DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 7, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বেডমিণ্টন এছ’চিয়েশ্যন অৱ ইণ্ডিয়াৰ সভাপতিৰূপে নিৰ্বাচিত ড০ হিমন্ত বিশ্ব শৰ্মা

এন ই নাও নিউজ by এন ই নাও নিউজ
April 4, 2018 9:58 am
Himanta Biswa Sarma
97
VIEWS
Share on FacebookShare on Twitter

বেডমিণ্টন এছ’চিয়েশ্যন অৱ ইণ্ডিয়াৰ সভাপতি পদত বিনা প্ৰতিদ্বণ্ডিতাৰে নিৰ্বাচিত হৈছে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। মঙলবাৰে গোৱাত অনুষ্ঠিত বেডমিণ্টন সন্থাৰ বাৰ্ষিক সাধাৰণ সভাত ড০ শৰ্মাক চাৰিবছৰীয়া কাৰ্যকালৰ বাবে নিৰ্বাচিত কৰে।

মনকৰিবলগীয়া যে ৩১ খন স্বীকৃতিপ্ৰাপ্ত ৰাজ্যিক সন্থাৰ ৬১ গৰাকী সংগঠকে বাৰ্ষিক সাধাৰণ সভাত নিজৰ ভোটদান সাব্যস্ত কৰি কমিটিখন গঠন কৰে।

অসম বেডমিণ্টন সন্থাৰ সাধাৰণ সম্পাদক ওমৰ ৰছিদে সম্পাদক(ইভেণ্ট) পদত আৰু মহাৰাষ্ট্ৰ বেডমিণ্টন সন্থাৰ প্ৰতিনিধি অৰুণ লাখনিয়ে জ্যেষ্ঠ উপ-সভাপতি পদত বিনা প্ৰতিদ্বণ্ডিতাৰে নিৰ্বাচিত হয়।

উল্লেখ্য যে সন্থাৰ প্ৰাক্তন সভাপতি ড০ অখিলেশ দাসগুপ্তাৰ বিয়োগ ঘটাত অসমৰ স্বাস্থ্য আৰু বিত্ত মন্ত্ৰী ড০ শৰ্মাই প্ৰায় এবছৰ ধৰি সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি হিচাপে দায়িত্ব পালন কৰি আহিছে।

ইফালে বেডমিণ্টন সন্থাৰ সভাপতি হিচাপে নিৰ্বাচিত হৈ ড০ শৰ্মাই নিজৰ মত প্ৰকাশ কৰি কয় যে মোক সভাপতি হিচাপে নিৰ্বাচিত কৰাৰ বাবে সকলো বিষয়ববীয়াকে ধন্যবাদ জ্ঞাপন কৰিলো। ইয়াৰ উপৰি তেওঁৰ কাৰ্যকালত ভাৰতীয় বেডমিণ্টনক বিশ্ব পৰ্যায়ত এক আগশাৰীৰ পৰ্যায়লৈ লৈ যোৱাৰ বাবে সকলো প্ৰকাৰৰে যত্ন কৰিব বুলিও উল্লেখ কৰে।

কালি অনুষ্ঠিত হোৱা বাৰ্ষিক অধিৱেশনতে পৰৱৰ্তী কাৰ্যকালৰ বাবে সভাপতি, জ্যেষ্ঠ সভাপতি, ১২গৰাকী উপসভাপতি, তিনিগৰাকী সম্পাদক, আঠগৰাকী যুটীয়া সম্পাদক আৰু ১৬ গৰাকী কাৰ্যকৰী সমিটিৰ সদস্যসহ ৪২ জনীয়া কমিটি গঠন কৰে।

বাৰ্ষিক সাধাৰণ সভাত নিৰ্বাচনী বিষয়া হিচাপে উপস্থিত থাকে জন্মু-কাশ্মীৰ আৰু ছিকিম উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ ড০ আফতাব হুছেইন শইকীয়া।

উল্লেখযোগ্য যে দিল্লীৰ কমলেশ বাৰ্মা নামৰ এজন লোকে যোৱা ৩০ জানুৱাৰিত দেশৰ শীৰ্ষতম আদালতত অসমৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বেডমিণ্টন এছ’চিয়েশ্যন অৱ ইণ্ডিয়াৰ দায়িত্বৰ পৰা আঁতৰাবৰ বাবে এখন ৰাজহুৱা স্বাৰ্থজনিত আবেদন দাখিল কৰিছিল।

উক্ত আবেদনখনত কোৱা হৈছে যে ভাৰতৰ ক্ৰিকে’ট নিয়ন্ত্ৰণ ব’ৰ্ড সন্দৰ্ভত ন্যায়াধীশ আৰ এম লোধাই পূৰ্বে দিয়া এটা ৰায়ত যিহেতু এজন মন্ত্ৰী বা এজন চৰকাৰী বিষয়া কোনো এটা ক্ৰীড়া সংস্থাৰ বিষয়ববীয়া হ’ব নোৱাৰে তেন্তে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এই দায়িত্বত থকাটো সম্পূৰ্ণ বে-আইনী।

ইফালে আবেদনখন যোৱা ৫ মাৰ্চত উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰে যদিও এতিয়া এই ক্ষেত্ৰত নৱনিৰ্বাচিত সভাপতি ড০ শৰ্মাৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত লক্ষ্যণীয় হ’ব।

Recent News

হাতত মিঠাতেলৰ বটল, সন্মুখত গেছ চিলিণ্ডাৰ লৈ অভিনৱ প্ৰতিবাদ অসম প্ৰদেশ কংগ্ৰেছৰ

হাতত মিঠাতেলৰ বটল, সন্মুখত গেছ চিলিণ্ডাৰ লৈ অভিনৱ প্ৰতিবাদ অসম প্ৰদেশ কংগ্ৰেছৰ

MS Dhoni Birhday

শুভ জন্মদিন কেপ্তেইন কুল

bhagwant mann marriage

জীৱনৰ আন এক ইনিংছ আৰম্ভ কৰিলে ভগৱন্ত মানে: বিয়াত বহিল পঞ্জাৱৰ মুখ্যমন্ত্ৰী

Boris Johnson Resigns

কেলেংকাৰীৰ অভিযোগে কাঢ়িলে চকী: ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছনৰ পদত্যাগ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd