DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ভাৰতীয় সেনাৰ মুৰব্বী বিপিন ৰাৱাট, ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টাই গোপনে ভ্ৰমণ কৰি গ’ল ভূটান

এন ই নাও নিউজ by এন ই নাও নিউজ
February 19, 2018 10:31 am
Bipin-Rawat Army chief Gen Rawat draws flak for remarks on CAA protests

সেনাৰ মুৰব্বী জেনেৰেল বিপিন ৰাৱত।

149
VIEWS
Share on FacebookShare on Twitter

ডোকলাম বিবাদৰ পিছত প্ৰথমবাৰৰ বাবে ভাৰতীয় সেনাৰ মুৰ্ব্বীকে ধৰি এটি উচ্চ পৰ্যায়ৰ ভাৰতীয় প্ৰতিনিধি দলে গোপনে ভূটান ভ্ৰমণ কৰি গ’ল।

ভাৰতীয় সেনাৰ মুৰব্বী বিপিন ৰাৱাট, বৈদেশিক সচিব বিজয় গোখলে আৰু ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত ডোভালে পূৰ্বোত্তৰ সীমান্তত চীনৰ সামৰিক কুচ-কাৱাজ বৃদ্ধি পোৱাৰ বিষয়টো সম্পৰ্কে চুবুৰীয়া ৰাষ্ট্ৰখনৰ বিষয়াসকলৰ সৈতে গোপনে বৈঠকত মিলিত হয়।

ফেব্ৰুৱাৰীৰ ৬ আৰু ৭ তাৰিখে অনুষ্ঠিত হোৱা বৈঠকত সুৰক্ষা আৰু ডোকলাম অংশত চীনে আন্ত:গাঁথনি নিৰ্মাণৰ বিষয়টোও আলোচনা কৰা হয়। ইণ্ডিয়ান এক্সপ্ৰেছৰ এক বাতৰিত এই কথা প্ৰকাশ পাইছে।

ডোকলাম অঞ্চলত চীনা সামৰিক বাহিনীৰ চৌহদ নিৰ্মাণৰ উপগ্ৰহীয় ছবি ধৰা পৰাৰ বাতৰি সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পিছতে এই বৈঠকখন অনুষ্ঠিত হৈছে।

এই বৈঠকৰ কথা ৰাজহুৱা কৰা হোৱা নাই যদিও সূত্ৰসমূহে জনোৱা মতে বৈঠকত ‘ইতিবাচক’ ফলাফল লাভ কৰা হৈছে। ভূটানৰ বিষয়াই ডোকলাম খণ্ডত তেওঁলোকে বিচৰা শান্তিৰ দাবী স্পষ্ট কৰি দিছে আৰু থিম্ফু আৰু বেইজিঙৰ মাজত হোৱা সীমান্ত সম্পৰ্কীয় আলোচনাৰ স্থিতি সম্পৰ্কে ভাৰতীয় দলটোক অৱগত কৰে।

চীন আৰু ভূটানে অঞ্চলটোত উদ্ভৱ হোৱা বিবাদ মীমাংসাৰ বিষয়ত আলোচনা চলাই আছে।

বিশ্ব বিনিয়োগ সন্মিলন-২০১৮ৰ এডভান্টেজ আছাম চলি থকাৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভূটানৰ প্ৰধানমন্ত্ৰী শ্বেৰিং টগবেৰ সৈতে সুকীয়াকৈ আলোচনাত মিলিত হোৱাৰ পিছতে উক্ত ভ্ৰমণটো হৈ যায়। মোডীয়ে টগবেৰ সৈতে আলোচনা কালত উত্তৰ-পূৰ্বাঞ্চলৰ যোগাযোগ বৃদ্ধিৰ প্ৰচেষ্টা সম্পৰ্কে আলোচনা কৰিছিল।

সেনাৰ মুৰব্বী ৰাৱাটে যোৱা বছৰ ডোকলামক বিবাদিত ভূমি বুলি কৈ এক নতুন বিতৰ্কৰ সূচনা কৰিছিল। অৱশ্যে চীনৰ সমাৰিক বাহিনীয়ে দোহাৰিছিল যে এয়া চীনৰ নিজস্ব অংশ।

চীনৰ সৈতে ভূটানৰ কোনো কূটনৈতিক সম্পৰ্ক নাই। নিকট বন্ধু তথা প্ৰতিবেশী হিচাপে ভূটানে ভাৰতৰ পৰা কূটনৈতিক আৰু সামৰিক সহযোগ লাভ কৰি আহিছে। সূত্ৰসমূহে জনোৱা মতে সামৰিক বাহিনী আৰু বৈদেশিক মন্ত্ৰালয়ৰ আন কিছু শীৰ্ষ বিষয়ায়ো এই ভ্ৰমণত অংশ লৈছিল।

বৈদেশিক সচিবৰ ভ্ৰমণ সম্পৰ্কত কূটনৈতিক সূত্ৰই ইয়াক ‘নিয়মীয়া’ ভ্ৰমণ বুলি জনায়। আনহাতে, যোৱা ৯ মাহত ৰাৱাটৰ এইটো আছিল দ্বিতীয়টো ভূটান ভ্ৰমণ।

 

Recent News

এআইচিটিই আইডিয়া লেব লাভ কৰা উত্তৰ-পূবৰ প্ৰথমখন প্ৰতিষ্ঠান হ’ল জিআইএমটি-গুৱাহাটী

এআইচিটিই আইডিয়া লেব লাভ কৰা উত্তৰ-পূবৰ প্ৰথমখন প্ৰতিষ্ঠান হ’ল জিআইএমটি-গুৱাহাটী

মনোৰম প্ৰাকৃতিক পৰিৱেশৰ সলনি উত্তৰ পূব মৰুভূমি হোৱাটো বিচাৰে নেকি ভাৰত চৰকাৰে?

মনোৰম প্ৰাকৃতিক পৰিৱেশৰ সলনি উত্তৰ পূব মৰুভূমি হোৱাটো বিচাৰে নেকি ভাৰত চৰকাৰে?

কাঁ চলচ্চিত্ৰ মহোৎসৱৰ পৰা ওভতাৰ সময়তে লুইত কুমাৰ বৰ্মণলৈ GMCৰ জাননী কিয়?

কাঁ চলচ্চিত্ৰ মহোৎসৱৰ পৰা ওভতাৰ সময়তে লুইত কুমাৰ বৰ্মণলৈ GMCৰ জাননী কিয়?

IndiGo বিশেষভাৱে সক্ষম শিশুক নিদিলে বিমানত উঠিবলৈ : ইণ্ডিগ’ক পাঁচ লাখ টকাৰ জৰিমনা

IndiGo বিশেষভাৱে সক্ষম শিশুক নিদিলে বিমানত উঠিবলৈ : ইণ্ডিগ’ক পাঁচ লাখ টকাৰ জৰিমনা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd