• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

মানুহৰ হাতত নাহৰফুটুকী বাঘৰ কৰুণ মৃত্যুৱে উদ্বিগ্ন কৰিছে প্ৰকৃতিপ্ৰেমী তথা বন্যজন্তুপ্ৰেমীক

দুৰ্লভ গগৈ by দুৰ্লভ গগৈ
March 19, 2018 8:53 pm
leopard_assam
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা তিনি-চাৰি মাহত ৰাজ্যখনৰ বিভিন্ন ঠাইত মানুহৰ হাতত কৰুণ মৃত্যুক সাৱটি ল’ব লগীয়া হৈছে বহুকেইটা নাহৰফুটুকী বাঘে। আনহাতে এই সময়ছোৱাৰ ভিতৰত ১৫-২০টা বাঘ পিঞ্জৰাবদ্ধ হৈছে। বন বিভাগৰ দায়িত্ববাহী বিষয়াৰ পৰা বা কোনো তথাকথিত প্ৰকৃতি প্ৰেমী সংগঠনৰ পৰা এই সন্দৰ্ভত কোনো মত প্ৰকাশ কৰা দেখা যোৱা নাই।

এই সম্পৰ্কত আমাৰ হাতত থকা কেইটামান তথ্য এনে ধৰণৰ-

Apply Now

(১) ৭ নৱেম্বৰ, ২০১৭

মৰিয়নিৰ কাটনিবাৰী বাগিচাত পিঞ্জৰাবদ্ধ হয় এটা প্ৰকাণ্ড নাহৰফুটুকী।

(২) ১৭ নৱেম্বৰ, ২০১৭

গুৱাহাটী মহানগৰীৰ পাৰ্শ্বৱৰ্তী অঞ্চল ধীৰেনপাৰাত চাৰিজন লোকক নাহৰফুটুকীৰ আক্ৰমণ।

(৩) ১৮ নৱেম্বৰ, ২০১৭

শিৱসাগৰ জিলাৰ নামতিৰ সমীপৰ মেজেঙাত বন বিভাগৰ পিঞ্জৰাত আবদ্ধ হয় এটা প্ৰকাণ্ড নাহৰফুটুকী।

(৪) ১ ডিচেম্বৰ, ২০১৭

নাহৰকটীয়াৰ জয়পুৰত এটা নাহৰফুটুকীক হত্যা কৰি তাৰ মাংস ভক্ষণ কৰে স্থানীয় লোকে।

(৫) ১৩ ডিচেম্বৰ,

গুৱাহাটী মহানগৰীৰ বৰাগাঁৱৰ বামুণপাৰাত ৰাতি খাদ্যৰ সন্ধানত অহা এটা নাহৰফুটুকী কুঁৱাত সোমাই পৰে।

(৬) ১৯ ডিচেম্বৰ

মাৰ্ঘেৰিটাত গাড়ীয়ে চেপি মাৰে এটা নাহৰফুটুকীক।

(৭) ১২ জানুৱাৰি, ২০১৮

নাহৰকটীয়াৰ চাচনীত পিঞ্জৰাবদ্ধ হয় এটা নাহৰফুটুকী।

(৮) ১১ ফেব্ৰুৱাৰি, ২০১৮

নাহৰকটীয়াৰ মেৰবিলত ৰাইজে পতা পিঞ্জৰাত আবদ্ধ এটা নাহৰফুটুকী।

(৯) ১৬ ফেব্ৰুৱাৰি, ২০১৮

দেৰগাৱঁৰ কুৰালগুৰিত পিঞ্জৰাবদ্ধ এটা নাহৰফুটুকী।

(১০) ১৭ ফেব্ৰুৱাৰি, ২০১৮

ডিগবৈত নাহৰফুটুকীৰ আক্ৰমণত এজন কিশোৰ আহত

(১১) ১৮ ফেব্ৰুৱাৰি, ২০১৮

যোৰাহাটৰ উজনি গায়ন গাৱঁত উত্তেজিত লোকে মৰিয়াই মৰিয়াই নৃশংসভাৱে হত্যা কৰে এটা নাহৰফুটুকী বাঘক, য’ত বন বিভাগৰ লোককো সহযোগ কৰা দেখা যায়।

(১২) ২২ ফেব্ৰুৱাৰি, ২০১৮

দেৰগাওঁ শিঙৰাজানত পিঞ্জৰাবদ্ধ এটা নাহৰফুটুকী বাঘ।

(১৩) ৭ মাৰ্চ, ২০১৮ বোকাখাতৰ লখৌজান চাহ বাগিচাত নাহৰফুটুকী বাঘৰ আক্ৰমণত এজন আহত।

(১৪) ১৪ মাৰ্চ, ২০১৮

বোকাখাতৰ শ্বহীদ কমলা মিৰি চিকিৎসালয় চৌহদৰ মানুহৰ কুকুৰাৰ গঁড়ালত সোমাই থকা অৱস্থাত স্থানীয় লোক আৰু বন বিভাগে ধৰে এটা নাহৰফুটুকী বাঘ।
(১৫) মাৰ্চ ১৬, ২০১৮

নুমলীগড়ত শোধনাগাৰৰ নগৰাঞ্চলত পিঞ্জৰাবদ্ধ এটা প্ৰকাণ্ড নাহৰফুটুকী বাঘ।

–এয়া আমাৰ হাতত থকা তথ্য। ইয়াৰ বাহিৰতো আছে নাহৰফুটুকী বাঘৰ সৈতে মানুহৰ সংঘাতৰ ঘটনা। এনেকুৱা হাৰত নাহৰফুটুকী বাঘৰ মৃত্যু বা জনাঞ্চলত প্ৰৱেশৰ ঘটনা এক ব্যতিক্ৰম তথা উদ্বেগৰ বিষয়। প্ৰশ্ন হয়- বাঘবোৰ জনাঞ্চললৈ ওলাই আহিবলৈ বাধ্য হৈছে কিয়? খাদ্যৰ অভাৱত পৰিছে নেকি বাঘবোৰ?

এটা বাঘক দৈনিক প্ৰয়োজনীয় পৰিমাণৰ খাদ্য হাবিত নোহোৱা হৈছে নেকি? যাৰ বাবেই মানুহৰ পশুধন কাঢ়ি কৰি খাব লগীয়া হৈছে।

তাৰোপৰি প্ৰশ্ন হয়- আমাৰ সাধাৰণ মানুহ বন্যপ্ৰাণীৰ প্ৰতি সামান্যও সহানুভূতিশীল তথা দায়িত্বশীল হয় নে? এই বাঘ-মানুহৰ সংঘাত ৰোধ তথা মানুহৰ নৃশংসতাৰ পৰা বাঘবোৰক বচোৱাৰ বাবে বন বিভাগৰ দায়িত্ব নাই নেকি?

যোৰহাটৰ উজনি গায়ন গাৱঁত এটা নাহৰফুটুকী বাঘক নৃশংসভাৱে হত্যা কৰা দৃশ্য সম্বলিত ভিডিঅ’টো দেখি ক’বৰ মন যায় মানুহৰ নৃশংসতাৰ কোনো তুলনা নাই। বাঘটোৰ মৃত্যু বা মৃত্যুৰ ওচৰত আত্মসমৰ্পণেও উন্মত্ত মানুহবোৰক শান্ত কৰিব পৰা নাছিল। তেতিয়াও সন্তুষ্ট নোহোৱা মানুহবোৰে মৃতদেহটোৰ ওপৰতে উপৰ্যুপৰি কোবাই আছিল। ধিক্কাৰৰ কথা যে বন বিভাগৰ লোকৰো সহযোগিতা দেখা গ’ল নাহৰফুটুকীটোৰ হত্যাত।

উল্লেখযোগ্য যে নাহৰফুটুকী বাঘক ভাৰতীয় বন্যপ্ৰাণী সুৰক্ষা আইন, ১৯৭২ৰ প্ৰথম সূচীৰ অধীনত সংৰক্ষিত প্ৰাণী হিচাপে ৰখা হৈছে।

https://youtu.be/O37l-yqYgD0

 

দুৰ্লভ গগৈ

দুৰ্লভ গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

September 10, 2026 8:39 pm
বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

September 10, 2026 8:14 pm
ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

September 10, 2026 6:02 pm
অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

September 10, 2026 5:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

September 10, 2026 8:39 pm
বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

September 10, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd