DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, January 27, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বৰপেটাত শিক্ষকৰ দৰমহাৰ বিল অনলাইনৰ নামত উৎকোচ সংগ্ৰহৰ অভিযোগ

পুলেন্দ্ৰ দাস by পুলেন্দ্ৰ দাস
February 1, 2018 10:33 pm
Q1OSKR7D42
81
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যৰ উচ্চ আৰু নিম্ন প্ৰাথমিক বিদ্যালয়ৰ স্নাতক শিক্ষকসকলে ছয়মাহে দৰমহাৰ পৰা বঞ্চিত হৈ আৰ্থিক সংকটত ভোগাৰ সময়তে দৰমহাৰ বিল অনলাইনৰ নামত উৎকোচ সংগ্ৰহৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে বৰপেটা জিলাত।

উল্লেখ্য যে, উচ্চ আৰু নিম্ন প্ৰাথমিক স্নাতক শিক্ষকসকলৰ ‘গ্ৰেড-পে’ বৃদ্ধিক কেন্দ্ৰ কৰি বিগত ছয়মাহে এই শিক্ষকসকলৰ বন্ধ হৈ আছে দৰমহা।

পূৰ্বতে স্নাতক শিক্ষকসকলক ৰাজ্যৰ বিত্ত বিভাগে ৮৭০০ গ্ৰেড-পে দৰমহা আদায় দিছিল যদিও সপ্তম দৰমহা আয়োগৰ পিচতে এই শিক্ষকসকলৰ গ্ৰেড-পে হ্ৰাস কৰি ৬৮০০ কৰে।

ৰাজ্যৰ বিত্ত বিভাগৰ এই সিদ্ধান্ত কোনো কাৰণতে মানি লোৱা নাছিল এই শিক্ষকসকলে। পিচত স্নাতক মজলীয়া শিক্ষক কল্যাণ সমিতিয়ে পূৰ্বৰ হাৰত গ্ৰেড-পে আদায় দিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত এক গোচৰ তৰিছিল।

এই গোচৰৰ শুনানী গ্ৰহণ কৰি উচ্চ ন্যায়ালয়ে শিক্ষকসকলক পূৰ্বৰ হাৰতে গ্ৰেড-পে আদায় দিবলৈ ৰায়দান দিছিল। কিন্তু ৰাজ্যৰ বিত্ত বিভাগে আজিও শিক্ষকসকলক পূৰ্বৰ হাৰত আদায় নিদিয়াত দৰমহাৰ পৰা বঞ্চিত হৈ থাকিবলগীয় হৈছে দুৰ্ভগীয়া শিক্ষকসকল।

তীব্ৰ আৰ্থিক সংকটত ভোগা একাংশ শিক্ষকে সদ্যহতে ৬৮০০ গ্ৰেড-পেত দৰমহা ল’বলৈ মান্তি হৈছে। ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰ লগতে বৰপেটা জিলাতো আৰ্থিক সংকটত ভোগা উচ্চ আৰু নিম্ন প্ৰাথমিক স্নাতক বহু শিক্ষকে ৬৮০০ গ্ৰেড-পেত দৰমহা ল‘বলৈ মান্তি হৈ ইতিমধ্যে শিক্ষা বিভাগৰ সংশ্লিষ্ট কাৰ্যালয়ত বিভাগীয় প্ৰক্ৰিয়া আৰম্ভ কৰিছে।

জানিব পৰা মতে, এই শিক্ষকসকলক সদ্যহতে আগষ্ট মাহৰ দৰমহা আদায় দিয়াৰ বাবে জিলাখনৰ প্ৰতিটো খণ্ড শিক্ষা বিভাগৰ কাৰ্যালয় আৰু জিলা উপ-পৰিদৰ্শকৰ কাৰ্যালয়ত প্ৰক্ৰিয়া আৰম্ভ হৈছে। আগষ্ট মাহৰ দৰমহা আদায় দিয়াৰ পিচত পুনৰ তিনিমাহৰ দৰমহাৰ বিল আদায় দিয়াৰ বাবেও প্ৰস্তুতি আৰম্ভ হৈছে।

কিন্তু বৰপেটাৰ কেবাটাও শিক্ষা খণ্ডত দৰমহাৰ বিলক লৈ ব্যাপক উৎকোচ সংগ্ৰহৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। জিলাখনৰ বৰপেটা, চেঙা, মন্দিয়া, ৰূপসী আদি খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়সমূহত বিল অনলাইন কৰা, একাউণ্টচ্ Îট্ৰন্সফাৰ কৰা আদিৰ নামত একাংশ কৰ্মচাৰীয়ে শিক্ষকসকলৰ পৰা ধন আদায় লোৱা বুলি অভিযোগ উত্থাপন হৈছে।

যি সময়ত এই শিক্ষকসকলে ছয়মাহ দৰমহাৰ পৰা বঞ্চিত হৈ আৰ্থিক সংকটত ভূগিবলগা হৈছে সেই সময়ত একাংশ বিষয়া-কৰ্মচাৰীসকলে দৰমহাৰ নামত উৎকোচ দাবী কৰা বিষয়টোৱে বিভিন্নজন শিক্ষকক ক্ষুব্ধ কৰি তুলিছে।

একমাত্ৰ নিজৰ চাকৰিটোৰ স্বাৰ্থতে বহু শিক্ষকে মুকলিভাৱে প্ৰতিবাদ কৰিবলৈ সাহস কৰিব পৰা নাই বুলিও জানিবলৈ দিয়ে। অতি শীঘ্ৰে শিক্ষকসকলৰ দৰমহা মুকলি কৰি দিয়াৰ ক্ষেত্ৰত শিক্ষা বিভাগৰ উৰ্দ্ধতন কৰ্তৃপক্ষৰ প্ৰত্যক্ষ হস্তক্ষেপ কামনা কৰিছে শিক্ষকসকলে।

Recent News

ইজিপ্তত ৪,০০০ বছৰৰ পিছত উদ্ধাৰ হৈছে সোণেৰে মেৰিয়াই থোৱা এটা মমি

ইজিপ্তত ৪,০০০ বছৰৰ পিছত উদ্ধাৰ হৈছে সোণেৰে মেৰিয়াই থোৱা এটা মমি

ইতিহাস ৰচিলে ইউটিউবাৰ গৌৰৱ তানেজাই; আমেৰিকাৰ আকাশত নিৰ্মাণ ভাৰতৰ সৰ্ববৃহৎ মানচিত্ৰ

ইতিহাস ৰচিলে ইউটিউবাৰ গৌৰৱ তানেজাই; আমেৰিকাৰ আকাশত নিৰ্মাণ ভাৰতৰ সৰ্ববৃহৎ মানচিত্ৰ

‘সময় পাৰ হ’ল’: আদানি গ্ৰুপক কটাক্ষ আমেৰিকাৰ প্ৰতিষ্ঠানৰ; গোচৰ তৰাৰ বাবে প্ৰত্যাহ্বান

‘সময় পাৰ হ’ল’: আদানি গ্ৰুপক কটাক্ষ আমেৰিকাৰ প্ৰতিষ্ঠানৰ; গোচৰ তৰাৰ বাবে প্ৰত্যাহ্বান

চোমালিয়াত আমেৰিকাৰ সেনাৰ অভিযানত নিহত শীৰ্ষ আই এছ কমাণ্ডাৰ বিলাল আল-ছুদানী

চোমালিয়াত আমেৰিকাৰ সেনাৰ অভিযানত নিহত শীৰ্ষ আই এছ কমাণ্ডাৰ বিলাল আল-ছুদানী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd