• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বৰনগৰ সাৰ্বজনীন ৰঙালী বিহু সন্মিলনীৰ চতুৰ্থ ব’হাগী উৎসৱৰ ব্যাপক প্ৰস্তুতি

NE NOW NEWS ইয়াছিন আলী
কোকিলা , April 8, 2018 11:04 am

2 min read

Jorhat-Jun-Biri-Jeng-Bihu-Dal-practice-10-570x320

প্ৰতিনিধিত্বমূলক ফটো

251
VIEWS
Share on FacebookShare on Twitter

আন বৰ্ষৰ দৰে এই বেলিও বৰপেটা জিলাৰ বৰনগৰ সাৰ্বজনীন ৰঙালী বিহু সন্মিলনীৰ উদ্যোগত ৰঙালী বিহু উদযাপনৰ বাবে ব্যাপক প্ৰস্তুতি চলিছে। তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে এইবেলি ৰঙালী বিহু উদযাপনৰ বাবে আয়োজক সমিতিয়ে যাৱতীয় প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে।

১ ব’হাগৰ পুৱা ৯ বজাত পতাকা উত্তোলনেৰে আনুষ্ঠানিকভাৱে ৰঙালী বিহু উদযাপনৰ কাৰ্যসূচী আৰম্ভ কৰা হ’ব । পতাকা উত্তোলন কৰিব বৰনগৰৰ এগৰাকী বিশিষ্ট ব্যক্তি তৰুন দাসে।

পুৱা ১০ বজাত স্থানীয় শ্বহীদ পৰিয়ালে শ্বহীদ তৰ্পন কৰাৰ পিছতে ১০ বাজি ৩০ মিনিটত খেল ধেমালি অনুষ্ঠিত হ’ব।  ১১ বজাত সৰভোগৰ প্ৰাক্তন সৈনিক সন্থাৰ সম্পাদক গোকুল দাসে বৃক্ষৰোপন কাৰ্যসূচী আৰম্ভ কৰিব। দুপৰীয়া ১২ বজাত মৌ কুঁৱৰী প্ৰতিযোগিতা(৬ বছৰৰ পৰা ১১ বছৰ)  উদ্বোধন কৰিব মেদা নিচুকা জিলা পৰিষদৰ সদস্য মহেন্দ্ৰ দাসে।

বিয়লি ২ বজাত সৰু বিহুৱতী প্ৰতিযোগিতা (১১ বছৰৰ পৰা ১৮ বছৰ), সন্ধিয়া ৫ বজাত বিহুৱতী প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ লগতে গধূলি ৮ বজাত স্থানীয় শিল্পীৰ দ্বাৰা অনুষ্ঠিত হ’বলগীয়া সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব সৰভোগ আৰক্ষী থানাৰ আৰক্ষী পৰিদৰ্শক,ভাৰপ্ৰাপ্ত বিষয়া সঞ্জীৱ দাসে।

সেইদৰে ২ ব’হাগৰ পুৱা ১০ বজাত ভেশচন প্ৰতিযোগিতা, ১০ বাজি ৩০ মিনিটৰ পৰা ৰচী টনা আৰু টেকেলী ভঙা আদি খেল অনুষ্ঠিত হ’ব। বিয়লি ২ বাজি ৩০ মিনিটৰ পৰা আৰম্ভ হ’বলগীয়া মুকলি বিহু প্ৰতিযোগিতাখন উদ্বোধন কৰিব বৰনগৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া মানস কুমাৰ শইকীয়াই। নিশা ৮ বাজি ৩০ মিনিটৰ পৰা বৰ্ণিল সাংস্কৃতিক অনুষ্ঠান আৰম্ভ হ’ব।

৩ ব’হাগৰ পুৱা ১০ বজাৰ পৰা চিত্ৰাংকন প্ৰতিযোগিতা, ১ বজাৰ পৰা প্ৰাইজমানি দিহা নাম প্ৰতিযোগিতা ,৫ বজাত মঞ্চ মুকলি আৰু বঁটা বিতৰণ অনুষ্ঠান আৰম্ভ হ’ব। এই অনুষ্ঠানৰ উদ্বোধক হিচাপে উপস্থিত থাকিব বৰনগৰ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক শংকৰ দাস। ইয়াৰ লগতে বন্তি প্ৰজ্বলন কৰিব বৰনগৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বীৰেন কুমাৰ চক্ৰৱতী আৰু সৰভোগ নগৰ সমিতিৰ সভাপতি প্ৰদীপ দাসে।

মুকলি অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব স্থানীয় বিধায়ক ৰনজিৎ কুমাৰ দাস। সন্ধিয়াৰ বিশেষ সাংস্কৃতিক সন্ধিয়াত অন্যান্য শিল্পীৰ লগতে সংগীত পৰিৱেশন কৰিব জনপ্ৰিয় কণ্ঠশিল্পী জীনা ৰাজকুমাৰী আৰু বন্দনা বৰুৱাই।

আয়োজক সমিতিয়ে মুকলি বিহুৰ প্ৰথম পুৰস্কাৰ ৩১ হাজাৰ, দ্বিতীয় পুৰস্কাৰ ২১ হাজাৰ, মৌ কুঁৱৰীৰ প্ৰথম পুৰস্কাৰ ২ হাজাৰ, দ্বিতীয় পুৰস্কাৰ ১ হাজাৰ, সৰু বিহুৱতীৰ প্ৰথম পুৰস্কাৰ ৩ হাজাৰ, দ্বিতীয় পুৰস্কাৰ ২ হাজাৰ, বিহুৱতীৰ প্ৰথম পুৰস্কাৰ ৫ হাজাৰ আৰু দ্বিতীয় পুৰস্কাৰ ৩ হাজাৰ টকা আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে।

 

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd