• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বোকাখাতত দুদিনীয়াকৈ আয়োজিত কেন্দ্ৰীয় বসন্ত উৎসৱৰ সামৰণি

উত্তম শইকীয়া by উত্তম শইকীয়া
May 11, 2018 3:45 pm
IMG_20180509_112544
109
VIEWS
Share on FacebookShare on Twitter

বোকাখাতৰ কেন্দ্ৰীয় বিহুতলিত দুদিনীয়াকৈ অনুষ্ঠিত হৈ যায় বোকাখাতৰ ঐতিহ্যময় কেন্দ্ৰীয় বসন্ত উৎসৱ ২০১৮। প্ৰথম দিনা উদযাপন সমিতিৰ সভাপতি তথা কেবিনেট মন্ত্ৰী অতুল বৰাই পতাকা উত্তোলন কৰি উৎসৱৰ শুভাৰম্ভ কৰে। স্মৃতি তৰ্পণ কৰে সদৌ অসম সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱাই ৷

পতাকা উত্তোলন কাৰ্যসূচীৰ পাছতেই কেন্দ্ৰীয় বিহুৰ সৈতে জন্মলগ্নৰে পৰা জড়িত থকা সাত গৰাকী জেষ্ঠ ব্যক্তিক উদযাপন সমিতিৰ হৈ সভাপতি অতুল বৰাই সম্বৰ্ধনা জনায় ৷ ইয়াৰ পাছতেই কেন্দ্ৰীয় বসন্ত উৎসৱৰ লগত সংগতি ৰাখি উলিওৱা বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষক মানবেন্দ্ৰ দেৱ ৰয়ে ৷

শোভাযাত্ৰাত অসমৰ বাৰেৰহণীয়া কৃষ্টি সংস্কৃতি পৰিৱেশন কৰাৰ লগতে বোকাখাতৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সাংস্কৃতিক দলসমূহে অংশ গ্ৰহন কৰে ৷

কেন্দ্ৰীয় বসন্ত উৎসৱৰ প্ৰথম দিনা সদৌ অসম ভিত্তিত বৰ বিহুৱতী, মৌ বিহুৱতী আৰু হুচৰি প্ৰতিযোগিতা অনুষ্ঠিত হয়৷ প্ৰতিযোগিতা উদ্বোধন কৰে অমৰ কাকতিয়ে৷

বৰ বিহুৱতী প্ৰতিযোগিতাত শিৱসাগৰৰ শতাব্দী কলিতাই প্ৰথম, নুমলীগড় শোধনাগাৰৰ নগৰাঞ্চলৰ সংস্কৃতি দেউৰী দ্বিতীয় আৰু গোলাঘাটৰ নয়না ভৰালীয়ে তৃতীয় স্থান লাভ কৰে৷ মৌবিহুৱতী প্ৰতিযোগিতাত ডিগবৈৰ প্ৰিয়ানী বৰগোহাঁই প্ৰথম, বৰপথাৰৰ ত্ৰিদিশা কোঁৱৰ আৰু গোলাঘাটৰ অলিম্পি শ্ৰেয়ম গগৈ যুটীয়া ভাৱে দ্বিতীয় আৰু বোকাখাতৰ নন্দিতা শইকীয়াই তৃতীয় স্থান লাভ কৰে৷ একেদৰে সদৌ অসম ভিত্তিত অনুষ্ঠিত হোৱা হুচৰি প্ৰতিযোগিতাত শিৱসাগৰৰ জাঁজীপৰীয়া বিহুদল প্ৰথম, গোলাঘাটৰ মৈদামনিৰ নৱ উদিত যুৱ সংঘ দ্বিতীয় আৰু গোলাঘাট নাওশলীয়াৰ বৰহমথুৰি ৰংমন হুচৰি দলে তৃতীয় স্থান লাভ কৰে৷

আনহাতে কেন্দ্ৰীয় বসন্ত উৎসৱৰ লগত সংগতি ৰাখি আয়োজন কৰা মাৰাথন দৌৰ প্ৰতিযোগিতাত খুমটাইৰ মহেশ ৰাজোৱাৰ, বিহৰাৰ ঋষি গুপ্তা আৰু ৰজাবাৰীৰ বৰুণ দলে ক্ৰমে প্ৰথম তিনিটা স্থান লাভ কৰিবলৈ সক্ষম হয়৷

কাজিৰঙাৰ দিৰিং চাৰিআলিৰ পৰা আৰম্ভ হোৱা এই মাৰাথন দৌৰ প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰে বোকাখাতৰ মহকুমা আৰক্ষী বিষয়া বিতুল চেতিয়াই৷

ইফালে দ্বিতীয় দিনা মহিলাৰ আৰু ছাত্ৰ ছাত্ৰীৰ মাজত বিশেষ অনুষ্ঠান অনুষ্ঠিত হয় ৷ সন্ধিয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয় সাংস্কৃতিক অনুষ্ঠান৷ মন্ত্ৰী অতুল বৰাই উদ্বোধন কৰা এই সাংস্কৃতিক সন্ধিয়াত জনপ্ৰিয় কণ্ঠ শিল্পী চাজন নায়ক, ৰঞ্জিত গগৈ আৰু গীতালি কাকতিয়ে অনুষ্ঠান পৰিবেশন কৰে ৷

বঁটা বিতৰণী অনুষ্ঠানতে ‘আমাৰ প্ৰয়াস’ নামৰ এখন আলোচনীও উন্মোচন কৰা হয় ৷ আলোচনীখন উন্মোচন কৰে কেবিনেট মন্ত্ৰী অতুল বৰাই।

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd