• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেডৰ উদ্যোগত ব’হাগী উৎসৱ পালন

অভীক চক্ৰবৰ্তী by অভীক চক্ৰবৰ্তী
May 18, 2018 7:43 pm
bohagi utsav Bcpl
201
VIEWS
Share on FacebookShare on Twitter

ডিব্ৰুগড়স্থিত ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেড চমুকৈ বিচিপিএল আৰু বিচিপিএলৰ ষ্টাফ ৱেলফেয়াৰ কমিটীয়ে বৃহস্পতিবাৰে বিচিপিএলৰ আৱাসিক এলেকাত চতুৰ্থ ব’হাগী উৎসৱ পালন কৰে। উৎসৱৰ কাৰ্যসূচীৰ মাজেৰে অসমৰ বিভিন্ন স্থানৰ সংগীত আৰু নৃত্যৰ সমাহাৰেৰে অসমৰ নিভাঁজ সংস্কৃতিক তুলি ধৰা হয়।

ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেডৰ পৰিচালন সঞ্চালক এ কে সিঙে বিহুৰ পতাকা উত্তোলন কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰে। ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেডৰ লেপেটকটা চৌহদৰ সমীপত থকা দেৱানবাৰী গাঁওৰৰ এটা দলে হুঁচৰি প্ৰদৰ্শন কৰে।

অইন বাৰতকৈ এইবাৰ সুকীয়া ধৰণেৰে ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেডৰ ষ্টাফ ৱেলফেয়াৰ কমিটীয়ে ব’হাগী উৎসৱ পালন কৰিছে, য’ত অসমৰ বাৰেৰহণীঁয়া সংস্কৃতিক প্ৰতিনিধিত্ব কৰা বিভিন্ন অনুষ্ঠানৰ কাৰ্যসূচীৰ মাজেৰে তুলি ধৰা হ’ব।

আবেলি ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেডৰ পৰিচালন সঞ্চালক এ কে সিং, বিত্ত সঞ্চালক ও পি টেইলৰ আৰু মুখ্য কাৰ্যকৰী বিষয়া পি নাগেশে আদি কৰি বিশিষ্ট লোকসকলে বন্তি প্ৰজ্জলন কৰি অনুষ্ঠান মুকলি কৰে।

ব্ৰহ্মপুত্ৰ চেম্বাৰ্ছ অব কইৰ নামৰ বিচিপিএলৰ ঘৰুৱা উদ্যোগৰ সাংগীতিক গোটটোৱে বৰগীত, হোলীগীত, লোকগীত, জিকিৰ, গোৱালপৰীয়া গীত, বনগীত আৰু বিহুৰ এক সন্মীলিত সমৱেত সংগীত পৰিৱেশন কৰে। এই ব’হাগী উৎসৱ আয়োজন কৰাৰ পূৰ্বে ষ্টাফ ৱেলফেয়াৰ কমিটীয়ে আৱাসিক এলেকাটোৰ মহিলা আৰু শিশুসকলক উদগণি দিয়াৰ বাবে এসপ্তাহযোৰা বিহু নৃত্য কৰ্মসালাৰ আয়োজন কৰে।

এই কৰ্মশালাই শিসুসকলৰ আত্মবিশ্বাস বৃদ্ধি কৰি তোলাই নহয়, তেওঁলোকক মঞ্চত প্ৰদৰ্শন কৰাৰ বাবেও আত্মবিশ্বাসী কৰি তোলে। অন্যন্য কাৰ্যসূচীৰ ভিতৰত আছিল নৃত্যাংগন কলাকেন্দ্ৰৰ দ্বাৰা পৰিৱেশিত ভোৰতাল নৃত্য, বৰবৰুৱা চাহ বাগিচাৰ শিল্পীসকলৰ দ্বাৰা পৰিৱেশিত হুঁচৰি আৰু ঝুমুৰ।  এই ব’হাগী উৎসৱত ডিব্ৰুগড়ৰ প্ৰেৰণা প্ৰতিবন্ধী নামৰ বিশেষভাৱে সক্ষম লোকসকলৰ আৱাসীসকলেও যোগদান কৰিছিল।

প্ৰেৰণা প্ৰতিবন্ধীৰ প্ৰদৰ্শনে শ্ৰোতাসকলক মোহমুগ্ধ কৰি ৰাখি বুজাই দিছিল যে ইচ্ছাশক্তি থাকিলে সকলো সম্ভৱপৰ হয়।

সাংস্কৃতিক অনুষ্ঠানৰ অংশ হিচাপে ডিব্ৰুগড়ৰ নিউজ এণ্ড কমিক্‌ছ গ্ৰুপটোৱে তেওংলোকৰ প্ৰতিভা প্ৰদৰ্শন কৰে। গায়ক মৃণাল মন বৰুৱা আৰু তেওঁৰ গ্ৰুপটোৱেও তেওঁলোকৰ সুমধুৰ সংগীতেৰে শ্ৰোতাক আনন্দ প্ৰদান কৰে। ষ্টাফ ৱেলফেয়াৰ কমিটী আৰু বিহু উদ্‌যাপন কমিটীৰ এই উদ্যোগক সকলোৱেই প্ৰশংসা কৰিছে।

Recent News

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd