• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মাজুলী সুৰক্ষাৰ নতুন আঁচনিৰ আধাৰশিলা নিতীন গাডকাৰিৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 27, 2017 10:08 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নদী দ্বীপ মাজুলীৰ সুৰক্ষাৰ বাবে অহা ২৯ ডিচেম্বৰত কেন্দ্ৰীয় জলসম্পদ মন্ত্ৰী নিতীন গাডকাৰিয়ে এক নতুন আঁচনিৰ আধাৰশিলা স্থাপন কৰিব। মাজুলীক বান আৰু গৰাখহনীয়াৰ পৰা সুৰক্ষিত কৰিবলৈ লোৱা ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ এই আঁচনিখনত আনুমানিক ব্যয় হ’ব ২২৩.৫৭ কোটি টকা। ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ এজন বিষয়ববীয়াই নৰ্থ ইষ্ট নাওক জনাই, ‘বছৰটোত কমেও দুবাৰ দ্বীপটো পৰ্যৱেক্ষণ কৰিবলৈ অহা এক উচ্চস্তৰীয় বিশেষজ্ঞ সমিতিৰ যোগেদি ভাৰত চৰকাৰে গৰাখহনীয়াৰ পৰা মাজুলীক সুৰক্ষিত কৰাৰ বাবে খহনীয়া প্ৰতিৰোধ ব্যৱস্থা গ্ৰহণ আৰু তাৰ পৰ্যৱেক্ষণ কৰি আছে।’ তেওঁলোকে লগতে জনায় এই আঁচনিখনৰ বাবে পুঁজি আগবঢ়াব দ’নাৰ মন্ত্ৰ্যালয়ে। এই প্ৰকল্পটোৰ অধীনত হ’ব লগীয়া প্ৰধান কাম সমূহ হ’ব ২৭ কি. মি. দৈৰ্ঘৰ ১৪ টা স্থানত মাটি আৰু বালিৰ জিঅ’বেগেৰে নদীৰ পাৰ বন্ধা, ৪১ টা স্থানত আৰ্চিচি পাৰ্কুপাইন নিৰ্মাণ আৰু ৩.৫ দৈৰ্ঘৰ পাইলট চেনেল আৰু শ্লুইচ নিৰ্মাণ। তাৰোপৰি অসম চৰকাৰে অন্য বহু কেইটা কামৰ দায়িত্ব ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ হাতত ন্যস্ত কৰাৰ সিদ্ধান্ত লৈছে। ইয়াৰ ভিতৰত আছে যোৰহাটৰ ওচৰৰ নিমাতী ঘাটত গৰাখহনীয়া ৰোধ, মৰিগাঁও জিলাৰ মিকিৰ গাওঁ অঞ্চলৰ সুৰক্ষা আৰু বগীবিল দলং আৰু মাজুলীৰ মাজৰ তিনিটা স্থানৰ সুৰক্ষাৰ ব্যৱস্থা। মূল মাজুলী নদী দ্বীপটো ১২৪৫ বৰ্গকিলোমিটাৰৰ মাজুলী জিলাৰ অন্তৰ্ভুক্ত। এই নদী দ্বীপটো ব্ৰহ্মপুত্ৰৰ বুকুত নৈত বৈ অহা বালি আৰু বোকা জমা হৈ গঠন হোৱাৰ বাবে ইয়াত গৰাখহনীয়াৰ প্ৰকোপো বেছি। ১৯৫০ চনৰ বৰভূঁইকঁপৰ পিছৰে পৰা গৰাখহনীয়াই ভয়াৱহ ৰূপ লৈ আহিছে। এক সমীক্ষা অনুসৰি ১৯৪৯ চনৰ পৰা ২০০৪ চনলৈকে এই দ্বীপটোত গৰাখহনীয়াত ২০৬.৭ বৰ্গ কি. মি. অঞ্চল জাহ গৈছে। অসম চৰকাৰে মথাউৰি নিৰ্মাণ আৰু গৰাখহনীয়া ৰোধৰ বাবে কিছু ব্যৱস্থা গ্ৰহণ কৰা সত্ত্বেও গৰাখহনীয়া সমস্যাটোৰ কোনো সমাধান হোৱা নাই। ১৯৯৯ চনত অসম চৰকাৰে নদ্বী দ্বীপটোৰ সুৰক্ষাৰ বাবে ব্ৰহ্মপুত্ৰ ব’ৰ্ডক অনুৰোধ জনাইছিল। ব্ৰহ্মপুত্ৰ ব’ৰ্ডে ২০০৪ চনৰ জানুৱাৰি মাহৰ পৰা ৪ টা পৰ্যায়ত কাম আৰম্ভ কৰিছিল। ইয়াত ব্যয় হৈছিল ১৮৫.৮৮ কোটি টকা। এই আঁচনিৰ অধীনত সম্পূৰ্ণ কৰা প্ৰধান কামসমূহ আছিল ৯৬.২৫ কি. মি. দৈৰ্ঘৰ মথাউৰি নিৰ্মাণ আৰু ওখ কৰা, সোণোৱাল কছাৰী আৰু কাণ্ডুলি মাৰীত মাটিৰ ভেঁটি নিৰ্মাণ, গৰাখহনীয়া হোৱা ঠাইসমূহত অসংখ্য আৰ্চিচি পাৰ্কুপাইন নিৰ্মাণ আৰু ৪.১১ কি. মি. দৈৰ্ঘৰ ৪ টা স্থানত মথাউৰি নিৰ্মাণ আৰু ৫ টা স্থানত মথাউৰি উচ্চতা বৃদ্ধি কৰা ইত্যাদি। ব’ৰ্ডে এই সুৰক্ষামূলক ব্যৱস্থা সমূহ লোৱাৰ আগতে মলোৱাল-মালাপিন্ধা আদি অঞ্চলত বাৰিষা খেতি কৰাটো অসম্ভৱ আছিল। ইয়াৰ কাৰণ আছিল মথাউৰি সমূহত থকা বিভিন্ন ভগ্ন অংশ। মাজুলীবাসীয়ে প্ৰতি বছৰে বানপানীৰ পৰা জীয়াতু ভূগিব লগা হৈছিল আৰু বিস্তৰ অঞ্চল পানীত জাহ গৈছিল। ব্ৰহ্মপুত্ৰৰ পাৰৰ ১০ কি. মি. দীঘল এচোৱা অঞ্চল বাদ দি বাকী সৰহ সংখ্যক অঞ্চলৰে গৰাখহনীয়া ৰোধ কৰিব পৰা গৈছিল। পাৰ্কুপাইনৰ যথোপযুক্ত ব্যৱহাৰে পলস জমা হোৱাৰ ক্ষেত্ৰত সহায় কৰাৰ কাৰণে ই নদীখনৰ গঠন আৰু গতিপথলৈ এক ধনাত্মক পৰিৱৰ্তন আনিলে। ইয়াৰ ফলত ভূমি পুনৰুদ্ধাৰ হোৱাত মাজুলীৰ মাটিকালি ২০০৪ চনৰ ৫০২.২১ বৰ্গ কি. মি. ৰ পৰা বাঢ়ি ২০১৬ চনত ৫২৪.২৯ বৰ্গ কি. মি. হ’লগৈ।

Apply Now
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd