• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home অভিমত

ভাষাৰ বিলুপ্তি, অস্তিত্বৰ সংকট : কিছুমান চিন্তনীয় দিশ

NE NOW NEWS ডঃ খগেশ সেন ডেকা
, June 16, 2018 6:18 pm

6 min read

EndangeeredLanguage
1.6k
VIEWS
Share on FacebookShare on Twitter

অষ্ট্ৰেলিয়াৰ বিশিষ্ট ভাষাতাত্ত্বিক খ্ৰীষ্ট’ফাৰ ম’ছেলৰ তত্ত্বাৱধানত য়ুনেস্ক’ই ভাষাৰ বিলুপ্তি সম্বন্ধে যি অধ্যয়ন চলাইছিল তাত দেখা গৈছিল যে, বিশ্বৰ সৰ্বমুঠ ৭৩৫৮টা ভাষাৰ ভিতৰত ইতিমধ্যে ৪৪৬টা ভাষাৰ মৃত্যু ঘটিছে৷ বাকী ৬৯১২টা ভাষাৰ ২৫০০টা সংকটাপন্ন৷ অৱশ্যে এই সংখ্যাৰ তাৰতম্য হ’ব পাৰে৷ কাৰণ, কেতবোৰ দুৰ্গম অঞ্চলত কথিত ভাষা সম্পৰ্কীয় তথ্য এতিয়াও উদ্ধাৰ হ’বলৈ বাকী৷

অষ্ট্ৰেলিয়া মহাদেশৰ নিজা জৰীপ অনুসাৰে সেই মহাদেশৰ ২৫০টাতকৈয়ো অধিক থলুৱা ভাষাৰ এতিয়া ১৪৫টাহে মাত্ৰ বৰ্তি আছে৷ তাৰো ১১০টা গুৰুতৰভাৱে সংকটগ্ৰস্ত৷ যিকেইটা বৰ্তি আছে তাৰ মাত্ৰ ১৮টা ভাষাহে বিপদমুক্ত৷

ভাৰতত কথিত মুঠ ১৩৫২টা ভাষাৰ সৰহভাগেই এতিয়া বিপদগ্ৰস্ত৷ অন্য শক্তিশালী ভাষাৰ কৰাল গ্ৰাসত পৰি আপেক্ষিকভাৱে দুৰ্বল ভাষাবোৰে বিশেষকৈ জনজাতীয় ভাষাবোৰে বিলুপ্তিৰ ক্ষণ গণিব লগীয়া হৈছে৷ ভৌগোলিকীকৰণ বা বিশ্বায়ন তথা অৰ্থনৈতিক উদাৰীকৰণ ইয়াৰ মূল কাৰণ৷

উপনিৱেশৰ কবলত পৰি আফ্ৰিকাৰ সৰহভাগ ভাষাৰ অপমৃত্যু ঘটিল৷ ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ অন্যান্য ভাষাৰ কথা বাদেই, প্ৰায় ডেৰ হাজাৰ বছৰীয়া সুদীৰ্ঘ কালৰ লিখিত ঐতিহ্যেৰে মহিমামণ্ডিত অসমীয়া ভাষালৈকো এতিয়া ভাবুকি আহিছে৷ আজিৰ প্ৰজন্মই ভাষাটোৰ কালিকা সমূলি পাহৰি গৈছে৷ খণ্ডবাক্য, জতুৱা ঠাঁচ, প্ৰবাদ-প্ৰবচন, ফকৰা-যোজোনা এতিয়া প্ৰায় পাহৰণিৰ গৰ্ভত৷ সেইবোৰ ক’ত কেনেদৰে প্ৰয়োগ কৰিব লাগে আজিৰ প্ৰজন্মই  প্ৰায় পাহৰি গৈছে৷ লোকসংস্কৃতিবিদ এলান ডাণ্ডেছে উল্লেখ কৰা মতে, আফ্ৰিকাৰ জনৈক ইড’ ভাষী যুৱকক হেনো সোধা হৈছিল— তেওঁ নিজৰ ভাষাৰ প্ৰবাদ-প্ৰবচন, ফকৰা আদি জানেনে বুলি৷ যুৱকজনে উত্তৰত কৈছিল যে তেওঁ জানে, কিন্তু সেইবোৰ ক’ত, কেতিয়া, কি অৰ্থত, কিদৰে প্ৰয়োগ কৰিব লাগে নাজানে৷ আমাৰ অৱস্থাও লাহে লাহে সেই পৰ্যায়লৈ গৈ আছে৷ আমাৰ সুৱদী-সুৰীয়া ভাষাটোৰ অনন্য সম্পদ হৈছে গাঁৱৰ ককা-আইতাহঁতৰ মুখত আখৈ ফুটাদি ফুটা প্ৰবাদ-প্ৰবচন, খণ্ডবাক্য, জতুৱা প্ৰয়োগবোৰ৷ এটা উদাহৰণ দিয়াৰ লোভ সামৰিব নোৱাৰিলোঁ৷ এগৰাকী বুঢ়ী মানুহে এজনী ছোৱালীৰ পিন্ধি থকা কাপোৰ সাজক লক্ষ কৰি কৈছিল—

“এ আই, তইনো এইসাজ কি কাপোৰ পিন্ধিছ, একেবাৰে দিখৌ মুখলৈকে দেখি৷”

নক’লেও চলে, কথাষাৰৰ ‘দিখৌ মুখলৈকে দেখি’ অংশটোৱে পাতল কাপোৰ এসাজক বুজাইছে৷ কিন্তু তাকে নকৈ দিখৌ মুখলৈকে দেখা বুলি কোৱাত বক্তব্যৰ প্ৰকাশিকা শক্তি কিমান বৃদ্ধি পাইছে সেয়া অনুধাৱন কৰিব লগীয়া৷ দুখৰ কথা, সদ্যহতে আমি আমাৰ ভাষাৰ এই গুণ পাহৰিবলৈ আৰম্ভ কৰিছোঁ৷

আলাস্কা বিশ্ববিদ্যালয়ৰ ‘নেটিভ লেংগুৱেজ চেণ্টাৰ’ৰ একালৰ সঞ্চালক মাইকেল ক্ৰাউছৰ মতেও পৃথিৱীজুৰি কথিত প্ৰায় সাত হাজাৰ ভাষাৰ মাজত মাত্ৰ তিনিশমান ভাষাহে সংকটমুক্ত৷ তেওঁ আৰু অনুমান কৰিছে যে একবিংশ শতিকাৰ অন্তিম ক্ষণলৈ নব্বৈৰ পৰা পঁচানব্বৈ শতাংশ ভাষা পৃথিৱীৰ বুকুৰ পৰা চিৰকাললৈ নাইকিয়া হৈ যাব৷

মনত ৰখা ভাল যে, একোটাহঁত জনগোষ্ঠীৰ নিজৰ ভাষা-সংস্কৃতি সেই জনগোষ্ঠীটোৰ দুৰ্ভেদ্য বৰ্ম সদৃশ৷ তাৰ দ্বাৰা বাহিৰৰ বণিক গোষ্ঠীয়ে জাপি দিয়া অপতৃণবোৰৰ পৰা নিজক ৰক্ষা কৰিব পাৰি৷ শেহতীয়াভাৱে প্ৰাচ্যতত্ত্বৰ প্ৰবক্তা এডোৱাৰ্ড ছেইডে সেইবাবেই মানুহক নিজৰ স্বকীয়ত্ব বুজিবলৈ আৰু কোনো বিশেষ শক্তিৰ দাস নহ’বলৈ সকীয়াই দিছে৷ সাম্ৰাজ্যবাদী শক্তিসমূহক মাত্ৰ পণ্য দ্ৰব্য বিকিবলৈ বজাৰৰ প্ৰয়োজন৷ ভাষাৰ স্থান তাত গৌণ৷ মানুহে কিবা প্ৰকাৰে আখৰকেইটা চিনি পণ্য সামগ্ৰীৰ নাম পঢ়িব পাৰিলেই হ’ল৷ সেইবোৰৰ গুণাগুণ বুজিবৰ বাবে মানুহৰ উচ্চ শিক্ষা, নিজ ভাষাৰ জ্ঞানৰ কোনো আৱশ্যক নাই৷ আমি যেন লাহে লাহে সেই শক্তিসমূহে পতা জালত ক’ব নোৱৰাকৈয়ে আবদ্ধ হৈ পৰিছোঁ৷

ভাষা একোটাৰ বিলুপ্তিৰ প্ৰথম ঢাপটো আৰম্ভ হয় তাৰ বৈয়াকৰণিক বিকৃতিৰে৷ অসমীয়া ভাষাত সেই লক্ষণ ইতিমধ্যে পৰিস্ফূট হৈছে৷ লিখিত ৰূপটোত বানানৰ বাহিৰে অন্য কোনো বিশেষ বিকৃতি দেখা নগ’লেও, কথিত ৰূপটোত, বিশেষকৈ কিছু সংখ্যক শিক্ষিত লোকৰ কথনভংগিত তাৰ প্ৰভাৱ সৰ্বগ্ৰাসী ৰূপত দেখা গৈছে৷  আমাৰ আইৰ মুখৰ ভাষাৰ প্ৰকৃত ৰূপটো যেন ক’ৰবাত হেৰাই যাবলৈ আৰম্ভ কৰিছে৷ ভাষাটোৰ জতুৱা ৰূপটো আমি যেন পাহৰি গৈছোঁ৷

একালত উত্তৰ-পূৰ্বাঞ্চলৰ সংযোগী ভাষা আছিল অসমীয়া৷ নাগামিজ, নেফামিজ আদি ভাষা অসমীয়া ভাষাক কেন্দ্ৰ কৰিয়ে গঢ় লৈ উঠিছিল৷ এতিয়া কিন্তু অসমীয়া ভাষাৰ সেই বিস্তৃতি বহু পৰিমাণে কমি গৈছে৷ তাৰ ঠাইত সেই সেই অঞ্চলৰ নিজা ভাষাৰ পৰিসৰ বৃদ্ধি হোৱা হ’লে নিশ্চয়কৈ সুখৰ বিষয় হ’লহেঁতেন৷ কিন্তু পৰিতাপৰ কথা সেই ঠাই লৈছে হিন্দীয়ে৷ অৰুণাচল, মেঘালয়, মণিপুৰ আদিলৈ গ’লে এতিয়া হিন্দীৰে কাম চলাব লগীয়া হয়৷

ভাষাৰ বিলুপ্তি একে দিনাই নাহে৷ ই আহে গোপন ব্যাধিৰ দৰে৷ যেতিয়া প্ৰকট হয়, তেতিয়া আৰু চিকিৎসাৰ সকলো সম্ভাৱনা নাইকিয়া হয়৷ এটা ভৌগোলিক পৰিৱেষ্টনত কথিত ভাষাটো যেতিয়া কণ কণ ল’ৰা-ছোৱালীয়ে ক’বলৈ এৰে, তেতিয়াই বুজিব লাগিব যে সেই ভাষাক বিলুপ্তিৰ দুৰাৰোগ্য গোপন ব্যাধিয়ে লগ দিছে৷ গ্ৰামাঞ্চলৰ কথা বাদ দি অসমৰ চহৰবোৰৰ কণ কণ শিশু, কিশোৰৰ মুখৰ ভাষা বিশুদ্ধ অসমীয়াৰ পৰিৱৰ্তে খুব সন্তপৰ্ণে হিন্দী-ইংৰাজী মিহলি এক মিশ্ৰিত ৰূপলৈ পৰ্যবসিত হ’বলৈ লোৱা দেখা গৈছে৷ তেওঁলোকে অসমীয়া ক’লেও উচ্চাৰণত মাতৃভাষাৰ খাচ বিশেষত্ব যেন ফুটি নুঠে৷ কোনোবাই ক’ব পাৰে— ভাষা মনৰ ভাব প্ৰকাশৰ মাধ্যম৷ গতিকে বক্তাৰ মনৰ ভাব শ্ৰোতাই বুজিলেই হ’ল৷ উপৰুৱাকৈ চালে কথাটো হয়৷ কিন্তু গভীৰ অন্তৰ্দৃষ্টিৰে পৰ্যবেক্ষণ কৰিলে দেখা যায়, ভাষাৰ মৃত্যুৱে একোটা জাতিৰ স্বকীয়ত্ব নষ্ট কৰে, জাতিটোক বিজতৰীয়া কৰে৷ কাৰণ অৱশেষ বিচাৰত ভাষাই হ’ল জাতি বিশেষৰ সংস্কৃতিৰ সংৰক্ষক৷ ভাষাৰ মৃত্যু মানে সেই ভাষা কোৱা জাতিটোৰ মৃত্যু৷ সৌভাগ্যৰ বিষয় অসমীয়া ভাষা য়ুনেস্ক’-এ চিহ্নিত কৰা সংকটাপন্ন ভাষাৰ তালিকাত এতিয়াও সোমোৱা নাই৷ অৱশ্যে অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰায় সকলোবোৰ ভাষা সেই তালিকাৰ অন্তৰ্ভুক্ত হৈছে৷ তাৰে কোনোবাটো মৃত্যুমুখী (Moribund), কোনোবাটো সংকটাপন্ন, আন কোনোটো অধিক সংকটাপন্ন ইত্যাদি ইত্যাদি৷ অসমৰ তাই ভাষাগোষ্ঠীৰ অন্তৰ্গত তাই খাময়াং ভাষাটোক মৃত্যুমুখী বোলা হৈছে৷ সম্প্ৰতি সেই ভাষাটোক পুনৰ্জীৱন দিয়াৰ বাবে কিছু সংখ্যক লোক ব্ৰতী হোৱাটো শুভ লক্ষণ৷

সাধাৰণতে জৈৱ বৈচিত্ৰ্যৰ বিলুপ্তিৰ ক্ষেত্ৰত বৰ্তমান সমাজ যিমান সচেতন, ভাষাৰ বিলুপ্তিৰ ক্ষেত্ৰত সিমান সচেতন যে অনুভৱ নহয়৷ অথচ যুগ যুগ ধৰি সঞ্চিত জ্ঞানৰ ভাণ্ডাৰ, অভিজ্ঞতা, “পুৰণি পৃথিৱীক ন-কৈ চাই” লোৱাৰ দৃষ্টিভংগি ভাষাৰ মাধ্যমেৰেই বিধৃত হৈ থাকে৷ অতি সম্প্ৰতি বিশ্বজুৰি জগতৰ প্ৰতিটো ভাষাকে সম মৰ্যাদাৰে জীয়াই ৰখাৰ এক নতুন চিন্তা-চেতনা জাগ্ৰত হোৱাটো অতিশয় শুভ লক্ষণ৷ আমেৰিকা, জাপান, অষ্ট্ৰেলিয়া, আফ্ৰিকা আদিত ভাষাৰ সুৰক্ষাৰ বাবে বিভিন্ন সংগঠনৰ জন্ম হৈছে আৰু সেইবোৰে বিলুপ্তপ্ৰায় তথা সংকটগ্ৰস্ত ভাষাবোৰৰ পুনৰ্জীৱনৰ বাবে অহোপুৰুষাৰ্থ কৰি আছে৷ বিশিষ্ট ভাষাতাত্ত্বিক ডেভিড ক্ৰিষ্টলৰ Language Death শীৰ্ষক গ্ৰন্থখন এই দিশৰ এক উল্লেখযোগ্য মাইলৰ খুঁটি৷ ভাৰতবৰ্ষত এই চেতনাৰ প্ৰতিফলন এতিয়াও সীমিত হৈ আছে৷

পৰিশেষত তথাকথিত উন্নয়নৰ সৰ্বগ্ৰাসী প্ৰভাৱে ভাষা-বৈচিত্ৰ্যৰ বুকুলৈ নমাই অনা গভীৰ সংকটৰ বিষয়ে উত্তৰ-বংগ বিশ্ববিদ্যালয়ৰ একালৰ প্ৰাধ্যাপক অশ্ৰুকুমাৰ শিকদাৰ ডাঙৰীয়াই কৰা এই মন্তব্যটি বিবেচনা কৰি চাবলৈ আটাইকে আহ্বান জনালোঁ—

“উন্নয়নেৰ প্ৰকোপে যেমন হাৰিয়ে যাচ্ছে জৈৱ বৈচিত্ৰ্য, অগণিত কীট-পটংগ-প্ৰাণী, উদ্ভিদ-বৃক্ষ-লতা, তেমনি হাৰিয়ে যাচ্ছে ভাষা আৰ সংস্কৃতি৷ সংকটাপন্ন তাই মানুষেৰ সত্তা৷ ভাষাৰ বৈচিত্ৰ্য হাৰানোয় পৃথিবী তাৰ সৌন্দৰ্যসুষমা হাৰায়, মানুষেৰ চিৰাগত জ্ঞান-অভিজ্ঞতাৰ ভাণ্ডাৰকে হাৰায়, হাৰায় বিশ্বকে দেখবাৰ এক অনন্য দৃষ্টিকে৷ উন্নয়নেৰ কাছে এই অনন্যতা কি পৰাস্ত হবে, নতুন সহস্ৰাব্দেৰ প্ৰবেশদ্বাৰে দাঁড়িয়ে সব ভাবুক মানুষকে এই জিজ্ঞাসাৰ উত্তৰ খুঁজতেই হবে৷”

অসমীয়াভাষী সচেতন হোৱাৰ সময় সমুপস্থিত৷ নিজৰ লগতে আনৰ ভাষাকো সংকটৰ গৰাহৰ পৰা ৰক্ষা কৰিবলৈ সকলো সচেতন হওক, যত্নপৰ হওক৷ এয়া একবিংশ শতিকাৰ সময়ৰ আহ্বান৷

(লেখক পূব-কামৰূপ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক আৰু বৰ্তমান গুৱাহাটী বিশ্ববিদ্যালয়ৰ অতিথি অধ্যাপক তথা গৱেষণা-তত্ত্বৱধায়ক।)

Recent News

Bajali

বৰপেটা পৰিবহণ বিভাগৰ চৰম ব্যৰ্থতা : পথ সুৰক্ষা সপ্তাহতে ৬ লোকৰ দুৰ্ঘটনাত মৃত্যু

index.jpgs

লাল কিল্লা কাণ্ডৰ পিছত চাপত কৃষক সংগঠন! : ১ ফেব্ৰুৱাৰীৰ সংসদ অভিযান বাতিল; কি হ’ব পৰৱৰ্তী কাৰ্যসূচী?

বিৰাট কোহলী, অভিনেত্ৰী তমন্না ভাটিয়ালৈ কেৰালা উচ্চ ন্যায়ালয়ৰ জাননী

বিৰাট কোহলী, অভিনেত্ৰী তমন্না ভাটিয়ালৈ কেৰালা উচ্চ ন্যায়ালয়ৰ জাননী

index

ত্ৰিপুৰাৰ শিক্ষক বিক্ষোভত নিৰাপত্তাৰক্ষীসহ শতাধিক বিক্ষোভকাৰী আহত : ২ শতাধিক বিক্ষোভকাৰী শিক্ষকক গ্ৰেপ্তাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd