• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিশ্ব বিনিয়োগ সন্মিলনৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ বিদ্যালয়সমূহ ৰহস্যজনকভাৱে বন্ধ ৰাখিবলৈ নিৰ্দেশ

নবাৰুন গুহ by নবাৰুন গুহ
February 2, 2018 8:32 am
3206_dpsguwahati
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনে অসমলৈ বিনিয়োগকাৰীক আদৰণি জনাবলৈ সাজু হৈ উঠাৰ সময়তে এডভান্টেজ আছামৰ অনুষ্ঠানস্থলীৰ নিকট দূৰত্বত থকা বিদ্যালয়সমূহ শনিবাৰে ‘বন্ধ’ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

প্ৰধানমন্ত্ৰী মোডীয়ে  বৃহৎ বিনিয়োগ সন্মিলনখন উদ্বোধন কৰিবলৈ শনিবাৰে আহি গুৱাহাটীত উপস্থিত হ’ব। এই বিনিয়োগ সন্মিলনখনত ১৭ খন দেশৰ লগতে উদ্যোগ জগতৰ  শীৰ্ষ  উদ্যোগীসকলে অংশগ্ৰহণৰ নিশ্চয়তা প্ৰদান কৰিছে।

Apply Now

আশ্চৰ্যজনকভাৱে, গুৱাহাটীৰ আগশাৰীৰ কেইখনমান বিদ্যালয় – দিল্লী পাব্লিক স্কুল, নেশ্যনেল পাব্লিক স্কুল আৰু ৰয়েল গ্ল’বেল স্কুলে শনিবাৰে বন্ধ ৰখাৰ সিদ্ধান্ত লৈছে। ইয়াৰে কিছুমানে আনকি এডভান্টেজ আছামৰ সু-পৰিচালনাৰ খাতিৰত  পৰীক্ষাৰ কাৰ্যসূচীৰো ৰদ-বদল কৰিছে।

লখৰা পথৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত অৱস্থিত বহুতো বিদ্যালয়ে মহানগৰীত বিশ্ব বিনিয়োগ সন্মিলন আৰম্ভ হ’বলগীয়া ৩ ফেব্ৰুৱাৰীৰ দিনটো বন্ধ ৰখাৰ বাবে নিৰ্দেশনাও লাভ কৰিছে।

দিল্লী পাব্লিক স্কুল(গুৱাহাটী)ৰ অধ্যক্ষৰ এক জাননীত কোৱা হৈছে,’’পি জি ওৱানৰ পৰা নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ২০১৮ৰ ৩ ফেব্ৰুৱাৰীত বিদ্যালয় বন্ধ থাকিব। পূৰ্বৰ নিৰ্দ্ধাৰিত কাৰ্যসূচী মতে অষ্টম শ্ৰেণীৰ কম্পিউটাৰ পৰীক্ষা ২০১৮ ৰ ৫ ফেব্ৰুৱাৰীলৈকে পিছুৱাই দিয়া হৈছে।‘

তাৎপৰ্যপূৰ্ণভাৱে, দিল্লী পাব্লিক স্কুল (খানাপাৰা)ই এনে ধৰণৰ কোনো জাননী জাৰি কৰা নাই। অৱশ্যে, বিনিয়োগ সন্মিলনস্থলীৰ ওচৰৰ তথা ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে অনুষ্ঠিত আন এখন বিদ্যালয় ৰয়েল গ্ল’বেল স্কুলে শনিবাৰে বিদ্যালয় বন্ধ ৰাখিছে।

মহানগৰীৰ আন বিদ্যালয়ৰ বাবে এই নিৰ্দেশ প্ৰযোজ্য নহয়। পানবজাৰৰ ডনবস্কো স্কুলৰ শিক্ষক ছাবাহ আহমেদে নিশ্চিত কৰি কৈছে যে শনিবাৰে তেওঁলোকৰ বিদ্যালয় খোলা থাকিব।

ইয়াৰ মাজতে শনিবাৰে ৰাষ্ট্ৰীয় ঘইপথৰ কাষৰ বিদ্যালয় বন্ধ ৰখাৰ বাবে জিলা প্ৰশাসনে নিৰ্দেশ দিছে নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত  ড০ এম অংগমুথুৱে অনুচ্চস্বৰে ‘নাই’ বুলি কয়।

গতিকে, জিলা প্ৰশাসনে এনে নিৰ্দেশ দিয়াটো অস্বীকাৰ কৰাৰ পিছত এইটো ৰহস্যজনক হৈ ধৰা দিছে যে বিদ্যালয়সমূহে শনিবাৰে তেওঁলোকৰ বিদ্যালয়সমূহ কিয় বন্ধ ৰখাৰ নিৰ্দেশ দিলে।

নবাৰুন গুহ

নবাৰুন গুহ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

June 29, 2026 10:04 pm
আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

June 29, 2026 9:44 pm
বিশ্বমঞ্চত পুনৰ সন্মানিত প্ৰধানমন্ত্ৰী মোদী : ছেচেলছ চৰকাৰে প্ৰদান কৰিলে বিশেষ ৰাষ্ট্ৰীয় সন্মান

বিশ্বমঞ্চত পুনৰ সন্মানিত প্ৰধানমন্ত্ৰী মোদী : ছেচেলছ চৰকাৰে প্ৰদান কৰিলে বিশেষ ৰাষ্ট্ৰীয় সন্মান

June 29, 2026 9:31 pm
‘অযৌক্তিক, অপেশাদাৰী’: টেনিছৰ ড’প পৰীক্ষাৰ নতুন নিয়মত ক্ষুব্ধ ২৩টা গ্ৰেণ্ড শ্লেমৰ গৰাকী ছেৰেনা উইলিয়ামছ

‘অযৌক্তিক, অপেশাদাৰী’: টেনিছৰ ড’প পৰীক্ষাৰ নতুন নিয়মত ক্ষুব্ধ ২৩টা গ্ৰেণ্ড শ্লেমৰ গৰাকী ছেৰেনা উইলিয়ামছ

June 29, 2026 9:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

June 29, 2026 10:04 pm
আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

June 29, 2026 9:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd