• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মহাৰাষ্ট্ৰৰ পুনেত ‘লুইত’ৰ উদ্যোগত জাকজমকতাৰে ৰঙালী বিহু উদযাপন

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 16, 2018 1:04 pm

1 min read

WhatsApp

বিহুৰ কাৰ্যসূচীত উপস্থিত থকা ৰাইজৰ একাংশ

101
VIEWS
Share on FacebookShare on Twitter

ব’হাগ মাথোঁ এটি ঋতু নহয়/ নহয় ই এটি মাহ/ অসমীয়া জাতিৰ ই আয়ুসৰেখা/ জনজীৱনৰ ই সাহ—  ভূপেনদাই কোৱাৰ দৰে জাতিৰ আয়ুসৰেখা স্বৰূপ বিহুৰ মাদকতা সকলোতে হৃদয়স্পৰ্শী।

সেয়েহে পৃথিৱীৰ যিকোনো প্ৰান্তত থকা অসমীয়াৰ বাবে বিহুৰ মাদকতা হয় স্বতস্ফূৰ্ত। এই মাদকতা তথা পৰম্পৰা ৰক্ষা কৰিয়েই মহাৰাষ্ট্ৰৰ পুনে নিবাসী অসমীয়া সকলৰ সাংস্কৃতিক সংগঠন ‘লুইত’ৰ উদ্যোগত পালন কৰি অহা হৈছে ৰঙালী বিহু।

বিগত বৰ্ষৰ দৰে এইবাৰো যোৱা ১৪ এপ্ৰিল শনিবাৰে ‘লুইত’ৰ উদ্যোগত পুনেৰ ৱান’ৰিস্থিত ছোনাৱানে ইনষ্টিটিউটত উলহ মালহেৰে ৰঙালী বিহু উদযাপন কৰা হয়।

আয়োজক সমিতিয়ে প্ৰকাশ কৰা অনুসৰি উক্ত দিনা সন্ধিয়া প্ৰায় ৪ বজাত গৰুক গা ধুৱাই বিহুৰ কাৰ্যসূচীৰ আৰম্ভণি কৰা হয়। গৰু বিহুৰ এই কৰ্যসূচীয়ে উপস্থিত ৰাইজক বাৰুকৈয়ে আকৃষ্ট কৰা পৰিলক্ষিত হয়।

পাছৰ পৰ্যায়ত ল’ৰা-ছোৱালীৰ মাজত খেল ধেমালী, মৌ কুঁৱৰী, বিহু কুঁৱৰী প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ লগতে বিভিন্ন দলে বিহু হুঁচৰি, বিহু নৃত্য, জেং বিহু পৰিৱেশন কৰি সকলোকে আকৃষ্ট কৰিবলৈ সক্ষম হয়।

তদুপৰি মুম্বাইৰ কেইবাজনো শিল্পীয়ে অসমীয়া সংগীত পৰিৱেশন কৰি দৰ্শকক মন্ত্ৰমুগ্ধ কৰে।

অনুষ্ঠানটো সফলভাৱে সম্পন্ন হোৱাৰ বাবে আয়োজক সমিতিয়ে সংশ্লিষ্ট সকলো পক্ষলৈ ধন্যবাদ জ্ঞাপন কৰিছে।

Recent News

ঘন কুঁৱলীৰ বাবে ইখনৰ পিছত সিখন গাড়ীৰ সংঘৰ্ষ, ১৪ জন লোকৰ মৃত্যু

ঘন কুঁৱলীৰ বাবে ইখনৰ পিছত সিখন গাড়ীৰ সংঘৰ্ষ, ১৪ জন লোকৰ মৃত্যু

nasal-covid-vaccine-1

ভাৰত বায়’টেকৰ নাকেৰে ড্ৰপৰ ৰূপত ল’ব পৰা ভেকচিনৰ পৰীক্ষণত অনুমোদন বিশেষজ্ঞ সমিতিৰ

যোৱা ২৪ ঘণ্টাত ১৩,৮২৩ গৰাকী ক’ৰ’নাত আক্ৰান্ত, ২ লাখৰ তললৈ নামিল সক্ৰিয় ৰোগীৰ সংখ্যা

যোৱা ২৪ ঘণ্টাত ১৩,৮২৩ গৰাকী ক’ৰ’নাত আক্ৰান্ত, ২ লাখৰ তললৈ নামিল সক্ৰিয় ৰোগীৰ সংখ্যা

a pak

ৰিক্সাত উঠি ঘূৰি ফুৰিছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানে! ৰহস্য কি? চাওঁক ভিডিঅ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd