• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, February 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বৰাক উপত্যকাত কৃষি বিশ্ববিদ্যালয় আৰু পাৰ্বত্য জিলাত উদ্যান শস্য বিশ্ববিদ্যালয় স্থাপন কৰিব চৰকাৰে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 6, 2018 10:32 pm

2 min read

CM assam
96
VIEWS
Share on FacebookShare on Twitter

বৰাক উপত্যকা আৰু পাৰ্বত্য এলেকাত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান স্থাপনেৰে ৰাজ্যৰ বাকী অংশৰ সমানে আগ বঢ়াই নিয়াৰ লক্ষ্যৰে আজি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে।

আজি জনতা ভৱনত অনুষ্ঠিত কৃষি বিভাগৰ এক পৰ্য্যলোচনামূলক বৈঠকত বৰাক উপত্যকাত এখন কৃষি বিশ্ববিদ্যালয় আৰু পাৰ্বত্য অঞ্চলত এখন উদ্যান শস্য বিশ্ববিদ্যালয় স্থাপনৰ বাবে যাৱতীয় পদক্ষেপ ল’বলৈ কৃষি বিভাগক নিৰ্দেশ দিয়ে মুখ্য মন্ত্ৰীজনে। এই বিশ্ববিদ্যালয়কেইখনত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলে যাতে শিক্ষা লাভৰ সুযোগ পায় তাৰ বাবেও ব্যৱস্থা কৰিবলৈ কয়।

আনহাতে ৰাজ্যখনৰ ফ্লৰাইড, আৰ্চেনিক ইত্যাদিৰ দ্বাৰা আক্ৰান্ত অঞ্চলসমূহক সহজে চিনাক্ত কৰাৰ বাবে ৱাটাৰ হেল্থ কাৰ্ড সমগ্ৰ ৰাজ্যখনতে প্ৰস্তুত কৰিবলৈও মুখ্য মন্ত্ৰীয়ে বিভাগটোক নিৰ্দেশ দিয়ে। এই সন্দৰ্ভত মুখ্য মন্ত্ৰীজনে কয় যে ৱাটাৰ হেল্থ কাৰ্ড প্ৰস্তুত হৈ উঠিলে ফ্লৰাইড, আৰ্চেনিক ইত্যাদিৰ দ্বাৰা আক্ৰান্ত অঞ্চলসমূহ সহজেই চিনাক্ত কৰা সম্ভৱ হ’ব। তাৰ ভিত্তিত ইয়াৰ প্ৰতিকাৰৰ ব্যৱস্থা ল’ব পৰা যাব।

ৰাজ্যখনত ছইল হেল্থ কাৰ্ড প্ৰস্তুতকৰণ প্ৰক্ৰিয়াটো যাতে খৰতকীয়াকৈ কৰিব পাৰি তাৰ বাবে অসম কৃষি বিশ্ববিদ্যালয়ক জড়িত কৰাৰ ব্যৱস্থা কৰাৰ লগতে ব্যক্তিগত লেবৰেটৰি মুকলি কৰাৰ ক্ষেত্ৰতো প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে কৃষি বিভাগক উদ্যোগ ল’বলৈ নিৰ্দেশ দিয়ে।

বৈঠকত কৃষি বিভাগে মাটিৰ গুণাগুণ পৰীক্ষা কৰাৰ বাবে ইতিপূৰ্বে ২৮ লাখ কৃষকৰ পৰা কৃষিভূমিৰ নমুনা সংগ্ৰহ কৰা হৈছে বুলি মুখ্য মন্ত্ৰীক জনায়। মুখ্য মন্ত্ৰীজনে ইয়াৰ ফলাফলৰ ভিত্তিত জি আই এছ মেপিং প্ৰস্তুত কৰাৰ ব্যৱস্থা কৰিবলৈ কৃষি বিভাগক নিৰ্দেশ দিয়ে।

আনহাতে ৰাজ্যখনত বাহিৰৰ পৰা অহা বীজৰ মান অসমত প্ৰৱেশ কৰাৰ লগে লগে পৰীক্ষা কৰাৰ ব্যৱস্থা ল’বলৈও নিৰ্দেশ দিয়ে। বীজসমূহ যাতে উন্নতমানৰ হয় আৰু কৃষক যাতে আকাংক্ষিত ফচল পোৱাৰ পৰা বঞ্চিত নহয়, সেইটো নিশ্চিত কৰাৰ বাবে এই পৰীক্ষা কৰিবলৈ কয়।

কৃষি বিভাগে ইতিপূৰ্বে ৰাজ্যখনৰ ৬টা স্থানত ই-মাৰ্কেটিং চেণ্টাৰ স্থাপন কৰা প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে বুলি মুখ্য মন্ত্ৰীক অৱগত কৰে। তাৰ প্ৰত্যুত্তৰত প্ৰতিখন জিলাতে ই-মাৰ্কেটিং চেণ্টাৰ স্থাপনৰ নিৰ্দেশ দিয়ে।

বৈঠকত মুখ্য মন্ত্ৰীৰ লগতে কৃষি মন্ত্ৰী অতুল বৰা, মুখ্য মন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামী, কৃষি বিভাগৰ দায়িত্বত থকা অতিৰিক্ত মুখ্য সচিব কে কে মিট্টাল, মুখ্য মন্ত্ৰীৰ প্ৰধান সচিব সঞ্জয় লোহিয়া, কৃষি, উদ্যান শস্য, বীজ নিগমকে ধৰি কৃষি বিভাগৰ উচ্চ পদস্থ বিষয়াসকল উপস্থিত আছিল।

Recent News

pashim Guwahati Samasti

কি হ’ব পশ্চিম গুৱাহাটীত? মিত্ৰজোঁটত ফাঁট, বিজেপিৰ দাবী তেওঁলোকৰহে ভেটি শক্তিশালী

a ghana

বিশ্ব স্বাস্থ্য সংস্থাৰ COVAX আঁচনি: ঘানালৈ ভাৰতে প্ৰেৰণ কৰিলে ৬ লাখ কোভিড ভেকচিন

AJP

বিজেপি এতিয়া দুৰ্নীতি আৰু ছিণ্ডিকেটৰ পক্ষত সহনশীল দল: এজেপি

প্ৰধানমন্ত্ৰীক দীঘল দাড়ি কাটিবলৈ আহ্বান কংগ্ৰেছী আৰ. পি.শৰ্মাৰ; তেতিয়াহে হ’ব মূল্যবৃদ্ধি ৰোধ

প্ৰধানমন্ত্ৰীক দীঘল দাড়ি কাটিবলৈ আহ্বান কংগ্ৰেছী আৰ. পি.শৰ্মাৰ; তেতিয়াহে হ’ব মূল্যবৃদ্ধি ৰোধ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd