• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, April 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বৰপেটাৰোডৰ আল আমিন নগৰত দেহ ব্যৱসায় চলোৱাৰ অভিযোগত ৫জনক আটক

NE NOW NEWS এন ই নাও নিউজ
বৰপেটাৰোড , January 24, 2018 8:14 am

1 min read

বৰপেটাৰোডৰ আল আমিন নগৰত দেহ ব্যৱসায় চলোৱাৰ অভিযোগত ৫জনক আটক

প্ৰতি

190
VIEWS
Share on FacebookShare on Twitter

ভাৰাঘৰৰ মালিকৰ দুৰ্বলতাৰ সুযোগ লৈ বহু দিনৰ পৰাই ভাৰাতীয়াসকলে দেহ ব্যৱসায়ৰ দৰে অসামাজিক কাম-কাজ চলাই থকাত বৰপেটাৰোডৰ আল আমিন নগৰৰ স্থানীয় ৰাইজ অতিষ্ঠ হৈ নিজেই ব্যৱস্থা ল’বলৈ আগ বাঢ়ি আহে। কালি সন্ধিয়াৰ ভাগত অঞ্চলটোৰ ৰাইজে মুক্তাৰ আলী দেৱান নামৰ এজন ব্যক্তিৰ ভাৰাঘৰত অতৰ্কিতে অভিযান চলাই এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। জানিব পৰা মতে মুক্তাৰ আলীৰ ভাৰাঘৰত থাকি ভাৰাতীয়াসকলে দেহ ব্যৱসায় চলাই আহিছে বহু দিনৰ পৰাই। স্থানীয় ৰাইজে অভিযোগ দিয়া সত্ত্বেও মালিক মুক্তাৰ আলীয়ে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল। ফলত অতিষ্ঠ ৰাইজে নিজে ভাৰাঘৰত প্ৰৱেশ কৰি গৰৈমাৰিৰ সমৰেশ আলী, কহিনুৰ খাতুন আৰু আনোৱাৰা খাতুনক আটক কৰে। ঘটনাৰ খবৰ পাই আৰক্ষী উপস্থিত হয় আৰু তিনিওজনকে আৰু লগতে মালিক মুক্তাৰ আলী আৰু তেওঁৰ পত্নী ৰেজিয়া খাতুনকো থানালৈ আনে। ক্ষুভিত ৰাইজে মুক্তাৰ আলীৰ বিৰুদ্ধেও বিভিন্ন অভিযোগ আনে আৰু তেওঁ অঞ্চলটোৰ পৰিৱেশ নষ্ট হোৱাত অৰিহণা যোগোৱা বুলি অভিযোগ কৰে। স্থানীয় ৰাইজ আৰক্ষী থানালৈ গৈ দোষীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’বলৈ দাবী জনায়।

আনহাতে সূত্ৰটোৱে জনোৱা মতে, আল আমিন নগৰত অসামাজিক কাম-কাজে গা কৰি উঠা বুলি অভিযোগৰ পৰিপ্ৰেক্ষিতত আৰক্ষীয়ে এখন সমিতিও গঠন কৰি দিছিল। তাৰ পিছতো অঞ্চলটোৰ পৰিৱেশ বিনষ্ট কৰাৰ বাবে স্থানীয় কিছু সংখ্যক লোকে চেষ্টা কৰি থকাত ৰাইজ জাঙুৰ খাই উঠিছে।

Recent News

COVID19-image-credit-Odishatv-750x375

গোলাঘাটত দৈনিক বাঢ়িছে ক’ভিড পজিটিভৰ সংখ্যা; যোৱা ২৪ ঘন্টাত ১১ জন ক’ভিড ৰোগী চিনাক্ত

Park-street

পাঁচ মহলীয়া আট্টালিকাৰ পৰা পাঁচ যুৱতীৰ একেলগে জঁপিযাই আত্মহত্যাৰ চেষ্টা : ক’ত আৰু কিয়?

_100707788_a30f995d-99d8-4eeb-a521-1250a29e53e9

উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ ভাৰোত্তোলক মীৰাবাই চানুৰ নতুন অভিলেখ স্থাপন

index.jpg8

কৰোনাৰ আতংকত কঁপিছে দেশ! : ২ সপ্তাহৰ লকডাউন ঘোষণা এখন ৰাজ্যত; কোন ৰাজ্য?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd