DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 28, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মাজুলীত আয়োজিত আলি আয়ে লৃগাঙত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ মুখ্য মন্ত্ৰী সৰ্বানন্দৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 14, 2018 7:38 pm
মুখ্য মন্ত্ৰী
141
VIEWS
Share on FacebookShare on Twitter

‘অসমৰ সবাতোটকৈ বৰ্ণাঢ্য জনগোষ্ঠী হৈছে মিচিং জনগোষ্ঠী। প্ৰকৃতিৰ প্ৰতিটো ৰং বুটলি আনি নিজৰ গীত-মাত, বয়ন শিল্প ইত্যাদিৰ জৰিয়তে আমাৰ শিল্প-কলাক এই জনগোষ্ঠীটোৱে অপূৰ্ব ৰূপত ফুটাই তুলিছে। মিচিং সমাজ প্ৰকৃতিপ্ৰেমী। বৃহত্তৰ অসমীয়া সমাজক সজাই পৰাই বৰ্ণিল ৰূপ প্ৰদান কৰা তথা সমৃদ্ধিশালী কৰাত মিচিং জনগোষ্ঠীয়ে অতীজৰে পৰা অতুলনীয় অৱদান আগবঢ়াই আহিছে।’ আজি অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকায়ৰ উদ্যোগত আৰু মাজুলী জিলা প্ৰশাসনৰ সহযোগত মাজুলীৰ জেংৰাইমুখ কলেজ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আয়োজিত মিচিং কৃষ্টি উৎসৱ আলি আয়ে লৃগাঙত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এইদৰে কয়।

ভাষণ প্ৰসংগত মুখ্য মন্ত্ৰী গৰাকীয়ে কয় যে, ‘অসমৰ সৰু-বৰ জাতি-জনগোষ্ঠীৰ কৃষ্টি, সংস্কৃতি সমূহ আমাৰ বৃহৎ সম্পদ। সেয়েহে এই কৃষ্টি-সংস্কৃতি সমূহৰ বিকাশ, সংৰক্ষণ আৰু সংবৰ্দ্ধনৰ দিশত ৰাজ্য চৰকাৰে পদক্ষেপ গ্ৰহণ কৰি আহিছে।’ লগতে মাজুলীৰ পৰ্যটনৰ বিকাশৰ ক্ষেত্ৰত ৰাজ চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে বুলি উল্লেখ কৰি মাজুলীলৈ পৰ্যটকৰ অধিক আগমনৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে বুলিও কয়।

আজি এই অনুষ্ঠানতে মুখ্য মন্ত্ৰীয়ে অসমৰ সমাজ তথা সাংস্কৃতিক জীৱনলৈ বিশিষ্ট বৰঙণি আগবঢ়োৱা ১৪ গৰাকী ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰে। লগতে মুখ্য মন্ত্ৰী গৰাকীয়ে অলপতে গঁড়ৰ আক্ৰমণত নিহত হোৱা প্ৰয়াত বলোৰাম দাসৰ পৰিয়ালৰ নিকটাত্মীয়লৈ ৪ লাখ টকাৰ চেক প্ৰদান কৰে।

আনহাতে এই অনুষ্ঠানতে সৰ্বানন্দই ২৮৪ কোটি টকা ব্যয় সাপেক্ষে ৰাজ্যখনৰ ভিতৰতে প্ৰথম জিলা পৰ্যায়ৰ সংহত কাৰ্যালয় আৰু আৱাসিক চৌহদৰো আধাৰশিলা স্থাপন কৰে। লগতে মাজুলীৰ বাবে নিশাৰ ভাগত নিৰাপদে চলিব পৰা এখন অত্যাধুনিক নৌকা এম্বুলেঞ্চ সোৱাৰো আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে।

মন কৰিব লগীয়া যে নৌকা এম্বুলেঞ্চত দুজন ৰোগীৰ লগতে ৬ জন যাত্ৰীৰ বহন ক্ষমতা থাকিব। নদীৰ গভীৰতা জানিব পৰাকৈ সমৃদ্ধ এই নৌকা এম্বুলেঞ্চত জিপিএছ ছিষ্টেম উপলব্ধ থকাৰ উপৰি যাত্ৰা কালৰ সুৰক্ষাৰ বাবে লাইভ জেকেট, লাইভ বইছ, সৌৰ শক্তি চালিত ৰেফ্ৰিজাৰেটৰ, লাইট আৰু ফেন আদি চিকিৎসা সংক্ৰান্তীয় জৰুৰী ব্যৱস্থা সমূহ নৌকাৰ ভিতৰতে উপলব্ধ থাকিব।

উক্ত অনুষ্ঠানটোত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী নৱ কুমাৰ দলে, মিচিং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েংগীয়া প্ৰমুখ্যে কেইবাগৰাকী বক্তাই ভাষণ প্ৰদান কৰে।

অনুষ্ঠানত মুখ্য মন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামী, সাংসদ প্ৰদান বৰুৱা, সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য কুমুদ শইকীয়াকে বিধায়ক সকল ক্ৰমে ৰমাকান্ত দেউৰী, বিমল বৰা, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ আয়ুক্ত সচিব প্ৰীতম শইকীয়া, প্ৰথিতযশা প্ৰকৃতিবিদ পদ্মশ্ৰী যাদৱ পায়েং প্ৰমুখ্যে বহু সংখ্যক গণ্য-মান্য ব্যক্তি উপস্থিত আছিল।

Recent News

CBI summoned Rubaiya Sayeed

য়াছিন মালিকৰ সৈতে সম্পৰ্কিত গোচৰত জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ জীয়ৰীলৈ চিবিআইৰ চমন

Monkey pox আমেৰিকাত ধৰা পৰিল মাংকি পক্সৰ প্ৰথমটো ঘটনা,কি এই মাংকি পক্স?

বিশ্বৰ কুৰি খন দেশলৈ বিয়পিছে মাংকিপক্স, উদ্বিগ্ন বিশ্ব স্বাস্থ্য সংস্থা

২০২০ চনৰ ১৫ এপ্ৰিলৰ মাজনিশা বিমানবন্দৰত গ্ৰহণ কৰা পিপিই কীটৰ হিচাপ লাগে ‌জনতাক, কোনে ক’লে?

২০২০ চনৰ ১৫ এপ্ৰিলৰ মাজনিশা বিমানবন্দৰত গ্ৰহণ কৰা পিপিই কীটৰ হিচাপ লাগে ‌জনতাক, কোনে ক’লে?

temple-mosque row in India

ৰাজতন্ত্ৰ, মন্দিৰ-মছজিদ আৰু আধুনিক চেতনা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd