• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home অভিমত

মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ পিছুৱাই ৰখাটো কৌশল আছিল নেকি?

NE NOW NEWS দুৰ্লভ গগৈ
গুৱাহাটী , April 26, 2018 5:58 pm

2 min read

Ministry
114
VIEWS
Share on FacebookShare on Twitter

আজি (২৬ এপ্ৰিল, ২০১৮) সোণোৱাল চৰকাৰৰ মন্ত্ৰীসভাখনৰ বহু আকাংক্ষিত সম্প্ৰসাৰণ বাস্তৱত দেখা যায়। আজি ৭জন নতুন মন্ত্ৰীয়ে শপত লোৱাৰ পিছত মন্ত্ৰীসভাখন সম্প্ৰসাৰণৰ সময় পুনঃ নৱীকৰণ প্ৰক্ৰিয়াটোৰ অন্ত পৰে।

প্ৰশ্ন হয়,- মন্ত্ৰীসভাখন সম্প্ৰসাৰণ নকৰাটো এটা কৌশল আছিল নেকি বা বাৰে বাৰে ইয়াৰ সম্প্ৰসাৰণ কৌশলেৰে পিছুৱাই ৰখা হৈছিল নেকি?

মনলৈ আহিব পৰা কথাটো হ’ল- মন্ত্ৰীসভাখন সম্প্ৰসাৰণ নকৰা বাবেই ড০ হিমন্ত বিশ্ব শৰ্মাৰ দৰে এজন মন্ত্ৰীৰ হাততে বহুকেইটা গুৰুত্বপূৰ্ণ বিভাগ দি ৰাখিব লগীয়া হৈছিল। মন্ত্ৰী শৰ্মাৰ হাতত এতিয়ালৈকে শিক্ষা, স্বাস্থ্য, বিত্ত, পৰিকল্পনা আৰু উন্নয়নৰ দৰে অতি গুৰুত্বপূৰ্ণ কেইবাটাও বিভাগ আছে। নিজৰ হাতত এই গুৰুত্বপূৰ্ণ বিভাগবোৰ যাতে অধিক সময় ৰাখিব পাৰে সেইটোৱেই মন্ত্ৰীসভা সম্প্ৰসাৰণ নকৰাৰ আঁৰৰ কৌশল আছিল নেকি?

পূৰ্বৰ চৰকাৰখনৰ মুৰব্বী তৰুণ গগৈয়ে শেহৰ পাঁচ বছৰত মন্ত্ৰীসভাখন সম্প্ৰসাৰণ কৰিব নোৱাৰিছিল উমি উমি জ্বলি থকা বিসম্বাদৰ জুইকুৰা দপদপাই জ্বলাৰ ভয়ত। কিন্তু সৰ্বাৰ চৰকাৰে কিহৰ ভয়ত কৰিব নোৱাৰিছিল?

উল্লেখযোগ্য যে যোৱা দুবছৰে মাত্ৰ ১১জন মন্ত্ৰীৰে চলি থকা সোণোৱাল মন্ত্ৰীসভাখন সম্প্ৰসাৰণৰ বাবে কেইবাবাৰো সময় নিৰ্ধাৰণ কৰা হৈছিল। কিন্তু মূৰকত সেই সময় পুনৰ নৱীকৰণ কৰা হৈছিল।

যিসময়ত শাসনাধিষ্ঠিত মৰ্চাৰ ৭৬জন বিধায়কে মন্ত্ৰিত্বৰ দায়িত্ব ল’বলৈ আশা আৰু উদ্যমেৰে সাজু হৈ আছিল, সেই সময়ত সৰ্বাধিক ১৯জন মন্ত্ৰীৰ শক্তিযুক্ত মন্ত্ৰীসভাখনক কিয় দুবছৰে নিশকতীয়া কৰি ৰাখিলে মুখ্য মন্ত্ৰী সোণোৱাল তথা বিজেপি নেতৃত্বই? নিশকতীয়া মন্ত্ৰীসভাই দেখুৱাব পৰা দুৰ্বল পাৰদৰ্শিতাৰ পৰা ৰাইজৰো লোকচান হোৱা নাইনে? এজন মন্ত্ৰীয়ে পাঁচবছৰ সময়ত যিমান কাম কৰিব পাৰে, তিনি বছৰত তিমান কাম সম্ভৱ হ’বনে? পৰিৱৰ্তনৰ কথা কৈ থকা, কৰ্ম-সংস্কৃতিৰ কথা কৈ থকা চৰকাৰৰ এই বিপৰীত স্থিতি কিয়?

পূৰ্বে কংগ্ৰেছী মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে ছোনিয়া গান্ধীৰ (তদানীন্তন কংগ্ৰেছ অধ্যক্ষা) অনুমতি নোপোৱা বাবেই মন্ত্ৰীসভাখন সম্প্ৰসাৰণ কৰিব পৰা নাই বুলি সমালোচনা উঠিছিল।

এতিয়াও সৰ্বানন্দ সোণোৱালে আৰ এছ এছৰ অনুমোদন নোপোৱা বাবে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কৰিব নোৱৰা অভিযোগটো সঁচা নেকি? যদি সেয়ে হয়, আৰ এছ এছৰ হাতৰ পুতলাত পৰিণত হোৱা চৰকাৰ এখনে অসমৰ ৰাইজৰ সেইবোৰ স্বাৰ্থত নিজৰ মাত দিব পাৰিব নে, যিবোৰ স্বাৰ্থৰ সৈতে গেৰুৱাৰঙী ভাৰত ৰাষ্ট্ৰৰ স্বাৰ্থৰ অগ্ৰাধিকাৰৰ প্ৰশ্নটো থাকিব? উদাহৰণস্বৰূপে, তেতিয়া হ’লে নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ৰ প্ৰশ্নটোত আৰ এছ এছৰ শ্ৰুতলিপিয়েই অসম চৰকাৰৰ স্থিতি নিৰ্ণয় কৰাটো নিশ্চিত।

Recent News

Image_1610890641781(1)

বৃদ্ধি পাইছে হস্তী-মানুহৰ সংঘাত : বোকাখাতৰ ডিফলু চাহ বাগিচাত হাতীৰ আক্ৰমণত আহত শ্ৰমিক

PETUGAS RAWAT PESAKIT COVID-19

দিল্লীত কোভিডৰ ভেকচিন লৈ অসুস্থ ৫১ জন লোক , এজনৰ অৱস্থা সংকটজনক

Nipa Ba Final

প্ৰশ্ন সোধাটোৱেই পাপ! : মহিলা সাংবাদিকক শাৰীৰিক-মানসিকভাৱে অপদস্থ বহিৰাগত প্ৰযোজক-পৰিচালকৰ

a face

কোভিডৰ ভেকচিন গ্ৰহণৰ পিছতে মুখৰ এটা ফাল পেৰালাইছিছত আক্ৰান্ত ১৩ জনৰ ,ক’ত?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd