৌশল

NE NOW NEWS অনিৰ্বাণ পাঠক
গুৱাহাটী , July 15, 2018 8:09 pm

4 min read

বিশিষ্ট অসমীয়া সাহিত্যিকৰ নেতৃত্বতে গুৱাহাটীত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বাবে সমৰ্থন গোটোৱাৰ কূটকৌশল

আলোচনা চক্ৰত ভাষণ দি থকা অৱস্থাত ‘সাহিত্য ভাৰতী’ৰ সভাপতি তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কনকসেন ডেকা। ফটো : য়ু বি।

172
VIEWS
Share on FacebookShare on Twitter

নাগৰিকত্ব (সংশোধনী) বিধেয়কৰ বিৰুদ্ধে ৰাজ্যত বিভিন্ন জাতীয়-জনগোষ্ঠীয় দল-সংগঠন আৰু সাধাৰণ নাগৰিকে ব্যাপক আন্দোলন চলাই থকাৰ সময়তে অসমৰেই কেইগৰাকীমান সাহিত্যিক, লেখক আৰু বিশিষ্ট ব্যক্তিক আজি দেখা গ’ল বিধেয়কখনৰ সপক্ষে। কেৱল সেয়ে নহয়, এইসকল বিশিষ্ট লোকক বিধেয়কখনৰ বিষয়ে অসমৰ ৰাইজক প্ৰবোধ দিয়াৰ চেষ্টা কৰিব বুলি সংকল্প লোৱা দেখা গ’ল।

আজি, ১৫ জুলাইত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ড০ বাণীকান্ত কাকতী প্ৰেক্ষাগৃহত ‘সাহিত্য ভাৰতী’ নামৰ সংগঠনটোৰ উদ্যোগত অনুষ্ঠিত হয় নাগৰিকত্ব (সংশোধনী) বিধেয়ক সন্দৰ্ভত এখন আলোচনা চক্ৰ। তাৎপৰ্যপূৰ্ণ যে, ‘সাহিত্য ভাৰতী’ৰ সভাপতি হ’ল বিশিষ্ট সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কনকসেন ডেকা। মন কৰিব কনকসেন ডেকাই সভাপতিত্ব কৰা আলোচনা চক্ৰখনত উপস্থিতসকলক ‘জাতিধ্বংসী’ নাগৰিকত্ব (সংশোধনী) বিধেয়কখনক আওপকীয়াকৈ সমৰ্থ কৰা পৰিলক্ষিত হয়। ইমানেই নহয় বিধেয়কখনৰ বিৰুদ্ধে ৰাজ্যত চলি থকা আন্দোলনৰো তীব্ৰ বিৰোধিতা কৰা হয় আলোচনা চক্ৰত।

এই অনুষ্ঠান চলি থকাৰ মাজতেই সাংবাদিকক সম্বোধন কৰি সাহিত্য ভাৰতীৰ সভাপতি কনকসেন ডেকাই কয়, “লোকসভাত এই বিলখন তিনিবাৰ গৃহীত হ’ব লাগে, কিন্তু এবাৰহে মাত্ৰ উত্থাপন কৰা হৈছে আৰু সেইখন যিহেতু যুটীয়া সংসদীয় সমিতিয়ে চৰজমিন কৰি আছে, গতিকে চৰজমিনৰ পাছতহে লোকসভাত সেইখন গৃহীত হ’ব পাৰে। লোকসভাত গৃহীত হ’লে ৰাজ্যসভালৈ যাব, কিন্তু ৰাজ্যসভাত এন ডি এ সংখ্যলঘিষ্ঠ। গতিকে বিধেয়কখন লোকসভাত গৃহীত হ’লেও ৰাজ্যসভাত গৃহীত হৈ আইনত পৰিণত হ’ব বুলি নাভাবো।”

তেওঁ লগতে এই বিধেয়কখনৰ বিৰুদ্ধে চলা আন্দোলনৰ সম্পূৰ্ণ বিৰোধিতা কৰে।

উল্লেখযোগ্য যে আজিৰ আলোচনাচক্ৰখন উদ্বোধন কৰে, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাই। মুখ্য অতিথি হিচাপে উপস্থিত আছিল উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা তথা সংবিধান বিশেষজ্ঞ ৰবীন্দ্ৰকুমাৰ ৰায়জাদা। উপস্থিত থাকে লেখক অৰুণ গোস্বামী, ড০ দয়ানন্দ পাঠক দৰে লেখক-সাহিত্যক।

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে চলি থকা আন্দোলনৰ বিপৰীতে অৰুণ গোস্বামীয়ে কয়, “অনিশ্চিত বিষয় এটাক লৈ আন্দোলনৰ প্ৰয়োজনীয়তা এক বিন্দুও নাই। বিধেয়কখন গৃহীত হোৱাৰ পাছত যদি অসমৰ অনিষ্ট হয়, তেতিয়া আন্দোলন কৰিম।”

তেওঁ লগতে ‘এন আৰ চি প্ৰকাশ হোৱাৰ পাছত এজনা বিদেশী অসমৰ পৰা খেদিব নোৱাৰে’ বুলি মন্তব্য কৰে।

নাগৰিকত্ব (সংশোধনী) বিধেয়ক, ২০১৬-ৰ পৰ্যালোচনাৰ নামত অসমৰ বিভিন্ন প্ৰান্তৰ একাংশ বিধেয়কখন সমৰ্থন কৰা লোকক গোটাই লৈ এনে কিছুমান প্ৰস্তাৱ গ্ৰহণ কৰে যিসমূহৰ জৰিয়তে ‘সাহিত্য ভাৰতীয়ে’ বিধেয়কখনক এক প্ৰকাৰ আদৰণিহে জনোৱাটো স্পষ্ট হৈ পৰিল।

আজিৰ এই আলোচনা চক্ৰত গৃহীত কৰা প্ৰথম প্ৰস্তাৱ অনুসৰি নাগৰিকত্ব সংশোধনী বিধেয়কত সন্নিৱিষ্ট বিভিন্ন ধাৰা সন্দৰ্ভত তথ্যভিত্তিক বাখ্যা প্ৰচাৰ কৰাৰ পোষকতা কৰে সাহিত্য ভাৰতীয়ে।

দ্বিতীয়তে বিধেয়কখন সন্দৰ্ভত অসমৰ মানুহৰ মনৰ পৰা সন্দেহ দূৰীকৰণৰ যথোচিত ব্যৱস্থা লোৱাৰো প্ৰস্তাৱ গ্ৰহণ কৰে সংগঠনটোৱে। লগতে ‘বিধেয়কখন কেৱল হিন্দু শৰণাৰ্থীক ৰক্ষণাবেক্ষণ দিবলৈ নহয়, বৰং পাকিস্তান, আফগানিস্তান আৰু বাংলাদেশৰ নিৰ্যাতিত সংখ্যালঘুসকলক সকাহ দিয়াৰ বাবেহে সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব’ বুলি অসমৰ ৰাইজক বুজনি দিয়াৰ চেষ্টা চলোৱাৰো প্ৰস্তাৱ লয়।

তৃতীয়তে বিধেয়কখনক লৈ সৃষ্টি হোৱা আন্দোলনৰ ফলত যাতে গোষ্ঠী, সম্প্ৰদায়ৰ মাজত ভুল বুজাবুজিৰ সৃষ্টি নহয় তাৰ বাবে সচেতনতা অভিযান চলোৱা আৰু আন্দোলনৰ জৰিয়তে ৰাজ্যৰ আৰ্থ-সামাজিক আৰু বিদ্যায়তনিক পৰিৱেশ বিনষ্ট নকৰাৰ বাবে জনসাধাৰণক অৱগত কৰোৱাৰ সিদ্ধান্ত লয় সাহিত্য ভাৰতীয়ে।

শেষত, চতুৰ্থ প্ৰস্তাৱ অনুসৰি পৰ্যালোচনাৰ ভিত্তিত গ্ৰহণ কৰা প্ৰস্তাৱসমূহ কাৰ্যকৰীকৰণৰ বাবে এই আলোচনা চক্ৰৰ উদ্যোক্তাসকলক চৰকাৰ, বিভিন্ন সামাজিক সংগঠন আৰু বিশিষ্ট ব্যক্তিসকলৰ সৈতে মত-বিনিময় কৰিবলৈ আহ্বান জনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

মন কৰিব লগীয়া যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ পৰ্যালোচনাৰ বাবে অনুষ্ঠিত এই আলোচনা চক্ৰত অসমৰ বিশিষ্ট লেখক-সাহিত্যিকৰ সন্মুখতেই বৰাক উপত্যকাৰ লগতে অসমৰ অন্যান্য প্ৰান্তৰ পৰা অহা বহুকেইজন অংশগ্ৰহণকাৰীয়ে ভাষণ আগ বঢ়াই বিধেয়কখনৰ প্ৰতি পূৰ্ণ সমৰ্থন জনোৱা দেখা গ’ল।

সমান্তৰালভাৱে এই আলোচনা চক্ৰত একাংশই মুছলমানৰ আগ্ৰাসনৰ বিষয়েও বক্তব্য দাঙি ধৰাৰ লগতে মুছলমানৰ আগ্ৰাসন ৰুধিবলৈ এই বিধেয়ক আইনত পৰিণত হোৱাৰ পোষকতা কৰে।

তাৎপৰ্যপূৰ্ণভাৱে নামত নাগৰিকত্ব (সংশোধনী) বিধেয়ক, ২০১৬-ৰ পৰ্যালোচনা সভা যদিও আলোচনা চক্ৰখনত দেখা নগ’ল বিধেয়কৰ বিৰোধিতা কৰা কোনো দল-সংগঠনৰ প্ৰতিনিধিক। দৰাচলতে গোটেই আলোচনা চক্ৰখন একপক্ষীয় মতেৰে পৰিকল্পিতভাৱে চলাই নিয়া হ’ল।

যি সময়ত অসমৰ খিলঞ্জীয়া মানুহৰ অস্তিত্বক লৈ ভাবুকিৰ সৃষ্টি হৈছে, অসমতে অসমীয়াভাষী মানুহৰ সংখ্যা হ্ৰাস পাইছে তেনে সময়তে অসমৰে একাংশ বিশিষ্ট নাগৰিকৰ তৎপৰতাত ‘খিলঞ্জীয়া বিৰোধী’ বিধেয়কখনক লৈ এনেধৰণৰ তৎপৰতা অৱশ্যেই চিন্তনীয়।

Recent News

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd