মহানগৰীত ২০ টা কেন্দ্ৰযোগে কৰা হ’ব আধাৰ কাৰ্ডৰ পঞ্জীয়ন

adhar card

গুৱাহাটী মহানগৰৰ চৰকাৰী আৰু ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ কাৰ্যালয়ত মুঠ ২০ টা কেন্দ্ৰৰ জৰিয়তে আধাৰ কাৰ্ড কাৰ্যকৰীকৰণৰ কাম শীঘ্ৰে আৰম্ভ হ’ব। এই কেন্দ্ৰ কেইটাৰ জৰিয়তে মহানগৰবাসীয়ে নিজৰ নিজৰ আধাৰ কাৰ্ড পঞ্জীয়ন কৰাৰ সুবিধা লাভ কৰিব।

শুকুৰবাৰে সন্ধিয়া এক চৰকাৰী শুত্ৰৰ পৰা কেন্দ্ৰ কেইটাৰ স্থান সম্পৰ্কে এই খবৰ আহে। মহানগৰবাসীৰ বাবে ৰাজ্য চৰকাৰে নিৰ্ধাৰণ কৰা কেন্দ্ৰ কেইটা ক্ৰমে ৰিহাবাৰীৰ সহকাৰী শ্ৰম আয়ুক্ত, খানাপাৰাৰ নগৰ গাখীৰ যোগান অধীক্ষকৰ কাৰ্যালয়, খানাপাৰাৰ সহ: ৰেচম সঞ্চালকৰ কাৰ্যালয়, উলুবাৰীৰ আৰক্ষী সঞ্চালকৰ কাৰ্যালয়ৰ লগতে CIDৰ মুখ্য কাৰ্যালয়।

ইয়াৰ উপৰি গণেশগুৰিৰ কৰ ভৱন, কাহিলিপাৰাৰ ফৰেনচিক বিজ্ঞান গৱেষণাগাৰ, বশিষ্ঠৰ বন গৱেষণা আৰু শিক্ষা চক্ৰৰ সংৰক্ষকৰ কাৰ্যালয় আৰু নদী গৱেষণাৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়, ভঙাগড়ৰ কৰ্মচাৰী ভৱিষ্যনিধি কাৰ্যালয়, চানমাৰিৰ গড়কাপ্টানি (গৃহ)ৰ মুখ্য অভিযন্তাৰ কাৰ্যালয় আৰু গড়কাপ্টানি (গৃহ) চক্ৰ ২ অধীক্ষক অভিযন্তাৰ কাৰ্যালয়, দিছপুৰৰ গড়কাপ্টানি (গৃহ)ৰ সংমণ্ডল ২ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়, জালুকবাৰীৰ অসম অভিযান্ত্ৰিক মহাবিদ্যালয়।

পল্টনবজাৰ আৰক্ষী নিবেশ আৰু বিদ্যালয় পৰিদৰ্শকৰ কাৰ্যালয়, ভৰলুমুখৰ জলসম্পদ পশ্চিম সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়, আমবাৰীৰ হস্ততাঁত আৰু বস্ত্ৰ বিভাগৰ কাৰ্যালয়, বেলতলাৰ অসামৰিক প্ৰতিৰক্ষাৰ কাৰ্যালয় আৰু দক্ষিণ গাঁৱৰ জৰীপ প্ৰশিক্ষণৰ অধ্যক্ষৰ কাৰ্যালয়।

মনকৰিবলগীয়া যে আধাৰ কাৰ্ড পঞ্জীয়নৰ বাবে কেন্দ্ৰসমূহ নিৰ্ধাৰণ কৰিবলৈ মহানগৰ প্ৰশাসনে আজিৰ পৰা প্ৰায় দুমাহ পূৰ্বেই বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছিল। আৰু সেই আহ্বানৰ ভিত্তিতেই কালি মহানগৰ প্ৰশাসনে মহানগৰৰ এই ২০ টা কেন্দ্ৰৰ কথা ৰাজহুৱা কৰে।