• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, April 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মদৰ বিশুদ্ধতা ৰক্ষাৰ বাবে কঠোৰ পদক্ষেপ অসম চৰকাৰৰ; শাস্তি বৃদ্ধি ভেজালকাৰীৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , May 4, 2018 9:25 pm

2 min read

excise act assam amended

প্ৰতিনিধিত্বমূলক ছবি

120
VIEWS
Share on FacebookShare on Twitter

মদৰ বিশুদ্ধতা ৰক্ষাৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে অসম চৰকাৰে। আবকাৰী আইন, ২০০০ ( Excise Act, 2000 )ৰ শেহতীয়া সংশোধনী সন্দৰ্ভত আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ অধ্যক্ষতাত আবকাৰী আৰু অসম আৰক্ষীৰ চোৰাংচোৱা বিভাগৰ বিষয়াসকলৰ গুৱাহাটীত আজি ৪ মে’ত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়।

মাদক দ্ৰব্য ভেজালকৰণৰ বিৰুদ্ধে আবকাৰী বিভাগ কঠোৰ হোৱা বুলি জানিবলৈ দি আবকাৰী আয়ুক্তালয়ৰ পৰা আজি নৰ্থ ইষ্ট নাওলৈ প্ৰেৰণ কৰা এক বিবৃতিত কোৱা হৈছে যে ‘পূৰ্বে জামিনৰ ব্যৱস্থা থকা ৫১ (ক), ৫৪ আৰু ৫৫ ধাৰা এতিয়া জামিনবিহীন কৰা হ’ল। মাদকদ্ৰব্য ভেজালকৰণ বা মানুহক ‘ডিনেচাৰ স্পিৰিট’ সেৱন কৰাবলৈ কৰা চেষ্টাৰ জৰিমণাৰ ক্ষেত্ৰত ৫৫ ধাৰাৰ অধীনত  দুই লাখ টকা পৰ্য্যন্ত জৰিমণাসহ পাঁচবছৰলৈকে কাৰাবাসৰ ব্যৱস্থা কৰা হৈছে।’

কোম্পানিসমূহে সংঘটিত কৰা অপৰাধ বিচাৰ আৰু শাস্তি বিধানৰ বাবে আবকাৰী আইন, ২০০০ত ৬৪(ক) ধাৰা নতুনকৈ সংলগ্ন কৰা হৈছে।

সেইদৰে মাদকদ্ৰব্যৰ বেআইনী আমদানি, ৰপ্তানি, পৰিবহণ, প্ৰস্তুত, বিক্ৰীৰ ক্ষেত্ৰত ৫১ (ক) ধাৰাৰ অধীনত পাঁচ লাখ টকা পৰ্য্যন্ত জৰিমণাসহ তিনিবছৰ পৰ্য্যন্ত কাৰাবাসৰ ব্যৱস্থা কৰা হৈছে।

৫৪ ধাৰাৰ অধীনত মাদকদ্ৰব্যৰ চোৰাং মজুতকৰণেৰে কৰফাঁকি দিয়াসকলক পাঁচ লাখ টকা পৰ্য্যন্ত জৰিমণাসহ তিনিবছৰলৈ কাৰাবাসৰ শাস্তিৰ ব্যৱস্থা আছে। ৫৮ (ক) ধাৰা অনুসৰি মাচুল বা কৰ নিদিয়াৰ অপৰাধ নতুনকৈ শাস্তিযোগ্য কৰা হৈছে। অনুজ্ঞাপত্ৰধাৰীৰ কৰ-কাটল বা মাচুলৰ ৩০০ শতাংশ পৰ্য্যন্ত জৰিমণা আৰু তিনি বছৰ পৰ্য্যন্ত কাৰাবাসৰ শাস্তিৰ ব্যৱস্থা আছে।

অনুজ্ঞাপত্ৰৰ চৰ্তাৱলী উলংঘাৰ ক্ষেত্ৰত ধাৰা ৫৮ৰ অধীনত জৰিমণাৰ পৰিমাণ  পাঁচ লাখ টকালৈকে বঢ়োৱা হৈছে।

তাৰোপৰি ৰাজহুৱা স্থানত সুৰাপান শাস্তিযোগ্য কৰা হৈছে আৰু যানবাহন জব্দ কৰা প্ৰক্ৰিয়া প্ৰৱৰ্তন কৰাৰ বাবে ধাৰা ৭৬ৰ সংশোধন কৰা হৈছে। অনুজ্ঞাপত্ৰধাৰীয়ে দ্বিতীয় বাৰলৈ পুনৰ একেটা অপৰাধ কৰিলে পূৰ্বে পৰিশোধ কৰা জৰিমণাতকৈ দুগুণ ধন জৰিমণা বিহা হ’ব।

আবকাৰী বিভাগৰ যোগেদি ৰাজ্যত যথেষ্ট পৰিমাণে ৰাজহ সংগ্ৰহ হয়। তাৰোপৰি পথ দুৰ্ঘটনাৰ লগতে বহু অপৰাধৰো কাৰণ হিচাপে মাদকদ্ৰব্যক বহুসময়ত চিনাক্ত কৰা হয়।

এনে পৰিপ্ৰেক্ষিতত ৰাজহ সংগ্ৰহৰ লগতে মাদক দ্ৰব্যজনিত অপৰাধ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আবকাৰী আইনৰ এই সংশোধন কিমান কাৰ্য্যকৰী হয় সেয়া লক্ষণীয় হ’ব।

Recent News

Rhino-1140x570

আকৌ গঁড় হত্যা! কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় হত্যা কৰি খৰ্গ কাটি নিলে চোৰাংচিকাৰীয়ে

a-vac-640x375

গোলাঘাটত ৫৮,২৫৫ পালি প্ৰতিষেধক প্ৰদান : নুমলীগড়ত গুৱাহাটীৰ পৰা অহা যাত্ৰীসহ বাহনৰ কৰ্মচাৰীক কোভিড টেষ্ট

MAHA-750x375

কাইলৈ পৰা মহা-লকডাউন! : অতি শীঘ্ৰেই লকডাউন ঘোষণা কৰিব পাৰে চৰকাৰে!

images.jpeg-11(1)

মাৰ্ঘেৰিটাত ৪ গৰাকী ব্যক্তিৰ দেহত কোভিড : মহকুমা প্ৰশাসনৰ সতৰ্কতামূলক অভিযান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd