• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মটক জনগোষ্ঠীক সাংবিধানিক সুৰক্ষা প্ৰদান আৰু ভূমি অধিকাৰ প্ৰদান কৰাৰ দাবীত নাগৰিক অভিৱৰ্তন

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 16, 2018 10:14 am
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘অসমৰ ভূমিৰ ওপৰত অসমৰ খিলঞ্জীয়াৰ নিয়ন্ত্ৰণ নাইকীয়া হৈ আহিছে’, মটক জনগোষ্ঠীক সাংবিধানিক সুৰক্ষা প্ৰদান কৰাৰ দাবীত কালি  মহানগৰীৰ কনকলাল বৰুৱা প্ৰেক্ষাগহত আয়োজিত নাগৰিক অভিৱৰ্তনত এই মন্তব্য কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা শান্তনু বৰঠাকুৰে।

মটক জনগোষ্ঠীক পূৰ্বৰ চৰকাৰসমূহৰ দিনৰে পৰা সাংবিধানিক সুৰক্ষা প্ৰদান নকৰা তথা ভূমি অধিকাৰ প্ৰদান নকৰাৰ প্ৰতিবাদত সদৌ অসম মটক সন্মিলন, সদৌ অসম মটক যুব ছাত্ৰ সন্মিলন আৰু মটক মহিলা পৰিষদে উক্ত অভিৱৰ্তনখন আয়োজন কৰিছিল।

Apply Now

আলফাৰ সভাপতি অনুপ চেতিয়া, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক অখিল ৰঞ্জন দত্ত আদিৰ সৈতে আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত বৰঠাকুৰে কয় যে জনজাতিকৰণ মটকসকলৰ সুকীয়া অধিকাৰ। কিন্তু ৰাজনৈতিক প্ৰতিনিধিত্বৰ অভাবৰ বাবেই সৰু-সৰু জাতি-জনগোষ্ঠীসমূহৰ সমস্যাসমূহ বিধানসভাৰ মজিয়াত আলোচনা হোৱা নাই।

আনহাতে ৰাজ্য চৰকাৰে জনজাতিকৰণৰ সিদ্ধান্তটো কিয় নিজেই ল’ব নোৱাৰে বুলি প্ৰশ্ন কৰি ভাৰতৰ অতিকেন্দ্ৰীক শাসন ব্যৱস্থাক ইয়াৰ অন্যতম কাৰণ বুলি উল্লেখ কৰে।

এই সম্পৰ্কত তেওঁ আল্ফাৰ প্ৰসংগ টানি আনি কয়, ‘আলফাই সেইসময়ত এটা মৌলিক প্ৰশ্ন উত্থাপন কৰিছিল যে কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত থকা ক্ষমতাৰ বিতৰণ তাক কিয় এককেন্দ্ৰীক তথা অতিকেন্দ্ৰীক কৰা হ’ল?’ তেওঁৰ মতে, ‘ক্ষমতাক অতিকেন্দ্ৰীক কৰাৰ বাবে মটক সকলৰ দৰে অসমৰ ক্ষুদ্ৰ জনগোষ্ঠী বিলাকে নিজকে নিপীড়িত বুলি ভাবিবলগীয়া হৈছে।’

আনহাতে আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াই কয়, ‘অসম চুক্তিয়ে কেতিয়াও খিলঞ্জীয়াৰ অস্তিত্ব সুৰক্ষা কৰিব নোৱাৰে। ১৯৭১ চনটো ব্যৱহাৰ কৰা হৈছিল কেৱল অসমৰ পৰা বিদেশী নাগৰিকক বহিস্কাৰ কৰিবৰ বাবেহে। সেই চুক্তিখন খিলঞ্জীয়াৰ সংজ্ঞা নিৰ্ধাৰণৰ বাবে কৰা হোৱা নাছিল। অসম আন্দোলনৰ সময়ত অসমৰ ৰাইজৰ দাবী আছিল যে ১৯৫১ চনটো ভিত্তি বৰ্ষ হওঁক। কিন্তু সেই চনটো গ্ৰহণ কৰা নহ’ল। সেই চনটো গ্ৰহণ কৰাহেঁতেন অসমৰ বহু সমস্যাই সমাধান হ’লহেঁতেন।সেই সময়তে যদি কেন্দ্ৰীয় চৰকাৰে সেই সমস্যাটো গুৰুত্ব প্ৰদান কৰিলেহেঁতেন তেন্তে নিশ্চয়কৈ এন আৰ চি প্ৰস্তুত কৰাৰ ক্ষেত্ৰত ইমানখিনি বেমেজালিৰ সৃষ্টি নহ’লহেঁতেন। ‘’

তেওঁ কয়, ‘বড়ো জনজাতি, ধৰি অন্যান্য ৫ জনগোষ্ঠী আৰু আছুৰ সৈতে মই আলোচনাত বহিছিলো। তেওঁলোকে এটা কথাই কৈছিল যে মৰাণ-মটকসকল জনজাতিকৰণ হ’লে তেওঁলোকৰ কোনো আপত্তি নাই।’

এই সভাতে মুখ্য বক্তা হিচাপে উপস্থিত থকা বুদ্ধিজীবি তথা গুৱাহাটী বিশ্ব বিদ্যালয়ৰ অধ্যাপক অখিল ৰঞ্জন দত্তই ভাষণ প্ৰদান কৰি কয়, ‘লোকসভাৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ভাৰতীয় জনতা পাৰ্টীয়ে অসমৰ প্ৰত্যেকখন বাতৰি কাকতৰ দুটাকৈ পৃষ্ঠা দখল কৰিছিল। সেই বিজ্ঞাপনতে অনুসূচীত জনজাতিক মৰ্য্যাদা প্ৰদান কৰাৰ কথাষাৰ স্পষ্টৰূপত উল্লেখ আছিল। কিন্তু বৰ্তমান বিজেপিয়ে সেই বিজ্ঞাপনৰ প্ৰতিশ্ৰুতি পাহৰি পেলালে। মৰাণ, মটক, বড়ো লোকসকলৰ ভোটৰ অবিহনে বিজেপি চৰকাৰ কেতিয়াও শাসনলৈ আহিব নোৱাৰিলেহেঁতেন।’

তদুপৰি বিজেপি চৰকাৰে বিভাজনৰ ৰাজনীতি কৰা বুলি মন্তব্য কৰি তেওঁ কয়, ‘ছয় জনজাতিক জনজাতিকৰণৰ কথা ২০১৬ চনৰ নিৰ্বাচনৰ পূৰ্বলৈকে ঘোষণা কৰিও নিৰ্বাচনত কেবল হাগ্ৰামা মহিলাৰীক মিত্ৰজোঁটত ৰাখিলে। জনজাতিকৰণ লাভ কৰি থকা সকলৰ মাজত তথা জনজাতিকৰণৰ বাবে প্ৰতিবাদ কৰি অহা সকলৰ মাজত বিভেদৰ ৰাজনীতি কৰিবলৈ আৰম্ভ কৰিছে বিজেপি চৰকাৰে। এইটো আটাইতকৈ বিষাক্ত তথা ভয়াবহ ৰাজনীতি।’

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

June 30, 2026 9:33 pm
‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

June 30, 2026 9:21 pm
প্ৰধানমন্ত্ৰী মোদীৰ মুখা পিন্ধি মোবাইল দোকানত চুৰিৰ চেষ্টা, চিচিটিভি কেমেৰাত আৱদ্ধ সমগ্ৰ দৃশ্য

প্ৰধানমন্ত্ৰী মোদীৰ মুখা পিন্ধি মোবাইল দোকানত চুৰিৰ চেষ্টা, চিচিটিভি কেমেৰাত আৱদ্ধ সমগ্ৰ দৃশ্য

June 30, 2026 8:53 pm
হৰমুজ প্ৰণালী পাৰ হওঁতে নিৰুদ্দেশ ৬০ শতাংশতকৈও অধিক ভাৰতমুখী জাহাজ : আচলতে কি ঘটিছে জানিলে হ’ব আচৰিত

হৰমুজ প্ৰণালী পাৰ হওঁতে নিৰুদ্দেশ ৬০ শতাংশতকৈও অধিক ভাৰতমুখী জাহাজ : আচলতে কি ঘটিছে জানিলে হ’ব আচৰিত

June 30, 2026 8:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

June 30, 2026 9:33 pm
‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

June 30, 2026 9:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd