• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ সন্মুখত কংগ্ৰেছৰ প্ৰতিবাদ আন্তৰিকতাবিহীন, ছোনম ৱাংচুকৰ পত্নীৰ বিস্ফোৰক মন্তব্য

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাসভৱনৰ সন্মুখত কংগ্ৰেছে কৰা প্ৰতিবাদক লৈ তীব্ৰ সমালোচনা কৰিছে সমাজকৰ্মী ছোনম ৱাংচুকৰ পত্নী গীতাঞ্জলি আংমোৱে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 23, 2026 5:42 pm
23
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাসভৱনৰ সন্মুখত কংগ্ৰেছে কৰা প্ৰতিবাদক লৈ তীব্ৰ সমালোচনা কৰিছে সমাজকৰ্মী ছোনম ৱাংচুকৰ পত্নী গীতাঞ্জলি আংমোৱে। যোৱা ২১ জুলাইত কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু আন বহুতো নেতাই কৰা এই প্ৰতিবাদক তেওঁ আন্তৰিকতাবিহীন বুলি অভিহিত কৰিছে। তেওঁ কয় যে নেতাসকলে প্ৰধানমন্ত্ৰীৰ আৱাসৰ সন্মুখত প্ৰতিবাদ কৰাৰ সলনি যন্তৰ মন্তৰত গৈ শিক্ষাৰ্থীসকলৰ লগত থিয় দিয়া উচিত আছিল। পেপাৰ ফাদিলৰ বিৰুদ্ধে ছোনম ৱাংচুকৰ অনশনৰ মাজতে তেওঁৰ পত্নীয়ে এই মন্তব্য কৰিছে।

 ইণ্ডিয়া টুডেক দিয়া এক সাক্ষাৎকাৰত গীতাঞ্জলিয়ে কয় যে ৰাজনীতিবিদসকলে এতিয়া ছোনম ৱাংচুক আৰু তেওঁৰ সুনামক নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰিছে। কিন্তু ৰাইজক আৰু মূৰ্খ সজাব নোৱাৰি, কিয়নো ভাৰতৰ মানুহ এতিয়া সজাগ হৈছে। যিসকলৰ আন্তৰিকতা নাই, তেওঁলোকক যুৱপ্ৰজন্মই খাৰিজ কৰিব বুলিও সমাজকৰ্মীগৰাকীয়ে উল্লেখ কৰে। যোৱা সপ্তাহত যন্তৰ মন্তৰৰ পৰা আঁতৰাই দিয়াৰ পাছতো চিকিৎসালয়ত ৱাংচুকে নিজৰ অনশন অব্যাহত ৰাখিছে আৰু বৃহস্পতিবাৰে এই অনশন ২৬ দিনত ভৰি দিছে। উল্লেখযোগ্য যে সংসদলৈ যোৱা শিক্ষাৰ্থীসকলৰ ওপৰত হোৱা আৰক্ষীৰ কাৰ্যবাহীক লৈ ৰাহুল গান্ধীয়ে প্ৰতিবাদ কৰাৰ সময়ত তেওঁক টানি চোঁচৰাই নিয়া হৈছিল আৰু তেওঁৰ নাকৰ পৰা তেজ ওলাইছিল। কংগ্ৰেছে এই প্ৰতিবাদৰ জৰিয়তে মূল সমস্যাক লৈ ৰাজনীতি কৰিব বিচৰা বুলি গীতাঞ্জলিয়ে ইংগিত দিছে।

Apply Now

গীতাঞ্জলি আংমোৱে স্পষ্ট কৰি দিয়ে যে এই ছাত্ৰ আন্দোলন সম্পূৰ্ণৰূপে অৰাজনৈতিক। ককৰোচ জনতা পাৰ্টিৰ নেতৃত্বত হোৱা এই আন্দোলনে ৰাজনৈতিক শ্ৰেণীক স্পষ্ট বাৰ্তা দিছে যে এতিয়া কেৱল প্ৰতীকী প্ৰতিবাদেৰে একো নহ‘ব। অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ পৰা শিক্ষা গ্ৰহণ কৰা গীতাঞ্জলিয়ে কয় যে তেওঁলোকৰ বাবে কোনো বিৰোধী বা চৰকাৰ নাই, সংসদেই হৈছে সৰ্বোচ্চ প্ৰতিষ্ঠান। তেওঁলোকে বিচাৰে যে সংসদে শিক্ষাক এক মূল বিষয় হিচাপে গুৰুত্ব দিয়ক। তেওঁ লগতে কয় যে যিসকলে কোনো ৰাজনৈতিক উদ্দেশ্য নোহোৱাকৈ আহিব বিচাৰে, তেওঁলোকক আদৰণি জনোৱা হ‘ব, কিন্তু নিজৰ স্বাৰ্থ লৈ অহাজন আন্দোলনৰ পৰা আঁতৰি যাবলৈ বাধ্য হ‘ব।

বিজেপিৰ বিৰুদ্ধেও সৰৱ হৈ পৰে গীতাঞ্জলি আংমো। তেওঁ কয় যে বিজেপি প্ৰকৃত হিন্দু বা প্ৰকৃত জাতীয়তাবাদী দল নহয়। ২০ জুলাইত হোৱা সংসদ চলো কাৰ্যসূচীত সকলো ধৰ্ম আৰু শ্ৰেণীৰ মানুহে অংশগ্ৰহণ কৰিছিল, আৰু সেয়াই প্ৰকৃত হিন্দু ধৰ্মৰ নিদৰ্শন বুলি তেওঁ উল্লেখ কৰে। ন্যায় আৰু স্বাধীনতাত বাধা দিয়া আৰু প্ৰতিবাদকাৰী যুৱক–যুৱতীসকলক দেশদ্ৰোহী বুলি কোৱাটো কেতিয়াও ৰাষ্ট্ৰীয়তাবাদ হ‘ব নোৱাৰে বুলি তেওঁ মন্তব্য কৰে। সেয়েহে তেওঁ বিজেপিক নিজকে হিন্দু ৰাষ্ট্ৰীয়তাবাদী দল বুলি কৈ হিন্দু ধৰ্মক লজ্জিত নকৰিবলৈ আহ্বান জনায়।

যোৱা ১৮ জুলাইত যন্তৰ মন্তৰৰ পৰা আঁতৰোৱাৰ পাছৰে পৰা গীতাঞ্জলিয়ে ৱাংচুকৰ লগত ছাঁৰ দৰে লাগি আছে। দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত তেওঁক চৰকাৰী চিকিৎসালয়ৰ পৰা নিজৰ পচন্দৰ চিকিৎসালয়লৈ নিয়া হয়। বুধবাৰে ৱাংচুকে নিজৰ অনশন ভংগ কৰাৰ বাবে চৰকাৰলৈ কিছুমান দাবী উত্থাপন কৰি এখন পত্ৰ প্ৰকাশ কৰে। ইয়াত তেওঁ ২০ জুলাইৰ সমদলত অংশগ্ৰহণ কৰা কোনো ছাত্ৰ–ছাত্ৰীৰ ওপৰত শাস্তিমূলক ব্যৱস্থা নোলোৱাৰ প্ৰতিশ্ৰুতি বিচাৰে। অৱশ্যে শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ মূল দাবীটো এই পত্ৰত উল্লেখ নাছিল। ৱাংচুকে জানিবলৈ দিয়ে যে চিকিৎসালয়ত তেওঁক সাক্ষাৎ কৰা কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা আৰু জিতেন্দ্ৰ সিঙে শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীটো বিবেচনা কৰা হ‘ব বুলি আশ্বাস দিয়াৰ বাবেই তেওঁ স্থিতি কিছু সলনি কৰিছে।

 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘সুন্দৰ নিতম্ব’ মন্তব্যৰে বিতৰ্কত ড’নাল্ড ট্ৰাম্প; মিশিগানৰ সভাত নিকি মিনাজৰ ওচৰত ক্ষমা বিচাৰিলে ৰাষ্ট্ৰপতিয়ে ড’নাল্ড ট্ৰাম্পে

‘সুন্দৰ নিতম্ব’ মন্তব্যৰে বিতৰ্কত ড’নাল্ড ট্ৰাম্প; মিশিগানৰ সভাত নিকি মিনাজৰ ওচৰত ক্ষমা বিচাৰিলে ৰাষ্ট্ৰপতিয়ে ড’নাল্ড ট্ৰাম্পে

October 26, 2026 9:21 pm
বিপন্ন হ’ব নেকি অনুসন্ধানমূলক সাংবাদিকতা? কেন্দ্ৰৰ তথ্য গোপনীয়তা আইনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ দেশৰ ২১টা শীৰ্ষ সংবাদ গোষ্ঠী 

বিপন্ন হ’ব নেকি অনুসন্ধানমূলক সাংবাদিকতা? কেন্দ্ৰৰ তথ্য গোপনীয়তা আইনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ দেশৰ ২১টা শীৰ্ষ সংবাদ গোষ্ঠী 

October 26, 2026 8:26 pm
৮০ বছৰীয়া বৃদ্ধ আৰু ৭০ৰ লোকশিল্পী মুখ্য চৰিত্ৰত! পুত্ৰৰ বাবে বাট চাই থকা এহাল দম্পতীৰ কাহিনীৰে আহি আছে ‘পায়াৰ’

৮০ বছৰীয়া বৃদ্ধ আৰু ৭০ৰ লোকশিল্পী মুখ্য চৰিত্ৰত! পুত্ৰৰ বাবে বাট চাই থকা এহাল দম্পতীৰ কাহিনীৰে আহি আছে ‘পায়াৰ’

October 26, 2026 6:19 pm
পাছিঘাটৰ পাছত এইবাৰ উজনি সোৱণশিৰি: বৃহৎ জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে প্ৰতিবাদত জ্বলি উঠিল অৰুণাচল

পাছিঘাটৰ পাছত এইবাৰ উজনি সোৱণশিৰি: বৃহৎ জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে প্ৰতিবাদত জ্বলি উঠিল অৰুণাচল

October 26, 2026 5:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘সুন্দৰ নিতম্ব’ মন্তব্যৰে বিতৰ্কত ড’নাল্ড ট্ৰাম্প; মিশিগানৰ সভাত নিকি মিনাজৰ ওচৰত ক্ষমা বিচাৰিলে ৰাষ্ট্ৰপতিয়ে ড’নাল্ড ট্ৰাম্পে

‘সুন্দৰ নিতম্ব’ মন্তব্যৰে বিতৰ্কত ড’নাল্ড ট্ৰাম্প; মিশিগানৰ সভাত নিকি মিনাজৰ ওচৰত ক্ষমা বিচাৰিলে ৰাষ্ট্ৰপতিয়ে ড’নাল্ড ট্ৰাম্পে

October 26, 2026 9:21 pm
বিপন্ন হ’ব নেকি অনুসন্ধানমূলক সাংবাদিকতা? কেন্দ্ৰৰ তথ্য গোপনীয়তা আইনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ দেশৰ ২১টা শীৰ্ষ সংবাদ গোষ্ঠী 

বিপন্ন হ’ব নেকি অনুসন্ধানমূলক সাংবাদিকতা? কেন্দ্ৰৰ তথ্য গোপনীয়তা আইনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ দেশৰ ২১টা শীৰ্ষ সংবাদ গোষ্ঠী 

October 26, 2026 8:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd