• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভক্তে চাপৰিত উদ্ধাৰ দীৰ্ঘদিনে অসুস্থ হৈ থকা গঁড়জনীৰ মৃতদেহ

উত্তম শইকীয়া by উত্তম শইকীয়া
January 19, 2018 9:59 am
112
VIEWS
Share on FacebookShare on Twitter

কাজিৰঙাৰ পৰা ওলাই গৈ কিছুদিন পূৰ্বে আহত হোৱা গঁড়জনীয়ে অৱশেষত মৃত্যুক আকোৱালী ল’লে৷ আজি পুৱতি নিশা ভক্তে নামৰ চাপৰিটোৰ নদীৰ ঘাটত গঁড়জনীৰ মৃতদেহ উদ্ধাৰ কৰে বনকৰ্মীয়ে৷ যোৱা ১৬ জানুৱাৰীত কাজিৰঙাৰ অগৰাতলি বনাঞ্চলৰ পূব প্ৰান্তত থকা  ভক্তে চাপৰিতে বন বিভাগৰ উদ্যোগত গঁড়জনীক উদ্ধাৰ কৰি চিকিৎসা প্ৰদান কৰা হৈছিল৷ কাজিৰঙাৰ পৰা ২০ ডিচেম্বৰতে এটা মতা গঁড়ৰ লগত ওলায় যোৱা এই গঁড়জনী বিগত সময়ছোৱাত কাজিৰঙাৰ পৰা মাজুলীলৈকে প্ৰসাৰিত হৈ থকা বহ্মপুত্ৰৰ বিভিন্ন চাপৰিত বিচৰণ কৰি ফুৰিছিল বুলি বাতৰি প্ৰকাশ হৈ আহিছিল৷

যোৱা ডিচেম্বৰ মাহৰ ২৫ তাৰিখে মতা গঁড়টোৰে সৈতে গঁড়জনী উপস্থিত হৈছিল গৈ নাৰায়নপুৰৰ সমীপৰ কৰকৰ চাপৰিত৷ উত্তেজিত জনতাই খেদিবলৈ প্ৰয়াস কৰাত কৰকৰ চাপৰিতে এঘৰ মানুহৰ এটা গাতত পৰিছিল আৰু গুৰুতৰভাৱে আহত হৈছিল এই গড়ঁজনী ৷ ২৮ ডিচেম্বৰত কৰকৰ চাপৰিৰ পশ্চিমৰ কুটুম গাঁৱৰ সমীপৰ বালিচৰত আহত গঁড়জনীক প্ৰত্যক্ষ কৰিছিল স্থানীয় লোকে৷ ভৰিত আঘাত পোৱা গঁড়জনীক দেখিয়েই স্থানীয় লোকে বনকৰ্মীক খবৰ দিছিল৷

আঘাত প্ৰাপ্ত ভৰিৰেই ব্ৰহ্মপুত্ৰৰ সুঁতি পাৰহৈ দক্ষিনৰ বুডে নামৰ চাপৰি আৰু তাৰ পাচত ২ জানুৱাৰীত এন্টেনা চাপৰিত উপস্থিত হয়গৈ গঁড়জনী৷ এই চাপৰিৰ খেৰনিৰ মাজতে দীৰ্ঘদিনে আশ্ৰয় লয় আহত গঁড়জনীয়ে৷ ১৬ জানুৱাৰীত তেজপুৰৰ বন সংৰক্ষক শিৱকুমাৰৰ নেতৃত্বত কাজিৰঙাৰ বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰৰ পশু চিকিৎসক ডা৹ চামচুল আলি, ডা৹ পানজিত বসুমতাৰী আৰু বন বিভাগৰ পশু চিকিৎসক ডা৹ দেবব্ৰত ফুকনে ভক্তে চাপৰিলৈ গৈ গঁড় জনীৰ চিকিৎসা প্ৰদান কৰিছিল৷ ঘন খেৰনিৰ মাজেৰে হাতীত উঠি চিকিৎসক সকলে ট্ৰঙ্কুলাইজাৰ গানৰ সহায়ত গঁড় জনীৰ শৰীৰত চেতনা নাশক প্ৰয়োগ কৰি চিকিৎসা প্ৰদান কৰি আহিছিল৷ লক্ষ্যণীয় যে বিগত দুটা দিনত কিছু পৰিমানে সুষ্ঠ হৈ উঠা গঁড় জনীয়ে যোৱা নিশা কাজিৰঙাৰ দিশে আগুৱাই ব্ৰহ্মপুত্ৰৰ এটা সুঁতিৰ পাৰত শেষ নিশ্বাস ত্যাগ কৰে বুলি জানিব পৰা গৈছে৷ মৃত গঁড়জনীৰ মৰোনোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসকৰ এটা দল ভক্তে চাপৰিলৈ ৰাওনা হোৱা বুলি খবৰ আহিছে।

 

Recent News

মাৰ্ঘেৰিটাত বৈধ কয়লা খনিত পুনৰ খননৰ দাবী: আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ

মাৰ্ঘেৰিটাত বৈধ কয়লা খনিত পুনৰ খননৰ দাবী: আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ

বিশাখাপট্টনমত মুকলি হ’ল কেপচুল হোটেল! ষ্টেচনত যাত্ৰীসকলৰ বাবে কম খৰচত থকাৰ সুব্যৱস্থা

বিশাখাপট্টনমত মুকলি হ’ল কেপচুল হোটেল! ষ্টেচনত যাত্ৰীসকলৰ বাবে কম খৰচত থকাৰ সুব্যৱস্থা

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

ৰাজনীতিত নহয়; এইবাৰ পুনৰ অভিনয় জগতত দেখিবলৈ পাব প্ৰাক্তন কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাক

ৰাজনীতিত নহয়; এইবাৰ পুনৰ অভিনয় জগতত দেখিবলৈ পাব প্ৰাক্তন কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd