• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভিছা লৈ বাংলাদেশৰ পৰা অহা ৮৩ লাখ বাংলাদেশীৰ ৭০ লাখহে ঘূৰি গৈছে : ৰঞ্জিত শেখৰ মুছাহাৰী

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 13, 2018 9:47 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কালিৰে পৰা গুৱাহাটীৰ জিলা পুথিভঁৰালত দুদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হোৱা খিলঞ্জীয়া মঞ্চৰ প্ৰথম কেন্দ্ৰীয় অভিৱৰ্তনৰ শেষ কাৰ্য্যসূচী মুকলি সভাত উপস্থিত থাকি আজি মেঘালয়ৰ প্ৰাক্তন ৰাজ্যপাল ৰঞ্জিত শেখৰ মুছাহাৰীয়ে তাৎপৰ্য্যপূৰ্ণ মন্তব্য কৰি কয় যে ভিছা লৈ অহা ৮৩ লাখ বাংলাদেশীৰ প্ৰায় ৭০ লাখহে দেশলৈ ঘূৰি গৈছে।

তথ্য সহকাৰে প্ৰাক্তন ৰাজ্যপাল গৰাকীয়ে কয় ” ১৯৮৫ চনৰ পৰা যোৱা ৩৩ বছৰত বাংলাদেশ চৰকাৰৰ পৰা পাছপৰ্ট-ভিছা গ্ৰহণ কৰি উচ্চ শিক্ষা লাভৰ বাবে, পৰিয়ালৰ লোকক দেখা সাক্ষাৎ কৰাৰ উদ্দেশ্যে বহুতো লোক ভাৰতলৈ আহিছে।”

Apply Now

মুছাহাৰীয়ে তথ্য সহকাৰে কয় যে সৰ্বমুঠ ৮৩,৩৭,৪৭৪ গৰাকী বাংলাদেশী অসমলৈ ভ্ৰমণ কৰা অথবা অন্যান্য উদ্দেশ্য লৈ আহিছে।

এই ৩৩ বছৰত প্ৰায় ৮৩ লাখৰ ভিতৰত ৭০,৯৫,৫০৪ গৰাকীহে বাংলাদেশলৈ উভতি যোৱাৰ বিপৰীতে ১২,৪১,৯৭০ বৰ্তমানো অসমত আছে। তাৰোপৰি বাংলাদেশৰ পৰা আহি ঘূৰি নোযোৱা এইসকল লোকৰ পৰা জনসংখ্যা বৃদ্ধি পাই প্ৰায় ৪০,০০,০০০ ৰ ওচৰা-উচৰি হৈছেগৈ। এইদৰে কয় মুছাহাৰীয়ে।

তদুপৰি তেওঁ সভাত কয় যে তেওঁলোকে বাংলাদেশৰ পৰা লগত লৈ অহা সকলো ভিছা ইতিমধ্যে দলিয়াই দি ভাৰতীয় নাগৰিকৰ পৰিচয় পত্ৰ অথবা অন্যান্য নথি যুগুত কৰি লৈছে এইসকলে।

লক্ষণীয় যে প্ৰাক্তন ৰাজ্যপাল গৰাকীয়ে আধাৰ কাৰ্ডৰ লিংক এন আৰ চি লিংকৰ সৈতে যোগ কৰাৰ বাবে চৰকাৰ তথা প্ৰশাসনৰ লোকসকলক আহ্বান জনায়। তাৰ পিছতে সেই লিংকটো ভোটিং মেচিনৰ সৈতে সংযুক্ত কৰিবৰ বাবে আহ্বান জনায়। তেতিয়া কোনো ব্যক্তিয়ে তেওঁৰ নাম এন আৰ চি অথবা আধাৰ কাৰ্ডত নাথাকিলে তেওঁ ভোটদানৰ পৰা বিৰত থাকিব বুলি তেওঁ সভাত সদৰী কৰে। তেতিয়াই প্ৰকৃত বিদেশী চিনাক্তকৰণত চৰকাৰৰ সহায়ক হ’ব বুলি তেওঁ সদৰী কৰে।

সেই সভাতে তেওঁ বসবাস কৰা গাঁওখনৰ বহুসংখ্যকৰ বাসগৃহতে বিদ্যুৎ সংযোগ তথা খোৱাপানীৰ উপযুক্ত সুবিধা নথকা বুলি অভিযোগ তুলি কয় “খিলঞ্জীয়া সকলক গুৰুত্ব দিয়াৰ ক্ষেত্ৰত কেৱল বৰ্তমানৰ বিজেপি চৰকাৰে নহয় পূৰ্বৰ চৰকাৰ বিলাকেও অৱহেলাৰ দৃষ্টিৰে চাই আহিছে। আনকি মহানগৰীৰ বিভিন্ন প্ৰান্তত খোৱাপানীৰ ক্ষেত্ৰত বিভিন্ন অসুবিধাই দেখা দিছে। চৰকাৰৰ সততা আৰু ভাল চৰিত্ৰৰ অভাৱৰ বাবে অসমৰ খিলঞ্জীয়া সকলৰ উন্নয়ন হোৱা নাই বুলি মই ভাবো।”

খিলঞ্জীয়া মঞ্চৰ মুখ্য আহ্বায়ক অনুপ চেতিয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই মুকলি সভাতে মঞ্চৰ তৰফৰ পৰা অসমৰ এগৰাকী সংগীতজ্ঞ সূৰ্য্য দাস আৰু কেন্সাৰ ৰোগ নিৰাময়ৰ সৈতে দীৰ্ঘদিন জড়িত থকা দেৱাশিস শৰ্মাক সন্বৰ্ধনা জনোৱা হয়।

সম্বৰ্ধনা গ্ৰহণ কৰি সংগীত শিল্পী সূৰ্য্য দাসে পূৰ্বৰ কিছু স্মৃতি সোঁৱৰাৰ লগতে এটি দেশপ্ৰেমমূলক গীতো পৰিবেশন কৰে।
ভাষণ প্ৰসংগতে তেওঁ খিলঞ্জীয়া মঞ্চক ধন্যবাদ জনাই কয়, “বহুদিনৰ মূৰত আজি মই নিজৰ মাজত এজন নতুন সূৰ্য্যক বিচাৰি পাইছো। তাহানিৰ সূৰ্য্যও ৰঙা সূৰ্য্য বৰ্তমানো সেয়া ৰঙা সূৰ্য্য।” তদুপৰি তেওঁ খিলঞ্জীয়া ঐক্য মঞ্চক বিপ্লৱৰ এক নতুন সূচনা বুলি সদৰী কৰে।

এই সভাতে উপস্থিত থকা মানৱ অধিকাৰ কৰ্মী জেব্ৰাৰাম মুছাহাৰীয়ে ভাষণ প্ৰসংগত কয় “অসমত পূৰ্বৰে পৰা অনুসূচিত জনজাতিৰ দাবীত বহুতো প্ৰতিবাদ হৈ গৈছে। কিন্তু বৰ্তমানো বহুতো লোক এই অনুসূচিত জনজাতিৰ পৰা বাদ পৰি গৈছে। ইয়াত কিছু ৰাজনৈতিক কাৰণো জৰিত থাকিব পাৰে।

সেইবুলি কেৱল অনুসূচিত জনজাতি সমূহে যে খিলঞ্জীয়া নহয় সেইটো স্পষ্ট হয়। ১৯৮৭ চনৰ ২২ নৱেম্বৰৰ পৰা সেইসময়ৰ অসমৰ বড়ো সাংসদ সমৰ ব্ৰহ্ম চৌধুৰী আৰু ৰামচি বিশ্ববিদ্যালয়ৰ তেতিয়াৰ উপাচাৰ্য্য ড০ ৰামদেৱাল মুণ্ডাকে ধৰি পাঁচজন লোকে “খিলঞ্জীয়া আৰু জনজাতীয় জনগণ” (Indigenous Tribal People) নামৰ এটা গোটৰ জন্ম দিছিল। এই কথাই ইয়াকে প্ৰমাণ কৰে কেৱল অনুসূচিত জাতিৰ লোকসকলেই খিলঞ্জীয়া নহয়। ”

ভাষণৰ শেষৰ ফালে তেওঁ তিনিটা কেপচুল থাকিলেহে অসমত খিলঞ্জীয়া অস্তিত্ব অটুত থাকিব বুলি তাৎপৰ্য্যপূৰ্ণ মন্তব্য আগবঢ়ায়।

তেওঁৰ মতে প্ৰথম কেপচুল অৰ্থাৎ ‘c’ ৰ অৰ্থ হৈছে consultation (মন্ত্ৰণা), দ্বিতীয় ‘c’ ৰ অৰ্থ হৈছে Consensus (সকলোৰে সহমত) আৰু শেষৰ ‘c’ ৰ অৰ্থ হৈছে Concentration (কেন্দ্ৰীভূত কৰা)।

উল্লেখযোগ্য যে খিলঞ্জীয়া মঞ্চৰ প্ৰথম বাৰ্ষিক কেন্দ্ৰীয় অভিৱৰ্তনৰ এই মুকলি সভাত উচ্চতম ন্যায়ালয়ৰ বিশিষ্ট অধিবক্তা উপমন্যু হাজৰিকা, বুৰঞ্জীবিদ শ্ৰীকুমাৰ দহোটীয়াও উপস্থিত থাকে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd