• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বোকাখাতত ধনশিৰি নদীৰ বানে পুনৰ প্ৰাণ ল’লে এজনৰ; মৃত্যুৰ সংখ্যা দুজনলৈ বৃদ্ধি

NE NOW NEWS উত্তম শইকীয়া
বোকাখাত , August 3, 2018 12:34 pm

2 min read

বানপানী

প্ৰতিনিধিত্বমূলক চিত্ৰ

108
VIEWS
Share on FacebookShare on Twitter

নাগালেণ্ডৰ পৰা নামি অহা ধলে গোলাঘাটৰ সৰুপথাৰ বৰপথাৰৰ লগতে বোকাখাত মহকুমাৰ নুমলীগড়ৰ বিস্তীৰ্ণ অঞ্চল প্লাৱিত কৰাত এতিয়া বিভিষিকাময় পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ সমান্তৰালকৈ ধনশিৰি নদীৰ প্ৰলয়ংকাৰী বানে পুনৰ প্ৰাণ ল’লে এজন লোকৰ।

ধনশিৰি নদীৰ জলপৃষ্ঠ অভাৱনীয় ভাৱে বৃদ্ধি পোৱাত বোকাখাত মহকুমাৰ বিভিন্ন অঞ্চলত ৰাইজৰ মাজত হাহকাৰ পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ সময়তে মহকুমাটোৰ চিনাকানত পানীত পৰি পুনৰ এজন লোকৰ মৃত্যু হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে।

জানিব পৰা মতে মৃত লোকজন বোকাখাতৰ শিঙাদৰীয়া গাঁৱৰ নিবাসী নিতাৰাম দাস ৷ মৃত ব্যক্তিজন যোৱা বুধবাৰে সন্ধিয়া নামঘৰত বন্তি জ্বলাই ঘুৰি অহাৰ পৰাই নিৰুদ্দেশ হৈ আছিল৷ আজি পুৱা ধনশিৰি নদীৰ মেটেকাত লাগি থকা অৱস্থাত নিতাৰাম দাসৰ মৃতদেহ উদ্ধাৰ হয়৷

অৱশ্যে মৃত্যুৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই যদিও পৰিয়াল কেন্দ্ৰিক সংঘাতৰ বাবেই নিতাৰাম দাসে পানীত জপিয়াই আত্মহত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে৷ এতিয়া আৰক্ষীৰ অনুসন্ধানতহে পোহৰলৈ আহিব প্ৰকৃত সত্য।

উল্লেখযোগ্য যে নিতাৰাম দাসৰ লগতে ধনশিৰি নদীৰ বাঢ়নি বানত এতিয়ালৈকে দুজন লোকে কৰুণ মৃত্যুক সাবটিবলগীয়া হোৱাৰ উপৰি এজন লোক নিৰুদ্দেশ হৈ থকা ঘটনাই স্বাভাৱিকতে বোকাখাত মহকুমাবাসীৰ মাজত উদ্বিগ্নতা তথা শংকা বৃদ্ধি পাইছে।

ইফালে আজি পুৱাৰ পৰা বোকাখাতৰ নুমলীগড়ত ধনশিৰি নদীৰ পানী সামান্য পৰিমানে হ্ৰাস পোৱা বুলি প্ৰশাসনে জনায়।

Recent News

a mori

সংকটজনক অৱস্থাত চিকিৎসাধীন মাছৰ কৰ্মী বৈকুণ্ঠ শইকীয়া: আৰ্থিক সাহায্যৰ আহ্বান

depressed-sad-young-female-holdin

তাহানিতে স্বামীৰ সৈতে উঠা ছবিত নাপালে নিজকে চিনি! তাৰপিছত কি কৰিলে এইগৰাকী সন্দেহবাদী মহিলাই?

Gita Gopinath

‘নতুন কৃষি আইনে কৃষকৰ আয় বৃদ্ধি কৰাৰ সম্ভাৱনা আছে’; IMFৰ মুখ্য অৰ্থনীতিবিদ গীতা গোপীনাথ

Sourav-Ganguly

বুকুত প্ৰচণ্ড বিষ— পুনৰ অসুস্থ সৌৰভ গাংগুলী, চিকিৎসালয়ত ভৰ্তি

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd