DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 22, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home ক্ৰীড়া

ভাৰতীয় জাতীয় ফুটবল দলৰ বাবে নিৰ্বাচিত ছিকিমৰ বিকাশ জাইৰু

এন ই নাও নিউজ by এন ই নাও নিউজ
May 12, 2018 12:46 pm
jairu--570x320
125
VIEWS
Share on FacebookShare on Twitter

ছিকিম ফুটবলৰ বাবে আন এক সুখবৰ। অনাগত হিৰো ইণ্টাৰনেশ্যনেল কাপৰ বাবে ভাৰতীয় ফুটবল দলৰ প্ৰস্তুতি শিবিৰলৈ আমণ্ট্ৰণ লাভ কৰিছে ছিকিমৰ আন এজন প্ৰতিভাশালী ফুটবলাৰ বিকাশ জাইৰু ।

পশ্চিম ছিকিম জিলাৰ গেইজিং নিবাসী ২৮ বছৰীয়া বিকাশ জাইৰুৱে ক্লাব পৰ্যায়ত ধাৰাবাহিকভাৱে ৰক্ষণ বিভাগত দেখুৱাই অহা উজ্জ্বীৱিত প্ৰদৰ্শণৰ বাবেই ৩০ জনীয়া ভাৰতীয় দলৰ প্ৰস্তুতি শিবিৰলৈ আমণ্ট্ৰণ লাভ কৰিছে।

সদ্য সমাপ্ত ইণ্ডিয়ান ছুপাৰ লীগ আৰু ছুপাৰ কাপত জামছেদপুৰ এফ চিক প্ৰতিনিধিত্ব কৰি সফলতা অৰ্জন কৰা জাইৰু বৰ্তমান গৃহ ৰাজ্য ছিকিমত অৱসৰ বিনোদন কৰি আছে।

উল্লেখ্য যে ইয়াৰ পূৰ্বে জাইৰুৱে ভাৰতীয় জাতীয় দলৰ হৈ ১০ খন মেচত প্ৰতিনিধিত্ব কৰিছে। তাৰোপৰি যোৱা বছৰ খেলা এএফচি এছিয়ান কাপ কোৱালিফায়িঙতো ভাৰতীয় দলৰ হৈ প্ৰতিনিধিত্ব কৰাৰ অভিজ্ঞতা আহৰণ কৰিছে।

স্মৰ্তব্য যে জাইৰু ইণ্ডিয়ান ছুপাৰ লীগ চমুকৈ আই এছ এলত ছিকিমৰ হৈ গ’ল স্ক’ৰ কৰা প্ৰথমগৰাকী ফুটবলাৰ।

আই এছ এলত মুম্বাই চিটি এফ চিৰ বিৰুদ্ধে মেচৰ পৰিসমাপ্তি পৰিবলৈ ৬ মিনিট বাকী থাকোতে পৰিৱৰ্তিত খেলুৱৈ ৰূপত আত্মপ্ৰকাশ কৰি বিজয়সূচক গ’ল কৰিবলৈ সক্ষম হৈছিল। আৰু এইদৰে আই এছ এলত ছিকিমৰ হৈ গ’ল স্ক’ৰ কৰা প্ৰথমজন খেলুৱৈ হিচাপে পৰিচিত হয়।

ছিকিমৰ এই প্ৰতিভাবান খেলুৱৈ গৰাকীয়ে অহা দুটা ছিজনৰ বাবে চুক্তিবদ্ধ হৈ আছে জামছেদপুৰ এফ চিত। জানিব পৰা মতে ভাৰতীয় দলৰ প্ৰস্তুতি শিবিৰত অংশগ্ৰহণ কৰাৰ বাবে জাইৰুৱে অহা ১৬ মে’ত মুম্বাইলৈ ৰাওনা হ’ব।

উল্লেখ্য যে মুম্বাইত ১ জুনৰ পৰা অনুষ্ঠিত হ’বলগীয়া বহু প্ৰত্যাশিত হিৰো ইণ্টাৰনেশ্যনেল কাপত ভাৰতৰ সৈতে অংশগ্ৰহণ কৰিব কেনিয়া, নিউজিলেণ্ড আৰু চাইনিজ টাইপে।         

Recent News

ৰাছিয়াত প্ৰৱেশ নিষিদ্ধ ৰাষ্ট্ৰপতি বিডেনকে ধৰি ৯৬৩ গৰাকী আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাগৰিকৰ

ৰাছিয়াত প্ৰৱেশ নিষিদ্ধ ৰাষ্ট্ৰপতি বিডেনকে ধৰি ৯৬৩ গৰাকী আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাগৰিকৰ

হাজোত কিশোৰীৰ সৈতে থকা গোপন মুহূৰ্তৰ ফটো ভাইৰেল কৰি গ্ৰেপ্তাৰ দৰ্জী

হাজোত কিশোৰীৰ সৈতে থকা গোপন মুহূৰ্তৰ ফটো ভাইৰেল কৰি গ্ৰেপ্তাৰ দৰ্জী

Gangetic dolphin

বৰপেটাত মৃত অৱস্থাত গাঙ্গেতিক ডলফিন উদ্ধাৰ: জালত লাগি মৃত্যু হোৱাৰ সন্দেহ

বঙাইগাঁৱত নাও চলাচলত নিষেধাজ্ঞা জিলা দণ্ডাধীশৰ

বঙাইগাঁৱত নাও চলাচলত নিষেধাজ্ঞা জিলা দণ্ডাধীশৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd