• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বড়ো ছাত্ৰ-ছাত্ৰীক আছুত যোগদান কৰিবলৈ আহ্বান হাগ্ৰামাৰ

NE NOW NEWS ৰিনয় বসুমতাৰী
কোকৰাঝাৰ , February 9, 2018 10:26 am

2 min read

Untitled
88
VIEWS
Share on FacebookShare on Twitter

বড়ো ছাত্ৰ-ছাত্ৰীসকলক আছুত যোগদান কৰাৰ বাবে আহ্বান জনাইছে বি টি চি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ৷

কোকৰাঝাৰত অনুষ্ঠিত ছাত্ৰ নেতা নাছিৰ হুছেইন আছু স্বৰ্ণকাপ ভলীবল প্ৰতিযোগিতাৰ কালি নিশাৰ সামৰণি অনুষ্ঠানত হাগ্ৰামা মহিলাৰীয়ে এই আহ্বান জনায় ৷

এই ক্ষেত্ৰত তেওঁ নিজে প্ৰচাৰ কৰিব বুলি সভাত সদৰি কৰে ৷

অহা ১০ ফেব্ৰুৱাৰীত কোকৰাঝাৰত অনুষ্ঠিত হ’বলগীয়া বড়োলেণ্ড দিৱসৰ দিনাও তেওঁ সকলোকে এই আহ্বান জনাব বুলি উল্লেখ কৰি বড়ো ছাত্ৰ-ছাত্ৰীসকলক আছুত যোগদানৰ সুবিধা প্ৰদান কৰিবলৈ আছুৰ নেতৃবৃন্দক অনুৰোধ জনায় ।

শান্তি সম্প্ৰীতি বৰ্তাই ৰাখিবলৈ তথা ভুল বুজাবুজি আঁতৰ কৰিবলৈ আৰু আছুক জোৰদাৰ কৰিবলৈকে বড়ো ছাত্ৰ ছাত্ৰী সকল আছুত যোগদানৰ প্ৰয়োজনীয়তা আছে বুলি উল্লেখ কৰি এইক্ষেত্ৰত তেওঁ নিজেই ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰিব বুলি মন্তব্য কৰে ৷

ইফালে উক্ত সভাতে উপস্থিত থকা এবছুৰ সাধাৰণ সম্পাদক লৰেন্স ইছলাৰীয়ে মহিলাৰীৰ ভাষণৰ পিছতে বক্তব্য ৰাখি আছুৰে এবছুৰ সম্পৰ্ক অটুট থাকিব বুলি কয় ৷

সভাত আছুৰ সভাপতি আৰু সাধাৰণ সম্পাদক দীপাংক নাথ আৰু লুৰিনজ্যোতি গগৈয়ে চৰকাৰক ক্ৰীড়া নীতি প্ৰস্তুত কৰিবলৈ আহ্বান  জনায় ৷

ইপিনে আছুৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই অসমত এখন ক্ৰীড়া বিশ্ববিদ্যালয় আৰু কোকৰাঝাৰত এখন ক্ৰীড়া মহাবিদ্যালয় প্ৰতিষ্ঠা কৰাৰ বাবে চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছে ।

উল্লেখ্য যে যোৱা ৮ ফেব্ৰুৱাৰীৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে কোকৰাঝাৰৰ বালাজান তিনালীৰ গৌৰাং হাইস্কুলৰ খেলপথাৰত আৰম্ভ হোৱা আছুৰ নাছিৰ হুছেইন আন্ত: জিলা স্বৰ্ণ কাপ ভলীবল প্ৰতিযোগিতাখন অন্ত পৰে আৰু বৰপেটা দলে বিজয়ীৰ খিতাপ লাভ কৰে ।

আনহাতে বিজিত দলৰ খিতাপ লাভ কৰে গোৱালপাৰা আছুৰ দলে । কালিৰ অনুষ্ঠানতে প্ৰাক্তন ৰাষ্ট্ৰীয় ফুটবল খেলুৱৈ ছাজেন বসুমতৰীক সম্বৰ্ধনা জনোৱা হয়।

 

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd