• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মদৰ বিশুদ্ধতা ৰক্ষাৰ বাবে কঠোৰ পদক্ষেপ অসম চৰকাৰৰ; শাস্তি বৃদ্ধি ভেজালকাৰীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 4, 2018 9:25 pm
excise act assam amended

প্ৰতিনিধিত্বমূলক ছবি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মদৰ বিশুদ্ধতা ৰক্ষাৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে অসম চৰকাৰে। আবকাৰী আইন, ২০০০ ( Excise Act, 2000 )ৰ শেহতীয়া সংশোধনী সন্দৰ্ভত আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ অধ্যক্ষতাত আবকাৰী আৰু অসম আৰক্ষীৰ চোৰাংচোৱা বিভাগৰ বিষয়াসকলৰ গুৱাহাটীত আজি ৪ মে’ত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়।

মাদক দ্ৰব্য ভেজালকৰণৰ বিৰুদ্ধে আবকাৰী বিভাগ কঠোৰ হোৱা বুলি জানিবলৈ দি আবকাৰী আয়ুক্তালয়ৰ পৰা আজি নৰ্থ ইষ্ট নাওলৈ প্ৰেৰণ কৰা এক বিবৃতিত কোৱা হৈছে যে ‘পূৰ্বে জামিনৰ ব্যৱস্থা থকা ৫১ (ক), ৫৪ আৰু ৫৫ ধাৰা এতিয়া জামিনবিহীন কৰা হ’ল। মাদকদ্ৰব্য ভেজালকৰণ বা মানুহক ‘ডিনেচাৰ স্পিৰিট’ সেৱন কৰাবলৈ কৰা চেষ্টাৰ জৰিমণাৰ ক্ষেত্ৰত ৫৫ ধাৰাৰ অধীনত  দুই লাখ টকা পৰ্য্যন্ত জৰিমণাসহ পাঁচবছৰলৈকে কাৰাবাসৰ ব্যৱস্থা কৰা হৈছে।’

Apply Now

কোম্পানিসমূহে সংঘটিত কৰা অপৰাধ বিচাৰ আৰু শাস্তি বিধানৰ বাবে আবকাৰী আইন, ২০০০ত ৬৪(ক) ধাৰা নতুনকৈ সংলগ্ন কৰা হৈছে।

সেইদৰে মাদকদ্ৰব্যৰ বেআইনী আমদানি, ৰপ্তানি, পৰিবহণ, প্ৰস্তুত, বিক্ৰীৰ ক্ষেত্ৰত ৫১ (ক) ধাৰাৰ অধীনত পাঁচ লাখ টকা পৰ্য্যন্ত জৰিমণাসহ তিনিবছৰ পৰ্য্যন্ত কাৰাবাসৰ ব্যৱস্থা কৰা হৈছে।

৫৪ ধাৰাৰ অধীনত মাদকদ্ৰব্যৰ চোৰাং মজুতকৰণেৰে কৰফাঁকি দিয়াসকলক পাঁচ লাখ টকা পৰ্য্যন্ত জৰিমণাসহ তিনিবছৰলৈ কাৰাবাসৰ শাস্তিৰ ব্যৱস্থা আছে। ৫৮ (ক) ধাৰা অনুসৰি মাচুল বা কৰ নিদিয়াৰ অপৰাধ নতুনকৈ শাস্তিযোগ্য কৰা হৈছে। অনুজ্ঞাপত্ৰধাৰীৰ কৰ-কাটল বা মাচুলৰ ৩০০ শতাংশ পৰ্য্যন্ত জৰিমণা আৰু তিনি বছৰ পৰ্য্যন্ত কাৰাবাসৰ শাস্তিৰ ব্যৱস্থা আছে।

অনুজ্ঞাপত্ৰৰ চৰ্তাৱলী উলংঘাৰ ক্ষেত্ৰত ধাৰা ৫৮ৰ অধীনত জৰিমণাৰ পৰিমাণ  পাঁচ লাখ টকালৈকে বঢ়োৱা হৈছে।

তাৰোপৰি ৰাজহুৱা স্থানত সুৰাপান শাস্তিযোগ্য কৰা হৈছে আৰু যানবাহন জব্দ কৰা প্ৰক্ৰিয়া প্ৰৱৰ্তন কৰাৰ বাবে ধাৰা ৭৬ৰ সংশোধন কৰা হৈছে। অনুজ্ঞাপত্ৰধাৰীয়ে দ্বিতীয় বাৰলৈ পুনৰ একেটা অপৰাধ কৰিলে পূৰ্বে পৰিশোধ কৰা জৰিমণাতকৈ দুগুণ ধন জৰিমণা বিহা হ’ব।

আবকাৰী বিভাগৰ যোগেদি ৰাজ্যত যথেষ্ট পৰিমাণে ৰাজহ সংগ্ৰহ হয়। তাৰোপৰি পথ দুৰ্ঘটনাৰ লগতে বহু অপৰাধৰো কাৰণ হিচাপে মাদকদ্ৰব্যক বহুসময়ত চিনাক্ত কৰা হয়।

এনে পৰিপ্ৰেক্ষিতত ৰাজহ সংগ্ৰহৰ লগতে মাদক দ্ৰব্যজনিত অপৰাধ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আবকাৰী আইনৰ এই সংশোধন কিমান কাৰ্য্যকৰী হয় সেয়া লক্ষণীয় হ’ব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাষ্ট্ৰসংঘৰ মঞ্চত ইজৰাইলৰ প্ৰতিনিধিৰ চৰম অহংকাৰ, মহিলা প্ৰতিনিধিক মুখ বন্ধ ৰাখিবলৈ ধমকি

ৰাষ্ট্ৰসংঘৰ মঞ্চত ইজৰাইলৰ প্ৰতিনিধিৰ চৰম অহংকাৰ, মহিলা প্ৰতিনিধিক মুখ বন্ধ ৰাখিবলৈ ধমকি

June 20, 2026 6:56 pm
বিতৰ্কৰ পাছত সময় ৰাইনাৰ বৃহৎ প্ৰত্যাৱৰ্তন! নেটফ্লিক্স আৰু ইউটিউবত একেলগে আহি আছে ‘ইণ্ডিয়াজ গট লেটেণ্ট’ ছিজন ২

বিতৰ্কৰ পাছত সময় ৰাইনাৰ বৃহৎ প্ৰত্যাৱৰ্তন! নেটফ্লিক্স আৰু ইউটিউবত একেলগে আহি আছে ‘ইণ্ডিয়াজ গট লেটেণ্ট’ ছিজন ২

June 20, 2026 6:34 pm
লেইলন ভাইফেই হত্যাকাণ্ডৰ প্ৰতিবাদত উত্তাল ইম্ফল! ছাছপেনচন অৱ অপাৰেচন চুক্তি বাতিলৰ দাবী

লেইলন ভাইফেই হত্যাকাণ্ডৰ প্ৰতিবাদত উত্তাল ইম্ফল! ছাছপেনচন অৱ অপাৰেচন চুক্তি বাতিলৰ দাবী

June 20, 2026 5:40 pm
মূৰত নাই হিজাব! মুকলিমূৰীয়া পোছাকত গান গোৱাৰ অপৰাধত ইৰাণৰ গায়িকাক ৭৪টা চাবুকৰ কোবৰ শাস্তি

মূৰত নাই হিজাব! মুকলিমূৰীয়া পোছাকত গান গোৱাৰ অপৰাধত ইৰাণৰ গায়িকাক ৭৪টা চাবুকৰ কোবৰ শাস্তি

June 20, 2026 5:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাষ্ট্ৰসংঘৰ মঞ্চত ইজৰাইলৰ প্ৰতিনিধিৰ চৰম অহংকাৰ, মহিলা প্ৰতিনিধিক মুখ বন্ধ ৰাখিবলৈ ধমকি

ৰাষ্ট্ৰসংঘৰ মঞ্চত ইজৰাইলৰ প্ৰতিনিধিৰ চৰম অহংকাৰ, মহিলা প্ৰতিনিধিক মুখ বন্ধ ৰাখিবলৈ ধমকি

June 20, 2026 6:56 pm
বিতৰ্কৰ পাছত সময় ৰাইনাৰ বৃহৎ প্ৰত্যাৱৰ্তন! নেটফ্লিক্স আৰু ইউটিউবত একেলগে আহি আছে ‘ইণ্ডিয়াজ গট লেটেণ্ট’ ছিজন ২

বিতৰ্কৰ পাছত সময় ৰাইনাৰ বৃহৎ প্ৰত্যাৱৰ্তন! নেটফ্লিক্স আৰু ইউটিউবত একেলগে আহি আছে ‘ইণ্ডিয়াজ গট লেটেণ্ট’ ছিজন ২

June 20, 2026 6:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd