DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, February 5, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ভুৱা প্ৰমাণ পত্ৰ, মাৰ্কশ্বিট দাখিল কৰাৰ বাবে মণিপুৰত ছয় গৰাকী স্নাতক শিক্ষকক বৰ্খাস্ত

এন ই নাও নিউজ by এন ই নাও নিউজ
January 22, 2018 1:17 pm
150
VIEWS
Share on FacebookShare on Twitter

মণিপুৰ চৰকাৰৰ শিক্ষা বিভাগে ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানৰ অধীনত স্নাতক শিক্ষকৰ চাকৰি লাভৰ বাবে ভুৱা মাৰ্কশ্বিট তথা প্ৰমাণ পত্ৰ দাখিল কৰাৰ বাবে ৰাজ্যখনৰ বিভিন্ন স্থানত চাকৰি কৰি থকা ছয় গৰাকী শিক্ষকক বৰ্খাস্ত কৰে।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি বৰ্খাস্ত হোৱা শিক্ষক কেইগৰাকীয়ে ২০১৬ চনৰ ২২ ডিচেম্বৰত ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানৰ অধীনত স্নাতক শিক্ষক হিচাপে নিযুক্তি লাভ কৰিছিল।

তেওঁলোকে স্নাতক শিক্ষকৰ বাবে বাধ্যতামূলক বিএড ডিগ্ৰীৰ ভুৱা মাৰ্কশ্বিট তথা প্ৰমাণ পত্ৰ দাখিল কৰিছিল।

স্নাতক শিক্ষক হিচাপে নিযুক্তি লাভৰ বাবে প্ৰৱঞ্চনাৰ আশ্ৰয় লোৱা ছয় গৰাকী শিক্ষকক শিক্ষা বিভাগৰ সঞ্চালক (বিদ্যালয় পৰ্যায়ৰ) টিএইচ কিৰনকুমাৰে বৰ্খাস্তৰ নিৰ্দেশ দি সুকীয়াকৈ পত্ৰ প্ৰেৰণ কৰিছে।

সঞ্চালকগৰাকীয়ে লগতে ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানৰ অতিৰিক্ত ৰাজ্যিক প্ৰকল্প সঞ্চালকগৰাকীক ভুৱা শিক্ষক কেইগৰাকীৰ বিৰুদ্ধে এমাহৰ ভিতৰত এজাহাৰ দাখিল কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে তেওঁলোকে চাকৰি কালত গ্ৰহণ কৰা দৰমহা আৰু অন্যান্য ভাট্টাৰ ধনসমূহ ছয় মাহৰ ভিতৰত আদায় কৰিবলৈকো নিৰ্দেশ দিয়ে।

চাকৰিৰ পৰা বৰ্খাস্ত হোৱা শিক্ষক কেইগৰাকী হৈছে ছালাম টাম্ফাছানা দেৱী, মানসী পামেই, লাকীছন মাংটে, টি লেটখাগিন হাওকিপ, আখামিলুউ গোনমেই আৰু কিউছিয়ানাং কাহমেই।

জানিব পৰা মতে ছালাম টাম্ফাছানা দেৱীয়ে ২০০৫ চনত বিএড ডিগ্ৰী দ্বিতীয় শ্ৰেণীত উত্তীৰ্ণ হৈছিল। কিন্তু তেওঁ শিক্ষা বিভাগত দাখিল কৰা প্ৰমাণ পত্ৰত প্ৰথম শ্ৰেণী দেখুওৱা হৈছিল আৰু মাৰ্কশ্বিটখনো কলেজৰ তথ্যৰ লগত পৰীক্ষা কৰি চোৱাৰ পিছত সেইখন জালিয়াতি কৰা বুলি শিক্ষা বিভাগ নিশ্চিত হৈছিল।

তদুপৰি, দেৱীয়ে দাখিল কৰা উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ প্ৰমাণ পত্ৰ তথা মাৰ্কশ্বিটো ভুৱা বুলি প্ৰমাণিত হৈছে।

আনহাতে, ২০১৪ চনত ইম্ফলৰ ডি এম কলেজ অফ টিচাৰ এডুকেশ্যনৰ পৰা বিএড উত্তীৰ্ণ বুলি দাখিল কৰা হাওকিপৰ প্ৰমাণ পত্ৰখনো ভুৱা বুলি চিনাক্ত হৈছে কিয়নো কলেজৰ তথ্য অনুসৰি তেওঁ সেই কলেজৰ ছাত্ৰই নাছিল।

 

Recent News

Man Bites Off Cop's Ear

অসহায় আৰক্ষী! বাহনত উঠাই নিয়াৰ মুহূৰ্ততে আৰক্ষী বিষয়াৰ কাণত কামোৰ আটকাধীন ব্যক্তিৰ

কেন্দ্ৰৰ প্ৰস্তাৱ অনুসৰি উচ্চতম ন্যায়ালয়ত ৫ গৰাকী নতুন ন্যায়াধীশক নিযুক্তি দিলে ৰাষ্ট্ৰপতিয়ে

কেন্দ্ৰৰ প্ৰস্তাৱ অনুসৰি উচ্চতম ন্যায়ালয়ত ৫ গৰাকী নতুন ন্যায়াধীশক নিযুক্তি দিলে ৰাষ্ট্ৰপতিয়ে

Ajit Bhuyan challenges Himanta Biswa Sarma

বিজেপি চৰকাৰৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ অভিযোগ তুলি পুনৰ সৰৱ সাংসদ অজিত ভূঞা: জনালে প্ৰত্যাহ্বান

stampede in Tamil Nadu

তামিলনাডুত ভয়াৱহ ঘটনা: শাৰী বিতৰণ অনুষ্ঠানত পদপিষ্ট হৈ চাৰি মহিলাৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd