• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মাৰ্ঘেৰিটাত অংগনৱাড়ী কেন্দ্ৰত অবৈধ নিযুক্তিৰ প্ৰতিবাদত জিলা উপায়ুক্তক স্মাৰকপত্ৰ প্ৰদান ৰাইজৰ

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
July 27, 2018 8:13 pm
Anganwadi-centre_Morigaon_closed-600x399

প্ৰতিনিধিত্বমূলক ফটো

11
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা শিক্ষাখণ্ডৰ অন্তৰ্গত ইনথেম গাওঁ পঞ্চায়তৰ অধীনৰ নগাপথাৰৰ দুই নং ৱাৰ্ডৰ নগাপথাৰ অংগনৱাড়ী কেন্দ্ৰটোত দীৰ্ঘদিনৰ পৰা খালি হৈ থকা কৰ্মী পদটোত নিযুক্তিক লৈ ব্যাপক খেলি-মেলিৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে।

স্থানীয় ৰাইজৰ অভিযোগ মতে, অংগনৱাড়ী কেন্দ্ৰটোত যোৱা ৭/৮ মাহ ধৰি কৰ্মীগৰাকী অসুস্থ বৈ থকাত সহায়িকাগৰাকীয়েই শিশুসকলক পাঠদান কৰি আহিছে। সহায়িকাগৰাকীক এই ক্ষেত্ৰত সহযোগ কৰি আহিছে স্থানীয় ২/৩ গৰাকী শিক্ষিত মহিলাই।

Apply Now

স্থানীয় মহিলাকেইগৰাকীয়ে বিগত কেইবা মাহ ধৰি কেন্দ্ৰটোৰ পৰিচালনা সমিতিৰ নিৰ্দ্দেশ মতে কণ কণ শিশুসকলক পাঠদান কৰি অহাৰ লগতে বিভিন্ন সেৱা আগবঢ়াই আহিছে। অন্যহাতে ২০০২ চনৰ ৩ ফেব্ৰুৱাৰি মাহতেই কৰ্মত যোগদান কৰা পূৰ্বৰ কৰ্মী নগাপথাৰ নিবাসী আশংকা উম্বন ফুকনে শিক্ষাদানৰ ক্ষেত্ৰত অপাৰগতা প্ৰকাশ কৰি বিভাগীয় কৰ্তৃপক্ষলৈ ত্যাগপত্ৰ প্ৰেৰণ কৰাত বিভাগীয় কাৰ্যালয়েও কৰ্মী গৰাকীৰ ত্যাগপত্ৰ গ্ৰহণ কৰাৰ পৰিপ্ৰেক্ষিতত বিগত কেইবামাহ ধৰি উক্ত পদটো খালি হৈ আছে।

সেইমৰ্মে স্থানীয় কেইগৰাকীমান শিক্ষিত মহিলাই অংগনৱাড়ী কেন্দ্ৰটোত খালি হৈ থকা পদটোৰ বাবে সংহত শিশু বিকাশ কেন্দ্ৰ বিষয়াগৰাকীক আবেদন জনোৱাৰ পাছত বিষয়াগৰাকীয়ে যথা সময়ত বাছনি পৰীক্ষা অনুষ্ঠিত কৰা হব বুলি কৈ তেওঁলোকক ওভোতাই পঠিয়ায়।

এনেদৰে বহু মাহ অতিক্ৰম কৰাৰ পাছত হঠাৎ কেইদিন মান আগতে এলেকাটোৰ বাহিৰৰ সংগীতা ৰায় নামৰ এগৰাকী মহিলাই  নিযুক্তি পত্ৰ লৈ অংগনবাদী কেন্দ্ৰটোত যোগদান কৰিবলৈ অহাত স্থানীয় একাংশ মহিলাই বাধা প্ৰদান কৰি ঘুৰাই পঠায় বুলি বিদ্যালয় পৰিচালনা সমিতিৰ সভানেত্ৰী দিপ্তী মহনে জানিবলৈ দিয়ে।

কাকপথাৰ আৰু মাৰ্ঘেৰিটা কেন্দ্ৰৰ দায়িত্বত থকা লীনা সোণোৱাল নামৰ চি.ডি.পি.অ. গৰাকীয়ে অবৈধ বুজা বুজিৰে নিযুক্তিপত্ৰ প্ৰদান কৰা বুলি অভিযোগ তুলিছে স্থানীয় একাংশ মহিলাৰ লগতে বিদ্যালয় পৰিচালনা সমিতিয়ে।

এই বিষয়ত হস্তক্ষেপ কৰি উচিৎ পদক্ষেপ গ্ৰহণ কৰাৰ বাবে ৩০ গৰাকীৰো অধিক মহিলাৰ স্বাক্ষৰ সম্বলিত স্মাৰকপত্ৰ মাৰ্ঘেৰিটা বিধান সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মা, তিনিচুকীয়া জিলা উপায়ুক্ত, মাৰ্ঘেৰিটা মহকুমাধিপতি, সংহত শিশু বিকাশ কেন্দ্ৰ, জিলা সমাজ কল্যাণ বিষয়া, পেঙেৰী আৰক্ষী থানা, মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আদিলৈ পৃথকে পৃথকে পৃথকে প্ৰেৰণ কৰা হৈছে।

স্মাৰকপত্ৰখনত অঞ্চলটোৰ বাহিৰৰ এগৰাকী মহিলাক নীতি বহিঃভূত কেনেকৈ নিযুক্তি দিলে বুলি প্ৰশ্ন উত্থাপন কৰাৰ লগতে এগৰাকী আৰ্থিকভাৱে স্বচ্ছল মহিলাক গোপন বুজাবুজিৰে নিযুক্তি দিয়া বুলি অভিযোগ কৰিছে স্থানীয় মহিলা সকলে। এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ শিক্ষা বিভাগক আহ্বান জনাইছে। অন্যথা ইনথেম অঞ্চলৰ স্থানীয় মহিলাসকলে আন্দোলনৰ কাৰ্য্যসূচী হাতত ল’বলৈ বাধ্য হ’ব বুলি স্পষ্ট কৰি দিছে।

মানস প্ৰতিম গগৈ

মানস প্ৰতিম গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভুলতো নাখাব বানত উটি অহা মাছ : বৰ্ন্যাতক সতৰ্কবাণী প্ৰশাসনৰ

ভুলতো নাখাব বানত উটি অহা মাছ : বৰ্ন্যাতক সতৰ্কবাণী প্ৰশাসনৰ

September 2, 2026 3:18 pm
অটোমোবাইল খণ্ডত উত্তৰ-পূৰ্বৰ জয়যাত্ৰা: ‘ৱমেন ইন এফএডিএ’ৰ অধ্যক্ষা হিচাপে নিযুক্ত অৰুণাচলৰ পেমা ৱাই কে লয়ীক

অটোমোবাইল খণ্ডত উত্তৰ-পূৰ্বৰ জয়যাত্ৰা: ‘ৱমেন ইন এফএডিএ’ৰ অধ্যক্ষা হিচাপে নিযুক্ত অৰুণাচলৰ পেমা ৱাই কে লয়ীক

September 2, 2026 2:05 pm
‘গেৰুৱা গুণ্ডাগিৰি’ বাতৰিক লৈ উত্তাল কলকাতা!  আৰক্ষীৰ সন্মুখতেই আনন্দবজাৰ পত্ৰিকাৰ বগা দেৱালত সানিলে গেৰুৱা ৰং

‘গেৰুৱা গুণ্ডাগিৰি’ বাতৰিক লৈ উত্তাল কলকাতা!  আৰক্ষীৰ সন্মুখতেই আনন্দবজাৰ পত্ৰিকাৰ বগা দেৱালত সানিলে গেৰুৱা ৰং

September 2, 2026 11:14 am
অসম-মিজোৰাম সীমান্তত উত্তেজনা: হাৰাশাস্তিৰ অভিযোগত লাইলাপুৰত ট্ৰাক চালকৰ পথ অৱৰোধ

অসম-মিজোৰাম সীমান্তত উত্তেজনা: হাৰাশাস্তিৰ অভিযোগত লাইলাপুৰত ট্ৰাক চালকৰ পথ অৱৰোধ

September 2, 2026 10:24 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভুলতো নাখাব বানত উটি অহা মাছ : বৰ্ন্যাতক সতৰ্কবাণী প্ৰশাসনৰ

ভুলতো নাখাব বানত উটি অহা মাছ : বৰ্ন্যাতক সতৰ্কবাণী প্ৰশাসনৰ

September 2, 2026 3:18 pm
অটোমোবাইল খণ্ডত উত্তৰ-পূৰ্বৰ জয়যাত্ৰা: ‘ৱমেন ইন এফএডিএ’ৰ অধ্যক্ষা হিচাপে নিযুক্ত অৰুণাচলৰ পেমা ৱাই কে লয়ীক

অটোমোবাইল খণ্ডত উত্তৰ-পূৰ্বৰ জয়যাত্ৰা: ‘ৱমেন ইন এফএডিএ’ৰ অধ্যক্ষা হিচাপে নিযুক্ত অৰুণাচলৰ পেমা ৱাই কে লয়ীক

September 2, 2026 2:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd