• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বৰপেটা উন্নয়ন খণ্ডৰ কাৰ্যালয়ত নিখিল ভাৰত কৃষক সভাৰ উদ্যোগত সহস্ৰাধিক পুৰুষ-মহিলাৰ উত্তাল প্ৰতিবাদ

পুলেন্দ্ৰ দাস by পুলেন্দ্ৰ দাস
January 19, 2018 10:13 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘ভাল দিন’ আৰু ‘পৰিৱৰ্তন’ অনাৰ প্ৰতিশ্ৰুতি দি কেন্দ্ৰ আৰু ৰাজ্যৰ ক্ষমতাৰ গাদীত বহা বিজেপি চৰকাৰৰ জনবিৰোধী নীতিৰ প্ৰতিবাদত আজি দেশজুৰি প্ৰতিবাদ দিৱস পালন কৰে নিখিল ভাৰত কৃষক সভাই।

কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰখনে নিৰ্বাচনৰ সময়ত প্ৰদান কৰা অত্যাবশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ, কৃষকৰ ঋণ ৰেহাই, কৃষকৰ ফচলৰ লাভজনক দাম নিৰ্দ্ধাৰণ, কৃষি উৎপাদন ২ শতাংশ বৃদ্ধি, কৰ্মহীন লোকসকলৰ বাবে বছৰত ২ কোটি কৰ্মসংস্থাপন সৃষ্টি কৰা আদি প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰাত চূড়ান্তভাৱে ব্যৰ্থ হোৱাৰ অভিযোগ তুলি এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

Apply Now

এই কাৰ্যসূচীৰ অংশ হিচাপে বৰপেটা জিলাৰ এঘাৰটা স্থানত কৃষক সভাই প্ৰতিবাদ দিৱস পালন কৰে।  বাউসী আঞ্চলিক কৃষক সভাই বৰপেটা জিলাৰ কেওঁটকুছিস্থিত বৰপেটা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত প্ৰতিবাদ দিৱস উপলক্ষে অৱস্থান বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে।

বাউসী আঞ্চলিক কৃষক সভাৰ উদ্যোগত ৰূপায়ণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীত অংগনবাড়ী কৰ্মী-সহায়িকা, মধ্যাহ্ন ভোজন কৰ্মচাৰী, আশা কৰ্মী, এন এইচ এমৰ অধীনস্থ কৰ্মচাৰী আদিকে ধৰি বিভিন্ন আঁচনিভুক্ত সহস্ৰাধিক কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে।

প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰা কৰ্মচাৰীসকলে বিভিন্ন শ্লোগান দি উত্তাল কৰি তোলে খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়। প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি নিখিল ভাৰত কৃষক সভাৰ বৰপেটা জিলা সমিতিৰ সম্পাদক আজিজুৰ ৰহমানে ভাষণ প্ৰসংগত কয় যে, সম্প্ৰতি কেন্দ্ৰ আৰু ৰাজ্যৰ শাসনত অধিষ্ঠিত বিজেপি নেতৃত্বাধীন চৰকাৰ দুখনে সম্পূৰ্ণৰূপে জনবিৰোধী নীতি গ্ৰহণ কৰিছে।

কেন্দ্ৰৰ বিজেপি চৰকাৰৰ প্ৰায় চাৰিবছৰীয়া শাসন কালত ঔষধ পাতি, ৰন্ধন গেছ, কেৰ’চিন, পিয়াজ, শাক-পাচলি আদি সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে পূৰ্বৰ সকলো ৰেকৰ্ড অতিক্ৰম কৰিছে। দুখীয়া লোকৰ বাবে প্ৰবৰ্তন কৰা খাদ্য নিৰাপত্তা আইনখনো সঠিক ৰূপে ৰূপায়ণ কৰাত ব্যৰ্থ হৈছে বুলি ৰহমানে মন্তব্য কৰে। চৰকাৰ দুখনে কৰ্মসংস্থান সৃষ্টি কৰাৰ পৰিৱৰ্তে কৰ্ম সংকোচন নীতিহে গ্ৰহণ কৰা বুলিও মন্তব্য কৰে আজিজুৰ ৰহমানে।

আনহাতে, এই প্ৰতিবাদী কাৰ্যসূচীত বৰপেটাৰ কৃষক নেতা দীপক  দাস আৰু চি আই টি ইউ-ৰ হৈ গীতিমা তালুকদাৰেও ভাষণ প্ৰদান কৰে। প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত খণ্ড উন্নয়ন বিষয়াৰ জৰিয়তে বৰপেটাৰ উপায়ুক্ত আৰু মুখ্যমন্ত্ৰীলৈ পৃথকে পৃথকে স্মাৰকপত্ৰ প্ৰেৰণ কৰা হয়।

স্মাৰকপত্ৰৰ জৰিয়তে মূল্যবৃদ্ধি ৰোধ কৰা, জীৱনদায়িনী ঔষধৰ মূল্য হ্ৰাস কৰা, ৰন্ধন গেছকে ধৰি অত্যাবশ্যকীয় সামগ্ৰীৰ বৰ্দ্ধিত মূল্য প্ৰত্যাহাৰ কৰা, খাদ্য নিৰাপত্তা আইন যথাযথভাৱে  প্ৰয়োগ কৰা, অসংগঠিত ক্ষেত্ৰৰ শ্ৰমিকৰ মজুৰি ১৮,০০০ কৈ টক নিৰ্দ্ধাৰণ কৰা, কৰ্মহীন লোকসকলক সংস্থাপন দিয়াৰ ব্যৱস্থা কৰা, অনাময় আঁচনি সঠিকভাৱে ৰূপায়ণ কৰা আদিকে ধৰি কেবাটাও গুৰুত্বপূৰ্ণ দাবী উত্থাপন কৰে।

বৰপেটা জিলাৰ এঘাৰটা স্থান ক্ৰমে বৰপেটাৰ কেওঁটকুছি, মন্দিয়া, কলগাছিয়া, বৰনগৰ, গোবৰ্দ্ধনা, সৰুপেটা, পাটাছাৰকুছি, পাকাবেতবাৰী, চেঙা, গোমাফুলবাৰী আৰু সৰুক্ষেত্ৰীত কৃষক সভাই প্ৰতিবাদ দিৱস পালন কৰে।

উল্লেখ্য যে, ১৯৮০ চনৰ ১৯ জানুৱাৰীত তামিলনাডুত আৰক্ষীৰ গুলীত দহজন শ্ৰমিক নিহত হোৱাৰ ঘটনাৰ স্মৃতিত পালন কৰি অহা শ্ৰমিক-কৃষক মৈত্ৰী দিৱস আজি দেশজুৰি নিখিল ভাৰত কৃষক সভা, নিখিল ভাৰত কৃষক শ্ৰমিক ইউনিয়ন আৰু চি আই টি ইউ-ই প্ৰতিবাদ দিৱস হিচাপে পালন কৰে।

পুলেন্দ্ৰ দাস

পুলেন্দ্ৰ দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm
হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

July 30, 2026 2:38 pm
চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

July 30, 2026 12:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm
হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

July 30, 2026 2:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd