DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 8, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ব্ৰহ্মপুত্ৰ নদীৰ পানী এতিয়াও খোৱাৰ উপযোগী হৈ আছে : কেন্দ্ৰীয় ৰাজ্যিক জলসম্পদ মন্ত্ৰী

এন ই নাও নিউজ by এন ই নাও নিউজ
December 29, 2017 4:15 pm
981
VIEWS
Share on FacebookShare on Twitter

কালি সংসদত জলসম্পদ মন্ত্ৰ্যালয়ৰ ৰাজ্যিক মন্ত্ৰী অৰ্জুনৰাম মেঘাৱলে এক বিবৃত্তিত কয় যে ব্ৰহ্মপুত্ৰ নদীৰ পানী এতিয়াও খোৱাৰ উপযোগী হৈ আছে। টাটিং আৰু পাছিঘাটৰ পৰা সংগ্ৰহ কৰা চিয়া্ং নদীৰ পানীৰ নমুনা পানীৰ গুণাগুণ পৰীক্ষাগাৰত পৰীক্ষা কৰা হৈছে। এই পৰীক্ষাৰ প্ৰতিবেদনে দেখুৱাইছে যে পৰীক্ষিত সকলো উপাদান গ্ৰহণযোগ্য সীমাৰ ভিতৰতে আছে। ঘোলা হোৱাটোৰ বাদে খোৱাপানীৰ ক্ষেত্ৰত ভাৰতীয় মানক ব্যুৰোৱে (BIS 10500:2012) নিৰ্ধাৰণ কৰি দিয়া মানৰ ভিতৰতে সকলো আছে।
তেওঁ লগতে কয় যে অৰুণাচল প্ৰদেশৰ জনস্বাস্থ্য কাৰিকৰী আৰু পানীযোগান বিভাগে পাচিঘাটৰ পৰা সংগ্ৰহ কৰা পানীৰ নমুনাৰ গুণাগুণ পৰীক্ষা কৰি পোৱা ফলাফলত গেদ আৰু আইৰন গ্ৰহণযোগ্য সীমাতকৈ বেছি দেখা গৈছে।
ইয়াৰোপৰি পাচিঘাট আৰু জোনাইৰ পৰা সংগ্ৰহ কৰা চিয়াং নদীৰ পানীৰ NERIWALM এ কৰা পদাৰ্থ-ৰাসায়নিক বিশ্লেষণে দেখুৱাইছে যে এলুমিনিয়াম আৰু আইৰন খোৱাপানীত থকা গ্ৰহণযোগ্য মাত্ৰাতকৈ অধিক আছে।

উল্লেখযোগ্য যে ব্ৰহ্মপুত্ৰৰ এটা প্ৰধান সুঁতি চিয়াং নদীৰ পানী অলপ দিনৰ পূৰ্বে হঠাতে অস্বাভাৱিক মাত্ৰাত ঘোলা পৰা ঘটনাটোৱে নদীপৰীয়া ৰাইজক শংকিত কৰি তুলিছিল। এই কাৰণৰ লগতে উজনিৰ নদীখনত চীনৰ গোপন কাৰ্য্যসূচীয়ে এনে কৰিছে বুলি এক দেশজুৰি হৈ চৈৰ সৃষ্টি হৈছিল। ফলত দাবী উঠিছিল কেন্দ্ৰীয় চৰকাৰৰ অনুসন্ধান তথা পানীৰ পৰীক্ষা ভিত্তিক এক প্ৰতিবেদনৰ।

কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীজনে কয় যে জলপৃষ্ঠৰ উচ্চতাত হোৱা পৰিৱৰ্তনক কেন্দ্ৰীয় জল আয়োগে টাটিঙত নিৰীক্ষণ কৰিছে আৰু এইটো গম পোৱা গৈছে যে ১৮ নৱেম্বৰৰ পৰা ১৯ নৱেম্বৰৰ ভিতৰত উচ্চতা প্ৰায়  ১.৯ মিটাৰ হ্ৰাস পোৱাৰ লগতে প্ৰবাহ ৫০ শতাংশ হ্ৰাস পাইছিল। সংসদত মন্ত্ৰীজনে কয় যে চিয়াং নদীৰ এই পৰিৱৰ্তন ভূমিস্খলন বা ভূমিকম্প বা উজনিৰ অংশত চলা যিকোনো নিৰ্মাণকাৰ্যৰ বাবেও হ’ব পাৰে। সীমান্তৰ সিপাৰে হোৱা এনে কোনো সক্ৰিয়তা বা ঘটনাৰ বিষয়ে জানিব পৰা হোৱা নাই।

‘প্ৰকৃত কাৰণটো এতিয়াও জানিব পৰা হোৱা নাই। অলপতে চীনৰ বৈদেশিক মন্ত্ৰীৰ ভাৰত ভ্ৰমণৰ সময়ত চিয়াং নদীৰ পানীৰ অস্বাভাৱিক পৰিৱৰ্তনকে ধৰি আন্তঃসীমাত থকা নদীবোৰ সম্পৰ্কীয় কথাবোৰ চীনৰ ওচৰত উত্থাপন কৰা হৈছে।’ মেঘৱালে কয়।

Recent News

মহানগৰীত দুৰ্ঘটনাত ছাত্ৰীৰ মৃত্যু: চিচিটিভি ফুটেজ ‘ফাদিল’ কৰা বাবে বিধানসভাৰ মাৰ্শ্বালকে ধৰি তিনিজনক নিলম্বন

মহানগৰীত দুৰ্ঘটনাত ছাত্ৰীৰ মৃত্যু: চিচিটিভি ফুটেজ ‘ফাদিল’ কৰা বাবে বিধানসভাৰ মাৰ্শ্বালকে ধৰি তিনিজনক নিলম্বন

‘চকুৰ টিপ’ মাৰি ভাইৰেল হোৱা প্ৰিয়াক ক্ষুব্ধ পৰিচালকে কিয় ক’লে, ‘স্মৃতিশক্তি বৃদ্ধিৰ দৰৱ খোৱা’

‘চকুৰ টিপ’ মাৰি ভাইৰেল হোৱা প্ৰিয়াক ক্ষুব্ধ পৰিচালকে কিয় ক’লে, ‘স্মৃতিশক্তি বৃদ্ধিৰ দৰৱ খোৱা’

ট্ৰাম্পৰ প্ৰচাৰকে ধৰি বিভিন্ন সমালোচনাৰ সন্মুখীন হৈ চিএনএনৰ মুৰব্বী ক্ৰিছ লিচৰ পদত্যাগ

ট্ৰাম্পৰ প্ৰচাৰকে ধৰি বিভিন্ন সমালোচনাৰ সন্মুখীন হৈ চিএনএনৰ মুৰব্বী ক্ৰিছ লিচৰ পদত্যাগ

গুৱাহাটীত দুৰ্ঘটনাত ছাত্ৰীৰ মৃত্যু: দোষ নাই স্কুল বাছ চালকৰ! দুৰ্ঘটনাৰ বাবে দোষী হ’ব চৰকাৰ?

গুৱাহাটীত দুৰ্ঘটনাত ছাত্ৰীৰ মৃত্যু: দোষ নাই স্কুল বাছ চালকৰ! দুৰ্ঘটনাৰ বাবে দোষী হ’ব চৰকাৰ?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd