• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, February 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মংগলদৈত বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰে উকীল সন্থাৰ শতবাৰ্ষিকী

NE NOW NEWS এন ই নাও নিউজ
গুবাহাটী , February 25, 2018 12:42 pm

3 min read

101
VIEWS
Share on FacebookShare on Twitter

যোৱা ২৪ ফেব্ৰুৱাৰিৰ পৰা মংগলদৈ উকীল সন্থাৰ শতবাৰ্ষিকী  উদ্‌যাপন তিনিদিনীয়া কাৰ্যসূচীৰে মংগলদৈ আদালত চৌহদত আৰম্ভ হৈছে। শতবাৰ্ষিকীৰ প্রথম দিনা শনিবাৰে পুৱা মূল পতাকা আৰু ৯৯ খন পতাকা উত্তোলনৰে শুভাৰম্ভণি কৰা হয় কাৰ্যসূচীৰ ।

প্ৰথম দিনাৰ কাৰ্য্যসূচী অনুসৰি শতবাৰ্ষিকী বন্তি প্রজ্বলন, স্মৃতি তৰ্পণ, প্ৰয়াত অধিবক্তাসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি তথা প্ৰয়াত অধিবক্তা পৰিয়ালবৰ্গক সম্বৰ্ধনা জ্ঞাপন আৰু বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠিত হয়।

দ্বিতীয় দিনৰ কাৰ্য্যসূচী সামূহিক স্বচ্ছ অভিযানেৰে আৰম্ভ কৰিব। স্বচ্ছ ভাৰত অভিযান শুভাৰম্ভণি কৰিব দৰং জিলাৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মনে। ইয়াৰ পিছতে বৃক্ষৰোপণ কাৰ্য্যসূচী আৰু আলোচনাচক্ৰ অনুষ্ঠিত হ’ব ।

আলোচনা চক্ৰ খনি উদ্বোধন কৰিব হাইক’ৰ্ট বাৰ এছ’চিয়েশ্যনৰ বিশিষ্ট অধিবক্তা ড০ হৰেন দাসে, সঞ্চালক হিচাপে উপস্থিত থাকিব হাইক’ৰ্ট বাৰ এছ’চিয়েশ্যনৰ সঞ্চালক তথা জ্যেষ্ঠ অধিবক্তা কৃষ্ণকান্ত মহন্ত, আলোচক মণ্ডলী হিচাপে উপস্থিত থাকিব গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা, ন্যায়াধীশ হৃষীকেষ ৰয়, জ্যেষ্ঠ অধিবক্তা নীলয় দত্ত আদিয়ে।

আবেলি ৩ বজাৰ পৰা আৰম্ভ হ’ব মংগলদৈ উকীল সন্থাৰ সদস্য-সদস্যাৰ প্ৰীতি সন্মিলন। সন্মিলনীখন সঞ্চালনা কৰিব শতবাৰ্ষিকী উদযাপন সমিতিৰ সম্পাদক শৈলেন্দ্ৰ কুমাৰ শৰ্মা বৰুৱাই।

সন্ধিয়া ৬ বজাত সাংস্কৃতিক অনুষ্ঠান আৰু সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হ’ব। সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব বিশিষ্ট নাট্যকাৰ, পৰিচালক হেমন্ত দত্তই।

তৃতীয় তথা অন্তিম দিনৰ কাৰ্য্যসূচী ৰূপায়ণ হ’ব মংগলদৈ উকীল সন্থাৰ সদস্য- সদস্যাসকলৰ দ্বাৰা সামূহিক স্বচ্ছ অভিযানেৰে।

তাৰ পাছতে মংগলদৈ কাৰাগাৰত কয়দীৰ মাজত ফলমূল বিতৰণ কাৰ্য্যসূচী ৰূপায়ণ কৰিব। দিনৰ ১২ বজাৰ পৰা মুকলি সভা।

শতবাৰ্ষিকী উদযাপন সমিতিৰ সভাপতি মাধৱ ৰাজবংশীৰ সভাপতিত্বত অনুষ্ঠিত হ’বলগীয়া মুকলি সভাখনি উদ্বোধন কৰিব জ্যেষ্ঠ অধিবক্তা গুৱাহাটী উচ্চ ন্যায়ালয় তথা বাৰ কাউঞ্চিল অৱ ইণ্ডিয়াৰ সভাপতি, কাৰ্যকৰী সমিতিৰ অপুৰ্ব শৰ্মাই।

মুখ্য অতিথি হিচাপে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিশিষ্ট অতিথি হিচাপে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মীৰ আলফাচ আলি, পাঞ্জাব মানৱ অধিকাৰ আয়োগৰ অধ্যক্ষ ইকবাল আহমেদ, স্মৃতিগ্রন্থ উন্মোচক অসম সাহিত্য সভাৰ সভাপতি ড০ পৰমানন্দ ৰাজবংশী, নিদিষ্ট বক্তা বিশিষ্ট চিকিৎসক, লেখক ডাঃ অঞ্জনজ্যোতি চৌধুৰী, সন্মানীয় অতিথি মংগলদৈ লোকসভা সমষ্টিৰ সাংসদ ৰমেন ডেকা, মংগলদৈ বিধানসভা সমষ্টিৰ বিধায়ক গুৰুজ্যোতি দাস, ছিপাঝাৰ বিধানসভা সমষ্টিৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়া, দলগাঁৱ বিধানসভা সমষ্টিৰ ইলিয়াছ আলি, কলাইগাঁৱ বিধানসভা সমষ্টিৰ বিধায়ক মহেশ্বৰ বড়ো, জ্যেষ্ঠ অধিবক্তা নেকিবুৰ জামান, সদৌ অসম উকীল সন্থাৰ সভাপতি নুৰুল ইছলাম চৌধুৰী, সদৌ অসম উকীল সন্থাৰ সম্পাদক দীপক দাসৰ লগতে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকিব আৰু সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান আৰু বন্তি প্রজ্বলনেৰে সামৰণি পৰিব বুলি শতবাৰ্ষিকী উদযাপন সমিতিৰ সভাপতি মাধৱ ৰাজবংশী আৰু সম্পাদক শৈলেন্দ্ৰ কুমাৰ শৰ্মা বৰুৱাই জনায়।

 

Recent News

bhaba

হাজোত বনদস্যুৰ বুকুত কঁপনি তুলিছে এগৰাকী মহিলা বন বিষয়াই

Sibsagar

আৰ্থিকভাৱে দুৰ্বল ছাত্ৰ-ছাত্ৰীৰ বাবে যুৱ উদ্ভাৱক অভিজিত দুৱৰাৰ আন এক উদ্ভাৱন ‘মনোৰথ’

IMG_20210225_150244

নির্বাচনৰ বাবে বুথ পৰ্য্যায়ৰ বিষয়া আৰু চুপাৰভাইজাৰসকলক বোকাখাত মহকুমা প্রশাসনৰ প্রশিক্ষণ

a cylin

জনতাৰ মূৰত ৰামটাঙোন চৰকাৰৰ! ফেব্ৰুৱাৰী মাহতে তৃতীয়বাৰৰ বাবে বৃদ্ধি ৰন্ধন গেছৰ ছিলিণ্ডাৰৰ মূল্য

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd