• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মহানগৰবাসীক কৃত্ৰিম বানপানীৰ পৰা সকাহ দিবলৈ বিভাগবোৰক আগতীয়াকৈ সাজু হ’বলৈ নিৰ্দেশ মুখ্য মন্ত্ৰীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 17, 2018 8:18 am
CM_GMDA_Flood

মহানগৰীৰ কৃত্ৰিম বানপানী ৰোধৰ আগতীয়া ব্যৱস্থা কৰাৰ বাবে সংশ্লিষ্ট বিভাগবোৰৰ সৈতে মুখ্য মন্ত্ৰীৰ বৈঠক।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অহা বাৰিষাৰ পূৰ্বেই মহানগৰীৰ কৃত্ৰিম বানপানী ৰোধ কৰাৰ সকলো আঁচনি ৰূপায়ণ কৰিবলৈ আজি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সংশ্লিষ্ট বিভাগবোৰক নিৰ্দেশ দিছে।

আজি মুখ্য মন্ত্ৰীজনৰ পৌৰোহিত্যত জনতা ভৱনৰ মুখ্য মন্ত্ৰীৰ সভাকক্ষত এখন গুৰুত্বপূৰ্ণ বৈঠকত কেইবাটাও বিভাগৰ বিষয়াসকলৰ সৈতে কৃত্ৰিম বানপানী ৰোধ কৰাৰ বাবে চলি থকা আঁচনিসমূহৰ অগ্ৰগতিৰ পৰ্য্যালোচনা কৰে।

Apply Now

মুখ্য মন্ত্ৰীজনে বৈঠকত গুৱাহাটী পৌৰ নিগম, গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণ, গড়কাপ্তানী বিভাগ আৰু জলসম্পদ বিভাগক এই সন্দৰ্ভত সহযোগিতাৰে কাম কৰাৰ নিৰ্দেশ দিয়ে। মুখ্য মন্ত্ৰীজনে মহানগৰীৰ মাজেৰে বৈ যোৱা নৈ, নলা-নৰ্দমা সমূহ পৰিষ্কাৰ কৰাৰ বাবে পৌৰ নিগমক নিৰ্দেশ দিয়ে। লগতে তেওঁ জৰুৰীকালীন সময়ত বিভিন্ন সমস্যা অৱগত কৰাৰ বাবে এটা হেল্পলাইন নম্বৰ মুকলিৰ লগতে মহানগৰীখনত যাতে কোনো ধৰণৰ বিদ্যুৎ স্পৃষ্টৰ ঘটনা নঘটে তাৰ বাবে উপযুক্ত ব্যৱস্থা ল’বলৈ এ পি ডি চি এলক নিৰ্দেশ দিয়ে।

উল্লেখযোগ্য যে যোৱা বছৰৰ বাৰিষাত গুৱাহাটীত কৃত্ৰিম বানপানীৰ ফলত কেইবাজনো লোকৰ মৃত্যু ঘটিছিল। লগতে বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হোৱা লোকৰ সংখ্যাই অভিলেখ সৃষ্টি কৰিছিল।

আনহাতে আজিৰ বৈঠকত মহানগৰীৰ আৱৰ্জনা নিষ্কাশনৰ বিষয়টোও আলোচনা কৰা হয়। মুখ্য মন্ত্ৰীয়ে আৱৰ্জনা নিষ্কাশনৰ ব্যৱস্থা এটা আৰম্ভ কৰাৰ বাবে গুৱাহাটী পৌৰ নিগমক নিৰ্দেশ দিয়ে। আৱৰ্জনাক শক্তিলৈ ৰূপান্তৰ কৰাৰ বাবে উপযুক্ত পৰিকল্পনা প্ৰস্তু কৰাৰ বাবেও নিৰ্দেশ দিয়ে মুখ্য মন্ত্ৰীজনে।

আনহাতে গুৱাহাটী মহানগৰীৰ বিভিন্ন পাহাৰৰ পৰা বিশেষকৈ মেঘালয়ৰ পৰা নামি অহা পানী জমা হৈ যাতে গুৱাহাটীত কৃত্ৰিম বানপানীৰ সৃষ্টি কৰিব নোৱাৰে তাৰ বাবে অতিৰিক্ত পানী উলিয়াই নিয়াৰ বাবে গ্ৰহণ কৰা প্ৰকল্পসমূহৰ বিষয়ে গুৱাহাটী উন্নয়ন প্ৰাধিকৰণে মুখ্য মন্ত্ৰীক অৱগত কৰে।

আজিৰ বৈঠকত পূব গুৱাহাটী সমষ্টিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য্য, মুখ্য মন্ত্ৰীৰ আইন উপদেষ্টা শান্তনু ভৰালী, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া, উপ-মেয়ৰ বিজুলী কলিতা মেধি, মুখ্য সচিব ভি কে পিপাৰচেনিয়া, গুৱাহাটী উন্নয়ন বিভাগৰ দায়িত্বত থকা অতিৰিক্ত মুখ্য সচিব ৰাজীৱ বৰা, মুখ্য মন্ত্ৰীৰ প্ৰধান সচিব সঞ্জয় লোহিয়া, ৰাজহ বিভাগৰ আয়ুক্ত সচিব ৰাজেশ প্ৰসাদ, গুৱাহাটী উন্নয়ন বিভাগৰ আয়ুক্ত সচিব অজয় তিৱাৰী, কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত এম অংগমুথু, গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত মনালিছা গোস্বামী, গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণ, গড়গপ্তানী আৰু জলসম্পদ বিভাগৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত আছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শেষ মুহূৰ্তত মেৰিনোৰ নিৰ্ণায়ক গ’ল; বেলজিয়ামক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিলে স্পেইনে

শেষ মুহূৰ্তত মেৰিনোৰ নিৰ্ণায়ক গ’ল; বেলজিয়ামক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিলে স্পেইনে

July 11, 2026 7:39 am
১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শেষ মুহূৰ্তত মেৰিনোৰ নিৰ্ণায়ক গ’ল; বেলজিয়ামক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিলে স্পেইনে

শেষ মুহূৰ্তত মেৰিনোৰ নিৰ্ণায়ক গ’ল; বেলজিয়ামক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিলে স্পেইনে

July 11, 2026 7:39 am
১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd