‘অসমৰ ভূমিৰ ওপৰত অসমৰ খিলঞ্জীয়াৰ নিয়ন্ত্ৰণ নাইকীয়া হৈ আহিছে’, মটক জনগোষ্ঠীক সাংবিধানিক সুৰক্ষা প্ৰদান কৰাৰ দাবীত কালি মহানগৰীৰ কনকলাল বৰুৱা প্ৰেক্ষাগহত আয়োজিত নাগৰিক অভিৱৰ্তনত এই মন্তব্য কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা শান্তনু বৰঠাকুৰে।
মটক জনগোষ্ঠীক পূৰ্বৰ চৰকাৰসমূহৰ দিনৰে পৰা সাংবিধানিক সুৰক্ষা প্ৰদান নকৰা তথা ভূমি অধিকাৰ প্ৰদান নকৰাৰ প্ৰতিবাদত সদৌ অসম মটক সন্মিলন, সদৌ অসম মটক যুব ছাত্ৰ সন্মিলন আৰু মটক মহিলা পৰিষদে উক্ত অভিৱৰ্তনখন আয়োজন কৰিছিল।
আলফাৰ সভাপতি অনুপ চেতিয়া, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক অখিল ৰঞ্জন দত্ত আদিৰ সৈতে আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত বৰঠাকুৰে কয় যে জনজাতিকৰণ মটকসকলৰ সুকীয়া অধিকাৰ। কিন্তু ৰাজনৈতিক প্ৰতিনিধিত্বৰ অভাবৰ বাবেই সৰু-সৰু জাতি-জনগোষ্ঠীসমূহৰ সমস্যাসমূহ বিধানসভাৰ মজিয়াত আলোচনা হোৱা নাই।
আনহাতে ৰাজ্য চৰকাৰে জনজাতিকৰণৰ সিদ্ধান্তটো কিয় নিজেই ল’ব নোৱাৰে বুলি প্ৰশ্ন কৰি ভাৰতৰ অতিকেন্দ্ৰীক শাসন ব্যৱস্থাক ইয়াৰ অন্যতম কাৰণ বুলি উল্লেখ কৰে।
এই সম্পৰ্কত তেওঁ আল্ফাৰ প্ৰসংগ টানি আনি কয়, ‘আলফাই সেইসময়ত এটা মৌলিক প্ৰশ্ন উত্থাপন কৰিছিল যে কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত থকা ক্ষমতাৰ বিতৰণ তাক কিয় এককেন্দ্ৰীক তথা অতিকেন্দ্ৰীক কৰা হ’ল?’ তেওঁৰ মতে, ‘ক্ষমতাক অতিকেন্দ্ৰীক কৰাৰ বাবে মটক সকলৰ দৰে অসমৰ ক্ষুদ্ৰ জনগোষ্ঠী বিলাকে নিজকে নিপীড়িত বুলি ভাবিবলগীয়া হৈছে।’
আনহাতে আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াই কয়, ‘অসম চুক্তিয়ে কেতিয়াও খিলঞ্জীয়াৰ অস্তিত্ব সুৰক্ষা কৰিব নোৱাৰে। ১৯৭১ চনটো ব্যৱহাৰ কৰা হৈছিল কেৱল অসমৰ পৰা বিদেশী নাগৰিকক বহিস্কাৰ কৰিবৰ বাবেহে। সেই চুক্তিখন খিলঞ্জীয়াৰ সংজ্ঞা নিৰ্ধাৰণৰ বাবে কৰা হোৱা নাছিল। অসম আন্দোলনৰ সময়ত অসমৰ ৰাইজৰ দাবী আছিল যে ১৯৫১ চনটো ভিত্তি বৰ্ষ হওঁক। কিন্তু সেই চনটো গ্ৰহণ কৰা নহ’ল। সেই চনটো গ্ৰহণ কৰাহেঁতেন অসমৰ বহু সমস্যাই সমাধান হ’লহেঁতেন।সেই সময়তে যদি কেন্দ্ৰীয় চৰকাৰে সেই সমস্যাটো গুৰুত্ব প্ৰদান কৰিলেহেঁতেন তেন্তে নিশ্চয়কৈ এন আৰ চি প্ৰস্তুত কৰাৰ ক্ষেত্ৰত ইমানখিনি বেমেজালিৰ সৃষ্টি নহ’লহেঁতেন। ‘’
তেওঁ কয়, ‘বড়ো জনজাতি, ধৰি অন্যান্য ৫ জনগোষ্ঠী আৰু আছুৰ সৈতে মই আলোচনাত বহিছিলো। তেওঁলোকে এটা কথাই কৈছিল যে মৰাণ-মটকসকল জনজাতিকৰণ হ’লে তেওঁলোকৰ কোনো আপত্তি নাই।’
এই সভাতে মুখ্য বক্তা হিচাপে উপস্থিত থকা বুদ্ধিজীবি তথা গুৱাহাটী বিশ্ব বিদ্যালয়ৰ অধ্যাপক অখিল ৰঞ্জন দত্তই ভাষণ প্ৰদান কৰি কয়, ‘লোকসভাৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ভাৰতীয় জনতা পাৰ্টীয়ে অসমৰ প্ৰত্যেকখন বাতৰি কাকতৰ দুটাকৈ পৃষ্ঠা দখল কৰিছিল। সেই বিজ্ঞাপনতে অনুসূচীত জনজাতিক মৰ্য্যাদা প্ৰদান কৰাৰ কথাষাৰ স্পষ্টৰূপত উল্লেখ আছিল। কিন্তু বৰ্তমান বিজেপিয়ে সেই বিজ্ঞাপনৰ প্ৰতিশ্ৰুতি পাহৰি পেলালে। মৰাণ, মটক, বড়ো লোকসকলৰ ভোটৰ অবিহনে বিজেপি চৰকাৰ কেতিয়াও শাসনলৈ আহিব নোৱাৰিলেহেঁতেন।’
তদুপৰি বিজেপি চৰকাৰে বিভাজনৰ ৰাজনীতি কৰা বুলি মন্তব্য কৰি তেওঁ কয়, ‘ছয় জনজাতিক জনজাতিকৰণৰ কথা ২০১৬ চনৰ নিৰ্বাচনৰ পূৰ্বলৈকে ঘোষণা কৰিও নিৰ্বাচনত কেবল হাগ্ৰামা মহিলাৰীক মিত্ৰজোঁটত ৰাখিলে। জনজাতিকৰণ লাভ কৰি থকা সকলৰ মাজত তথা জনজাতিকৰণৰ বাবে প্ৰতিবাদ কৰি অহা সকলৰ মাজত বিভেদৰ ৰাজনীতি কৰিবলৈ আৰম্ভ কৰিছে বিজেপি চৰকাৰে। এইটো আটাইতকৈ বিষাক্ত তথা ভয়াবহ ৰাজনীতি।’