DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 24, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মটক জনগোষ্ঠীক সাংবিধানিক সুৰক্ষা প্ৰদান আৰু ভূমি অধিকাৰ প্ৰদান কৰাৰ দাবীত নাগৰিক অভিৱৰ্তন

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 16, 2018 10:14 am
মটক জনগোষ্ঠীক সাংবিধানিক সুৰক্ষা প্ৰদান আৰু ভূমি অধিকাৰ প্ৰদান কৰাৰ দাবীত নাগৰিক অভিৱৰ্তন
129
VIEWS
Share on FacebookShare on Twitter

‘অসমৰ ভূমিৰ ওপৰত অসমৰ খিলঞ্জীয়াৰ নিয়ন্ত্ৰণ নাইকীয়া হৈ আহিছে’, মটক জনগোষ্ঠীক সাংবিধানিক সুৰক্ষা প্ৰদান কৰাৰ দাবীত কালি  মহানগৰীৰ কনকলাল বৰুৱা প্ৰেক্ষাগহত আয়োজিত নাগৰিক অভিৱৰ্তনত এই মন্তব্য কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা শান্তনু বৰঠাকুৰে।

মটক জনগোষ্ঠীক পূৰ্বৰ চৰকাৰসমূহৰ দিনৰে পৰা সাংবিধানিক সুৰক্ষা প্ৰদান নকৰা তথা ভূমি অধিকাৰ প্ৰদান নকৰাৰ প্ৰতিবাদত সদৌ অসম মটক সন্মিলন, সদৌ অসম মটক যুব ছাত্ৰ সন্মিলন আৰু মটক মহিলা পৰিষদে উক্ত অভিৱৰ্তনখন আয়োজন কৰিছিল।

আলফাৰ সভাপতি অনুপ চেতিয়া, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক অখিল ৰঞ্জন দত্ত আদিৰ সৈতে আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত বৰঠাকুৰে কয় যে জনজাতিকৰণ মটকসকলৰ সুকীয়া অধিকাৰ। কিন্তু ৰাজনৈতিক প্ৰতিনিধিত্বৰ অভাবৰ বাবেই সৰু-সৰু জাতি-জনগোষ্ঠীসমূহৰ সমস্যাসমূহ বিধানসভাৰ মজিয়াত আলোচনা হোৱা নাই।

আনহাতে ৰাজ্য চৰকাৰে জনজাতিকৰণৰ সিদ্ধান্তটো কিয় নিজেই ল’ব নোৱাৰে বুলি প্ৰশ্ন কৰি ভাৰতৰ অতিকেন্দ্ৰীক শাসন ব্যৱস্থাক ইয়াৰ অন্যতম কাৰণ বুলি উল্লেখ কৰে।

এই সম্পৰ্কত তেওঁ আল্ফাৰ প্ৰসংগ টানি আনি কয়, ‘আলফাই সেইসময়ত এটা মৌলিক প্ৰশ্ন উত্থাপন কৰিছিল যে কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত থকা ক্ষমতাৰ বিতৰণ তাক কিয় এককেন্দ্ৰীক তথা অতিকেন্দ্ৰীক কৰা হ’ল?’ তেওঁৰ মতে, ‘ক্ষমতাক অতিকেন্দ্ৰীক কৰাৰ বাবে মটক সকলৰ দৰে অসমৰ ক্ষুদ্ৰ জনগোষ্ঠী বিলাকে নিজকে নিপীড়িত বুলি ভাবিবলগীয়া হৈছে।’

আনহাতে আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াই কয়, ‘অসম চুক্তিয়ে কেতিয়াও খিলঞ্জীয়াৰ অস্তিত্ব সুৰক্ষা কৰিব নোৱাৰে। ১৯৭১ চনটো ব্যৱহাৰ কৰা হৈছিল কেৱল অসমৰ পৰা বিদেশী নাগৰিকক বহিস্কাৰ কৰিবৰ বাবেহে। সেই চুক্তিখন খিলঞ্জীয়াৰ সংজ্ঞা নিৰ্ধাৰণৰ বাবে কৰা হোৱা নাছিল। অসম আন্দোলনৰ সময়ত অসমৰ ৰাইজৰ দাবী আছিল যে ১৯৫১ চনটো ভিত্তি বৰ্ষ হওঁক। কিন্তু সেই চনটো গ্ৰহণ কৰা নহ’ল। সেই চনটো গ্ৰহণ কৰাহেঁতেন অসমৰ বহু সমস্যাই সমাধান হ’লহেঁতেন।সেই সময়তে যদি কেন্দ্ৰীয় চৰকাৰে সেই সমস্যাটো গুৰুত্ব প্ৰদান কৰিলেহেঁতেন তেন্তে নিশ্চয়কৈ এন আৰ চি প্ৰস্তুত কৰাৰ ক্ষেত্ৰত ইমানখিনি বেমেজালিৰ সৃষ্টি নহ’লহেঁতেন। ‘’

তেওঁ কয়, ‘বড়ো জনজাতি, ধৰি অন্যান্য ৫ জনগোষ্ঠী আৰু আছুৰ সৈতে মই আলোচনাত বহিছিলো। তেওঁলোকে এটা কথাই কৈছিল যে মৰাণ-মটকসকল জনজাতিকৰণ হ’লে তেওঁলোকৰ কোনো আপত্তি নাই।’

এই সভাতে মুখ্য বক্তা হিচাপে উপস্থিত থকা বুদ্ধিজীবি তথা গুৱাহাটী বিশ্ব বিদ্যালয়ৰ অধ্যাপক অখিল ৰঞ্জন দত্তই ভাষণ প্ৰদান কৰি কয়, ‘লোকসভাৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ভাৰতীয় জনতা পাৰ্টীয়ে অসমৰ প্ৰত্যেকখন বাতৰি কাকতৰ দুটাকৈ পৃষ্ঠা দখল কৰিছিল। সেই বিজ্ঞাপনতে অনুসূচীত জনজাতিক মৰ্য্যাদা প্ৰদান কৰাৰ কথাষাৰ স্পষ্টৰূপত উল্লেখ আছিল। কিন্তু বৰ্তমান বিজেপিয়ে সেই বিজ্ঞাপনৰ প্ৰতিশ্ৰুতি পাহৰি পেলালে। মৰাণ, মটক, বড়ো লোকসকলৰ ভোটৰ অবিহনে বিজেপি চৰকাৰ কেতিয়াও শাসনলৈ আহিব নোৱাৰিলেহেঁতেন।’

তদুপৰি বিজেপি চৰকাৰে বিভাজনৰ ৰাজনীতি কৰা বুলি মন্তব্য কৰি তেওঁ কয়, ‘ছয় জনজাতিক জনজাতিকৰণৰ কথা ২০১৬ চনৰ নিৰ্বাচনৰ পূৰ্বলৈকে ঘোষণা কৰিও নিৰ্বাচনত কেবল হাগ্ৰামা মহিলাৰীক মিত্ৰজোঁটত ৰাখিলে। জনজাতিকৰণ লাভ কৰি থকা সকলৰ মাজত তথা জনজাতিকৰণৰ বাবে প্ৰতিবাদ কৰি অহা সকলৰ মাজত বিভেদৰ ৰাজনীতি কৰিবলৈ আৰম্ভ কৰিছে বিজেপি চৰকাৰে। এইটো আটাইতকৈ বিষাক্ত তথা ভয়াবহ ৰাজনীতি।’

Recent News

খাদ্যৰ অভাৱ! কাৰাগাৰৰ ভিতৰতে অসুস্থ হৈ পৰিল নৱজ্যোত সিং সিদ্ধু

খাদ্যৰ অভাৱ! কাৰাগাৰৰ ভিতৰতে অসুস্থ হৈ পৰিল নৱজ্যোত সিং সিদ্ধু

Mamata Banerjee hit out at the BJP

হিটলাৰ, মুছুলিনিতকৈও ভয়াৱহ বিজেপিৰ শাসন: বিজেপিৰ বিৰুদ্ধে সৰৱ তৃণমূল মূৰব্বী

bride refuses to marry 'bald' groom

বিবাহথলীত অঘটন! খুলি পৰিল দৰাৰ উইগ: মিথ্যাচাৰিতাৰ দোহাই দি বিবাহত অমান্তি কইনাৰ

কৰ্ম সংস্থাপনৰ প্ৰলোভনেৰে বহিঃৰাজ্যলৈ নিবলৈ ওলোৱা পাঁচ কিশোৰীক উদ্ধাৰ

কৰ্ম সংস্থাপনৰ প্ৰলোভনেৰে বহিঃৰাজ্যলৈ নিবলৈ ওলোৱা পাঁচ কিশোৰীক উদ্ধাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd