• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বৰাক উপত্যকাত কৃষি বিশ্ববিদ্যালয় আৰু পাৰ্বত্য জিলাত উদ্যান শস্য বিশ্ববিদ্যালয় স্থাপন কৰিব চৰকাৰে

এন ই নাও নিউজ by এন ই নাও নিউজ
March 6, 2018 10:32 pm
CM assam
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৰাক উপত্যকা আৰু পাৰ্বত্য এলেকাত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান স্থাপনেৰে ৰাজ্যৰ বাকী অংশৰ সমানে আগ বঢ়াই নিয়াৰ লক্ষ্যৰে আজি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে।

আজি জনতা ভৱনত অনুষ্ঠিত কৃষি বিভাগৰ এক পৰ্য্যলোচনামূলক বৈঠকত বৰাক উপত্যকাত এখন কৃষি বিশ্ববিদ্যালয় আৰু পাৰ্বত্য অঞ্চলত এখন উদ্যান শস্য বিশ্ববিদ্যালয় স্থাপনৰ বাবে যাৱতীয় পদক্ষেপ ল’বলৈ কৃষি বিভাগক নিৰ্দেশ দিয়ে মুখ্য মন্ত্ৰীজনে। এই বিশ্ববিদ্যালয়কেইখনত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলে যাতে শিক্ষা লাভৰ সুযোগ পায় তাৰ বাবেও ব্যৱস্থা কৰিবলৈ কয়।

Apply Now

আনহাতে ৰাজ্যখনৰ ফ্লৰাইড, আৰ্চেনিক ইত্যাদিৰ দ্বাৰা আক্ৰান্ত অঞ্চলসমূহক সহজে চিনাক্ত কৰাৰ বাবে ৱাটাৰ হেল্থ কাৰ্ড সমগ্ৰ ৰাজ্যখনতে প্ৰস্তুত কৰিবলৈও মুখ্য মন্ত্ৰীয়ে বিভাগটোক নিৰ্দেশ দিয়ে। এই সন্দৰ্ভত মুখ্য মন্ত্ৰীজনে কয় যে ৱাটাৰ হেল্থ কাৰ্ড প্ৰস্তুত হৈ উঠিলে ফ্লৰাইড, আৰ্চেনিক ইত্যাদিৰ দ্বাৰা আক্ৰান্ত অঞ্চলসমূহ সহজেই চিনাক্ত কৰা সম্ভৱ হ’ব। তাৰ ভিত্তিত ইয়াৰ প্ৰতিকাৰৰ ব্যৱস্থা ল’ব পৰা যাব।

ৰাজ্যখনত ছইল হেল্থ কাৰ্ড প্ৰস্তুতকৰণ প্ৰক্ৰিয়াটো যাতে খৰতকীয়াকৈ কৰিব পাৰি তাৰ বাবে অসম কৃষি বিশ্ববিদ্যালয়ক জড়িত কৰাৰ ব্যৱস্থা কৰাৰ লগতে ব্যক্তিগত লেবৰেটৰি মুকলি কৰাৰ ক্ষেত্ৰতো প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে কৃষি বিভাগক উদ্যোগ ল’বলৈ নিৰ্দেশ দিয়ে।

বৈঠকত কৃষি বিভাগে মাটিৰ গুণাগুণ পৰীক্ষা কৰাৰ বাবে ইতিপূৰ্বে ২৮ লাখ কৃষকৰ পৰা কৃষিভূমিৰ নমুনা সংগ্ৰহ কৰা হৈছে বুলি মুখ্য মন্ত্ৰীক জনায়। মুখ্য মন্ত্ৰীজনে ইয়াৰ ফলাফলৰ ভিত্তিত জি আই এছ মেপিং প্ৰস্তুত কৰাৰ ব্যৱস্থা কৰিবলৈ কৃষি বিভাগক নিৰ্দেশ দিয়ে।

আনহাতে ৰাজ্যখনত বাহিৰৰ পৰা অহা বীজৰ মান অসমত প্ৰৱেশ কৰাৰ লগে লগে পৰীক্ষা কৰাৰ ব্যৱস্থা ল’বলৈও নিৰ্দেশ দিয়ে। বীজসমূহ যাতে উন্নতমানৰ হয় আৰু কৃষক যাতে আকাংক্ষিত ফচল পোৱাৰ পৰা বঞ্চিত নহয়, সেইটো নিশ্চিত কৰাৰ বাবে এই পৰীক্ষা কৰিবলৈ কয়।

কৃষি বিভাগে ইতিপূৰ্বে ৰাজ্যখনৰ ৬টা স্থানত ই-মাৰ্কেটিং চেণ্টাৰ স্থাপন কৰা প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে বুলি মুখ্য মন্ত্ৰীক অৱগত কৰে। তাৰ প্ৰত্যুত্তৰত প্ৰতিখন জিলাতে ই-মাৰ্কেটিং চেণ্টাৰ স্থাপনৰ নিৰ্দেশ দিয়ে।

বৈঠকত মুখ্য মন্ত্ৰীৰ লগতে কৃষি মন্ত্ৰী অতুল বৰা, মুখ্য মন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামী, কৃষি বিভাগৰ দায়িত্বত থকা অতিৰিক্ত মুখ্য সচিব কে কে মিট্টাল, মুখ্য মন্ত্ৰীৰ প্ৰধান সচিব সঞ্জয় লোহিয়া, কৃষি, উদ্যান শস্য, বীজ নিগমকে ধৰি কৃষি বিভাগৰ উচ্চ পদস্থ বিষয়াসকল উপস্থিত আছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 22, 2026 9:47 pm
আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

September 22, 2026 7:46 pm
৪৮ হাজাৰ কোটিৰ মহাপ্ৰকল্প! চাপৰত আদানিৰ ৩২০০ মেগাৱাট তাপ বিদ্যুৎ কেন্দ্ৰৰ আধাৰশিলা

৪৮ হাজাৰ কোটিৰ মহাপ্ৰকল্প! চাপৰত আদানিৰ ৩২০০ মেগাৱাট তাপ বিদ্যুৎ কেন্দ্ৰৰ আধাৰশিলা

September 22, 2026 7:24 pm
প্ৰতিবাদলৈ কিয় ইমান বাধা? শিৱসাগৰ ৰে’ল ষ্টেচনত বানপীড়িতক ৰোধৰ অভিযোগ

প্ৰতিবাদলৈ কিয় ইমান বাধা? শিৱসাগৰ ৰে’ল ষ্টেচনত বানপীড়িতক ৰোধৰ অভিযোগ

September 22, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 22, 2026 9:47 pm
আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

September 22, 2026 7:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd