DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 27, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বুমেৰাঙত পৰিণত মীন বিভাগৰ আঁচনি : পুখুৰী খন্দাৰ পাঁচমাহ পিছতো হিতাধীকাৰীয়ে নাপালে আঁচনিৰ ধন

শশাংক তালুকদাৰ by শশাংক তালুকদাৰ
April 6, 2018 1:17 pm
fisherwomen1

প্ৰতিনিধিত্বমূলক ফটো

1k
VIEWS
Share on FacebookShare on Twitter

ৰাজ্য চৰকাৰে মীন পালনৰ জৰিয়তে নিৱনুৱা যুৱকসকলক সংস্থাপনৰ উদ্দেশ্যে বিভিন্ন আঁচনি গ্ৰহণ কৰাৰ সময়তে বৰপেটা জিলা মীন বিভাগৰ অন্তৰ্গত জিলাখনৰ বেছিসংখ্যক মীন হিতাধিকাৰীয়ে আঁচনিৰ কাম ডিচেম্বৰ মাহতে সম্পূৰ্ণ কৰাৰ পিছতো আজিলৈকে বিভাগটোৰ পৰা এটা ফুটাকড়িও লাভ নকৰাত হিতাধিকাৰীসকল মীন বিভাগৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে।

জানিব পৰা মতে, অসম চৰকাৰৰ মীন বিভাগৰ ২০১৭-১৮ বৰ্ষৰ ৰাজ্যিক নিজস্ব অগ্ৰাধিকাৰ উন্নয়ন আঁচনি (SOPD, 2017-18)ৰ অধীনত ৰাজ্য চৰকাৰে আগ্রহী যুৱক- সকলৰ মীনপালনৰ জৰিয়তে সংস্থাপনৰ উদ্দেশ্যে নতুনকৈ পুখুৰী খন্দা আৰু সম্প্ৰসাৰণ কৰাৰ বাবে জিলা মীন বিভাগক দায়িত্ব অপৰ্ণ কৰে।

স্থানীয় বিধায়কৰ অনুমোদনৰ প্ৰয়োজন সাপেক্ষে আঁচনিখনৰ বাবে বৰপেটা জিলা মীন বিভাগে আগ্ৰহী মীন পালক যুৱকসকলৰ পৰা আবেদন সংগ্ৰহ কৰে। ইয়াৰ পিছতে মীন বিভাগৰ বিষয়াসকলে নিৰ্বাচিত হ’বলগীয়া হিতাধিকাৰীসকলৰ ঘৰলৈ আহি প্ৰয়োজনীয় ভূমি পৰীক্ষা কৰাৰ লগতে আৱশ্যকীয় সকলো তথ্যপাতি পৰীক্ষা কৰাৰ পিছত বিগত বৰ্ষৰ নৱেম্বৰ মাহত বিভাগটোৱে হিতাধিকাৰীসকলক পুখুৰী খন্দাৰ কাম আৰম্ভ কৰিবলৈ নিৰ্দেশ দিয়ে।

স্মৰ্তব্য যে বৰপেটা জিলা মীন বিভাগে হিতাধিকাৰীসকলক পুখুৰী খন্দাৰ বাবে এনেদৰে কঠোৰ নিৰ্দেশ দিয়ে যে এমাহৰ ভিতৰত পুখুৰীৰ কাম সম্পূৰ্ণ সমাপ্ত কৰিবই লাগিব অন্যথা আঁচনি বাতিল হ’ব।

এই নিৰ্দেশ লাভ কৰাৰ পিছতে দিক্‌ বিদিক হেৰুওৱা একাংশ হিতাধিকাৰীয়ে আনকি কেঁচা ধান পৰ্যন্ত অকালতে কাটি জেচিবি-ট্ৰেক্টৰেৰে পুখুৰী খন্দাৰ কাম আৰম্ভ কৰাৰ লগতে একাংশ হিতাধিকাৰীয়ে আনকি আনৰ পৰা টকা ধাৰলৈ আৰু সুতলৈ লৈ কাম আৰম্ভ কৰি সময়মতে সম্পূৰ্ণ কৰে। মীন বিভাগৰ পৰা হিতাধিকাৰীসকলক এমাহৰ ভিতৰত আঁচনিৰ ধন লাভ কৰিব বুলি আশ্বাস প্ৰদান কৰে।

ইয়ালৈকে সকলো ঠিকে থাকে আছিল যদিও মীন বিভাগৰ আশ্বাস আৰু ধন লাভৰ আশাত বন্দী হিতাধিকাৰীসকলে এমাহ নহয় দুমাহ তিনিমাহকৈ প্ৰায় পাঁচমাহ অতিক্ৰম কৰাৰ পিছতো মাৰ্চ এণ্ডিংৰ শেষদিনলৈকে টকা লাভ নকৰাত হিতাধিকাৰীসকলৰ আশাত চেঁচাপানী পৰাৰ লগতে বৰপেটা জিলা মীন বিভাগৰ বিষয়াসকলৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে দুৰ্ভগীয়া হিতাধিকাৰী নিবনুৱা যুৱকসকল।

এমাহৰ ভিতৰত আঁচনিৰ ধন লাভ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা মীন বিভাগৰ বৰপেটা জিলা মীন বিষয়া কিশোৰ ৰঞ্জন দাসৰ সোঁপাঢিলা স্বৰূপৰ বাবে জিলাখনৰ ৩৮ গৰাকী হিতাধিকাৰী বৃহৎ সংখ্যক ধন পুখুৰী খন্দাৰ নামত খটুওৱাৰ পাছতো আজিলৈকে এটকাও লাভ কৰিবলৈ সক্ষম নহ’ল।

জানিব পৰা মতে, বৰপেটা, শিৱসাগৰ আৰু কৰিমগঞ্জৰ বাহিৰে ৰাজ্যখনৰ অন্যান্য জিলাসমূহে এই আঁচনিৰ ধন লাভ কৰাৰ পিছতো বৰপেটা জিলাৰ হিতাধিকাৰীসকল বঞ্চিত হোৱা ঘটনাই বৰপেটা জিলা মীন বিভাগৰ সোঁপাঢিলা স্বৰূপ উদঙাই দিছে। আনৰ পৰা ধাৰ-সুত লৈ পুখুৰী খান্দি বৰ্তমান দিশহাৰা হৈ পৰা বঞ্চিত হিতাধিকাৰীসকলে যদি অতিশীঘ্ৰে আঁচনিৰ ধন লাভ নকৰে তেন্তে মীন বিভাগৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচীও গ্ৰহণ কৰাৰ হুংকাৰ প্ৰদান কৰিছে।

ইপিনে, বৰপেটা জিলা মীন বিভাগৰ পৰা যাৱতীয় সকলো তথ্য বিভাগীয়ভাৱে জমা দিয়াৰ পিছতো বিত্তীয় বৰ্ষৰ শেষ দিনটোলৈ ৰাজ্যৰ বিত্ত বিভাগে চিলিং মুকলি কৰি নিদিয়াৰ বাবে হিতাধিকাৰীসকল বঞ্চিত হ’বলগীয়া হোৱা বুলি কৈয়ে দায়িত্ব সামৰা কাৰ্যই ক্ষোভিত কৰি তুলিছে মীন হিতাধিকাৰীসকলক।

কিন্তু প্ৰশ্ন হয় কাৰ ভুলৰ বাবে এই নিৱনুৱা যুৱক, দুখীয়া হিতাধিকাৰীসকল ধন লাভৰ পৰা বঞ্চিত হ’বলগীয়া হ’ল সেয়া মীন বিভাগৰ উৰ্ধতন কৰ্তৃপক্ষ আৰু মীন মন্ত্ৰীয়ে উত্তৰ দিব পাৰিবনে নে পুনৰ সময় প্ৰদান কৰিয়ে মীন বিভাগে আঁচনি ৰূপায়ণ কৰিব সেয়া এক ডাঙৰ প্ৰশ্ন হিচাপে বিবেচিত হৈছে। ধন লাভৰ আশাত বন্দী হিতাধিকাৰীসকলে বর্তমান চলি থকা বিধানসভাৰ অধিৱেশনত বিভাগীয় মন্ত্ৰীয়ে এই কথা সদৰি কৰিব বুলি আশা কৰিছে।

Recent News

Alia Bhatt: বিয়াৰ আঢ়ৈ মাহৰ ভিতৰতে অন্ত:সত্তা আলিয়া ভাট! ছ’চিয়েল মিডিয়াত নিজেই দিলে ভাল খবৰ

Alia Bhatt: বিয়াৰ আঢ়ৈ মাহৰ ভিতৰতে অন্ত:সত্তা আলিয়া ভাট! ছ’চিয়েল মিডিয়াত নিজেই দিলে ভাল খবৰ

Boris Johnson Gets Chased By Police

কি জগৰ লগালে বৰিছ জনছনে! ষ্টেডিয়ামত জনছনক ধৰিবলৈ পিছে পিছে দৌৰিল পুলিচ

Johnny Depp: জনি ডেপক জেক স্পেৰো চৰিত্ৰত পৰ্দালৈ উভতিবলৈ ২৫৩৫ কোটি টকাৰ প্ৰস্তাৱ ডিজনীৰ!

Johnny Depp: জনি ডেপক জেক স্পেৰো চৰিত্ৰত পৰ্দালৈ উভতিবলৈ ২৫৩৫ কোটি টকাৰ প্ৰস্তাৱ ডিজনীৰ!

HS Result 2022

উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত শিৱসাগৰৰ সাফল্য: ৰাজ্যৰ ভিতৰত স্থান লাভ তিনিগৰাকীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd