• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভিছা লৈ বাংলাদেশৰ পৰা অহা ৮৩ লাখ বাংলাদেশীৰ ৭০ লাখহে ঘূৰি গৈছে : ৰঞ্জিত শেখৰ মুছাহাৰী

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 13, 2018 9:47 pm
124
VIEWS
Share on FacebookShare on Twitter

কালিৰে পৰা গুৱাহাটীৰ জিলা পুথিভঁৰালত দুদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হোৱা খিলঞ্জীয়া মঞ্চৰ প্ৰথম কেন্দ্ৰীয় অভিৱৰ্তনৰ শেষ কাৰ্য্যসূচী মুকলি সভাত উপস্থিত থাকি আজি মেঘালয়ৰ প্ৰাক্তন ৰাজ্যপাল ৰঞ্জিত শেখৰ মুছাহাৰীয়ে তাৎপৰ্য্যপূৰ্ণ মন্তব্য কৰি কয় যে ভিছা লৈ অহা ৮৩ লাখ বাংলাদেশীৰ প্ৰায় ৭০ লাখহে দেশলৈ ঘূৰি গৈছে।

তথ্য সহকাৰে প্ৰাক্তন ৰাজ্যপাল গৰাকীয়ে কয় ” ১৯৮৫ চনৰ পৰা যোৱা ৩৩ বছৰত বাংলাদেশ চৰকাৰৰ পৰা পাছপৰ্ট-ভিছা গ্ৰহণ কৰি উচ্চ শিক্ষা লাভৰ বাবে, পৰিয়ালৰ লোকক দেখা সাক্ষাৎ কৰাৰ উদ্দেশ্যে বহুতো লোক ভাৰতলৈ আহিছে।”

মুছাহাৰীয়ে তথ্য সহকাৰে কয় যে সৰ্বমুঠ ৮৩,৩৭,৪৭৪ গৰাকী বাংলাদেশী অসমলৈ ভ্ৰমণ কৰা অথবা অন্যান্য উদ্দেশ্য লৈ আহিছে।

এই ৩৩ বছৰত প্ৰায় ৮৩ লাখৰ ভিতৰত ৭০,৯৫,৫০৪ গৰাকীহে বাংলাদেশলৈ উভতি যোৱাৰ বিপৰীতে ১২,৪১,৯৭০ বৰ্তমানো অসমত আছে। তাৰোপৰি বাংলাদেশৰ পৰা আহি ঘূৰি নোযোৱা এইসকল লোকৰ পৰা জনসংখ্যা বৃদ্ধি পাই প্ৰায় ৪০,০০,০০০ ৰ ওচৰা-উচৰি হৈছেগৈ। এইদৰে কয় মুছাহাৰীয়ে।

তদুপৰি তেওঁ সভাত কয় যে তেওঁলোকে বাংলাদেশৰ পৰা লগত লৈ অহা সকলো ভিছা ইতিমধ্যে দলিয়াই দি ভাৰতীয় নাগৰিকৰ পৰিচয় পত্ৰ অথবা অন্যান্য নথি যুগুত কৰি লৈছে এইসকলে।

লক্ষণীয় যে প্ৰাক্তন ৰাজ্যপাল গৰাকীয়ে আধাৰ কাৰ্ডৰ লিংক এন আৰ চি লিংকৰ সৈতে যোগ কৰাৰ বাবে চৰকাৰ তথা প্ৰশাসনৰ লোকসকলক আহ্বান জনায়। তাৰ পিছতে সেই লিংকটো ভোটিং মেচিনৰ সৈতে সংযুক্ত কৰিবৰ বাবে আহ্বান জনায়। তেতিয়া কোনো ব্যক্তিয়ে তেওঁৰ নাম এন আৰ চি অথবা আধাৰ কাৰ্ডত নাথাকিলে তেওঁ ভোটদানৰ পৰা বিৰত থাকিব বুলি তেওঁ সভাত সদৰী কৰে। তেতিয়াই প্ৰকৃত বিদেশী চিনাক্তকৰণত চৰকাৰৰ সহায়ক হ’ব বুলি তেওঁ সদৰী কৰে।

সেই সভাতে তেওঁ বসবাস কৰা গাঁওখনৰ বহুসংখ্যকৰ বাসগৃহতে বিদ্যুৎ সংযোগ তথা খোৱাপানীৰ উপযুক্ত সুবিধা নথকা বুলি অভিযোগ তুলি কয় “খিলঞ্জীয়া সকলক গুৰুত্ব দিয়াৰ ক্ষেত্ৰত কেৱল বৰ্তমানৰ বিজেপি চৰকাৰে নহয় পূৰ্বৰ চৰকাৰ বিলাকেও অৱহেলাৰ দৃষ্টিৰে চাই আহিছে। আনকি মহানগৰীৰ বিভিন্ন প্ৰান্তত খোৱাপানীৰ ক্ষেত্ৰত বিভিন্ন অসুবিধাই দেখা দিছে। চৰকাৰৰ সততা আৰু ভাল চৰিত্ৰৰ অভাৱৰ বাবে অসমৰ খিলঞ্জীয়া সকলৰ উন্নয়ন হোৱা নাই বুলি মই ভাবো।”

খিলঞ্জীয়া মঞ্চৰ মুখ্য আহ্বায়ক অনুপ চেতিয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই মুকলি সভাতে মঞ্চৰ তৰফৰ পৰা অসমৰ এগৰাকী সংগীতজ্ঞ সূৰ্য্য দাস আৰু কেন্সাৰ ৰোগ নিৰাময়ৰ সৈতে দীৰ্ঘদিন জড়িত থকা দেৱাশিস শৰ্মাক সন্বৰ্ধনা জনোৱা হয়।

সম্বৰ্ধনা গ্ৰহণ কৰি সংগীত শিল্পী সূৰ্য্য দাসে পূৰ্বৰ কিছু স্মৃতি সোঁৱৰাৰ লগতে এটি দেশপ্ৰেমমূলক গীতো পৰিবেশন কৰে।
ভাষণ প্ৰসংগতে তেওঁ খিলঞ্জীয়া মঞ্চক ধন্যবাদ জনাই কয়, “বহুদিনৰ মূৰত আজি মই নিজৰ মাজত এজন নতুন সূৰ্য্যক বিচাৰি পাইছো। তাহানিৰ সূৰ্য্যও ৰঙা সূৰ্য্য বৰ্তমানো সেয়া ৰঙা সূৰ্য্য।” তদুপৰি তেওঁ খিলঞ্জীয়া ঐক্য মঞ্চক বিপ্লৱৰ এক নতুন সূচনা বুলি সদৰী কৰে।

এই সভাতে উপস্থিত থকা মানৱ অধিকাৰ কৰ্মী জেব্ৰাৰাম মুছাহাৰীয়ে ভাষণ প্ৰসংগত কয় “অসমত পূৰ্বৰে পৰা অনুসূচিত জনজাতিৰ দাবীত বহুতো প্ৰতিবাদ হৈ গৈছে। কিন্তু বৰ্তমানো বহুতো লোক এই অনুসূচিত জনজাতিৰ পৰা বাদ পৰি গৈছে। ইয়াত কিছু ৰাজনৈতিক কাৰণো জৰিত থাকিব পাৰে।

সেইবুলি কেৱল অনুসূচিত জনজাতি সমূহে যে খিলঞ্জীয়া নহয় সেইটো স্পষ্ট হয়। ১৯৮৭ চনৰ ২২ নৱেম্বৰৰ পৰা সেইসময়ৰ অসমৰ বড়ো সাংসদ সমৰ ব্ৰহ্ম চৌধুৰী আৰু ৰামচি বিশ্ববিদ্যালয়ৰ তেতিয়াৰ উপাচাৰ্য্য ড০ ৰামদেৱাল মুণ্ডাকে ধৰি পাঁচজন লোকে “খিলঞ্জীয়া আৰু জনজাতীয় জনগণ” (Indigenous Tribal People) নামৰ এটা গোটৰ জন্ম দিছিল। এই কথাই ইয়াকে প্ৰমাণ কৰে কেৱল অনুসূচিত জাতিৰ লোকসকলেই খিলঞ্জীয়া নহয়। ”

ভাষণৰ শেষৰ ফালে তেওঁ তিনিটা কেপচুল থাকিলেহে অসমত খিলঞ্জীয়া অস্তিত্ব অটুত থাকিব বুলি তাৎপৰ্য্যপূৰ্ণ মন্তব্য আগবঢ়ায়।

তেওঁৰ মতে প্ৰথম কেপচুল অৰ্থাৎ ‘c’ ৰ অৰ্থ হৈছে consultation (মন্ত্ৰণা), দ্বিতীয় ‘c’ ৰ অৰ্থ হৈছে Consensus (সকলোৰে সহমত) আৰু শেষৰ ‘c’ ৰ অৰ্থ হৈছে Concentration (কেন্দ্ৰীভূত কৰা)।

উল্লেখযোগ্য যে খিলঞ্জীয়া মঞ্চৰ প্ৰথম বাৰ্ষিক কেন্দ্ৰীয় অভিৱৰ্তনৰ এই মুকলি সভাত উচ্চতম ন্যায়ালয়ৰ বিশিষ্ট অধিবক্তা উপমন্যু হাজৰিকা, বুৰঞ্জীবিদ শ্ৰীকুমাৰ দহোটীয়াও উপস্থিত থাকে।

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd