বিষ্ণু ৰাভা দিৱস : বিশ্বনাথ, নামৰূপত বৰ্ণাঢ্য আয়োজন

Bishnu_rabha

সমগ্ৰ ৰাজ্যৰ লগতে বিশ্বনাথ আৰু নামৰূপটো বিভিন্ন কাৰ্য্যসূচীৰে আজি ২০ জুনত উদযাপিত হয় বিষ্ণু ৰাভা দিৱস।

বিশ্বনাথ ঘাট

বিশ্বনাথ ঘাটৰ পুৰণি গাঁৱত অৱস্থিত বীণাপানি নাট্য মন্দিৰ প্ৰাঙ্গণত ৰংমন-ৰাংঢালী বিহুৱা দলৰ উদ্যোগত উদযাপিত বিষ্ণুপ্ৰসাদ ৰাভা দিৱসত পুৱাৰেপৰা  উদুলি-মুদুলি হৈ পৰে পৰিৱেশ। পুৱা প্ৰায় ৯ বজাত নাট্য মন্দিৰ প্ৰাংগণত পতাকা উত্তোলন কৰি কলাগুৰুগৰাকীৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ আৰু বন্তি প্ৰজ্জ্বলন কৰা হয়| ইয়াৰ পিছত কাৰ্যসূচী অনুযায়ী নাট্যমন্দিৰ চৌহদত শিশুসকলৰ মাজত প্ৰতিভা প্ৰদৰ্শন কৰাৰ বাবে ভেশচন প্ৰতিযোগিতা অনুষ্ঠিত হয়| সাম্প্ৰতিক সময়ত সমগ্ৰ দেশ কঁপোৱা নীলোৎপল-অভিজিত হত্যাকাণ্ডৰ লগতে কাজিৰঙা গঁড় হত্যাকো অভিনয়ৰ জৰিয়তে উপস্থাপন কৰে কণ কণ শিশুসকলে। শিশুসকলে চিত্ৰাংকণ প্ৰতিযোগিতাৰ লগতে বিষ্ণু ৰাভা সংগীত আৰু কবিতা আবৃত্তিটো ভাগ লয়| অনুষ্ঠানৰ মাজ ভাগত বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ উপস্থিত হৈ নৱ প্ৰজন্মৰ যুৱকসকলৰ উদ্যোগত হোৱা অনুষ্ঠানটি উদযাপন কৰাত প্ৰশংসা কৰাৰ লগতে  চমু বক্তব্য আগবঢ়ায়। পৰৱৰ্তী পৰ্যায়ত অনুষ্ঠানটিত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে বিশ্বনাথ হাইস্কুলৰ প্ৰধান শিক্ষক ডালিম চেত্ৰীৰ লগতে দীপক গজুৰেল আৰু মুৰুত বৰদলৈ| উল্লেখ্য যে প্ৰতিযোগিতাসমূহ সুচাৰুৰূপে পৰিচালনা কৰি নিয়াৰ লগতে পৰ্যবেক্ষক হিচাপে উপস্থিত থাকে কাজি জেইদুল ইছলাম ( বুবু ), পৰশমণি বৰঠাকুৰ,  উৎপল দাস আৰু উত্তম দাস| বৰেণ্য ব্যক্তিসকলক পৰিচয় কৰাবৰ বাবে আগন্তক সময়ত ৰংমন-ৰাংঢালী বিহুৱা দলে দৃঢ়তাৰে পদক্ষেপ লোৱাৰ কথা দলটোৰ সদস্যসকলে সদৰী কৰে| প্ৰতিযোগিতাৰ অন্তত স্থানপ্ৰাপ্ত ছাত্ৰ-ছাত্ৰীসকলক বঁটা বিতৰণৰ লগতে প্ৰশংসা পত্ৰ প্ৰদান কৰা হয়|

 

নামৰূপ

নামৰূপত সাহিত্য সভা, আছু, লেখিকা সমাৰোহ, সংগীত মহাবিদ্যালয়, তাপ বিদ্যুৎ কেন্দ্ৰ আদি বিভিন্ন অনুষ্ঠানে আজি বিষ্ণু ৰাভা দিৱস উদযাপন কৰে।

নামৰূপ সাহিত্য সভাই নিজা প্ৰেক্ষাগৃহত উদযাপন কৰা অনুষ্ঠানত ডিব্ৰুগড়ৰ সাংসদ ৰামেশ্বৰ তাঁতীয়ে সভাক ৫ লাখ টকাৰ চেক প্ৰদান কৰে।