মদৰ বিশুদ্ধতা ৰক্ষাৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে অসম চৰকাৰে। আবকাৰী আইন, ২০০০ ( Excise Act, 2000 )ৰ শেহতীয়া সংশোধনী সন্দৰ্ভত আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ অধ্যক্ষতাত আবকাৰী আৰু অসম আৰক্ষীৰ চোৰাংচোৱা বিভাগৰ বিষয়াসকলৰ গুৱাহাটীত আজি ৪ মে’ত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়।
মাদক দ্ৰব্য ভেজালকৰণৰ বিৰুদ্ধে আবকাৰী বিভাগ কঠোৰ হোৱা বুলি জানিবলৈ দি আবকাৰী আয়ুক্তালয়ৰ পৰা আজি নৰ্থ ইষ্ট নাওলৈ প্ৰেৰণ কৰা এক বিবৃতিত কোৱা হৈছে যে ‘পূৰ্বে জামিনৰ ব্যৱস্থা থকা ৫১ (ক), ৫৪ আৰু ৫৫ ধাৰা এতিয়া জামিনবিহীন কৰা হ’ল। মাদকদ্ৰব্য ভেজালকৰণ বা মানুহক ‘ডিনেচাৰ স্পিৰিট’ সেৱন কৰাবলৈ কৰা চেষ্টাৰ জৰিমণাৰ ক্ষেত্ৰত ৫৫ ধাৰাৰ অধীনত দুই লাখ টকা পৰ্য্যন্ত জৰিমণাসহ পাঁচবছৰলৈকে কাৰাবাসৰ ব্যৱস্থা কৰা হৈছে।’
কোম্পানিসমূহে সংঘটিত কৰা অপৰাধ বিচাৰ আৰু শাস্তি বিধানৰ বাবে আবকাৰী আইন, ২০০০ত ৬৪(ক) ধাৰা নতুনকৈ সংলগ্ন কৰা হৈছে।
সেইদৰে মাদকদ্ৰব্যৰ বেআইনী আমদানি, ৰপ্তানি, পৰিবহণ, প্ৰস্তুত, বিক্ৰীৰ ক্ষেত্ৰত ৫১ (ক) ধাৰাৰ অধীনত পাঁচ লাখ টকা পৰ্য্যন্ত জৰিমণাসহ তিনিবছৰ পৰ্য্যন্ত কাৰাবাসৰ ব্যৱস্থা কৰা হৈছে।
৫৪ ধাৰাৰ অধীনত মাদকদ্ৰব্যৰ চোৰাং মজুতকৰণেৰে কৰফাঁকি দিয়াসকলক পাঁচ লাখ টকা পৰ্য্যন্ত জৰিমণাসহ তিনিবছৰলৈ কাৰাবাসৰ শাস্তিৰ ব্যৱস্থা আছে। ৫৮ (ক) ধাৰা অনুসৰি মাচুল বা কৰ নিদিয়াৰ অপৰাধ নতুনকৈ শাস্তিযোগ্য কৰা হৈছে। অনুজ্ঞাপত্ৰধাৰীৰ কৰ-কাটল বা মাচুলৰ ৩০০ শতাংশ পৰ্য্যন্ত জৰিমণা আৰু তিনি বছৰ পৰ্য্যন্ত কাৰাবাসৰ শাস্তিৰ ব্যৱস্থা আছে।
অনুজ্ঞাপত্ৰৰ চৰ্তাৱলী উলংঘাৰ ক্ষেত্ৰত ধাৰা ৫৮ৰ অধীনত জৰিমণাৰ পৰিমাণ পাঁচ লাখ টকালৈকে বঢ়োৱা হৈছে।
তাৰোপৰি ৰাজহুৱা স্থানত সুৰাপান শাস্তিযোগ্য কৰা হৈছে আৰু যানবাহন জব্দ কৰা প্ৰক্ৰিয়া প্ৰৱৰ্তন কৰাৰ বাবে ধাৰা ৭৬ৰ সংশোধন কৰা হৈছে। অনুজ্ঞাপত্ৰধাৰীয়ে দ্বিতীয় বাৰলৈ পুনৰ একেটা অপৰাধ কৰিলে পূৰ্বে পৰিশোধ কৰা জৰিমণাতকৈ দুগুণ ধন জৰিমণা বিহা হ’ব।
আবকাৰী বিভাগৰ যোগেদি ৰাজ্যত যথেষ্ট পৰিমাণে ৰাজহ সংগ্ৰহ হয়। তাৰোপৰি পথ দুৰ্ঘটনাৰ লগতে বহু অপৰাধৰো কাৰণ হিচাপে মাদকদ্ৰব্যক বহুসময়ত চিনাক্ত কৰা হয়।
এনে পৰিপ্ৰেক্ষিতত ৰাজহ সংগ্ৰহৰ লগতে মাদক দ্ৰব্যজনিত অপৰাধ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আবকাৰী আইনৰ এই সংশোধন কিমান কাৰ্য্যকৰী হয় সেয়া লক্ষণীয় হ’ব।