• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, April 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মাৰ্ঘেৰিটাত ২০০০ কোটি টকাৰ কয়লা চিণ্ডিকে’ট : চিআইডি প্ৰতিবেদন ৰাজহুৱা কৰি অখিল গগৈৰ দাবী

NE NOW NEWS কল্পজ্যোতি শইকীয়া
গুৱাহাটী , January 31, 2018 11:17 pm

3 min read

Akhil Gogoi press meet
176
VIEWS
Share on FacebookShare on Twitter

অসম চৰকাৰৰ তদন্তকাৰী সংস্থা চিআইডিৰ গোপন প্ৰতিবেদন ৰাজহুৱা কৰি ৰাজ্যত শাসকীয় নেতাৰ পৃষ্ঠপোষকতাত মাৰ্ঘেৰিটাত বছৰি প্ৰায় ২ হাজাৰ কোটি টকাৰ কয়লা চিণ্ডিকেট চলি থকাৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।

চিআইডিৰ আই জি পি এচ কুমাৰে অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগক দাখিল কৰা CID/ Cell-XXI/ Enq No 46/ 2017/ 03 তদন্ত প্ৰতিবেদনত উল্লেখ আছে যে ‘২০১৬ চনৰ ২৩ অক্টোবৰত ক’ল ইণ্ডিয়াই ১৪ খন ট্ৰাকক কয়লা পৰিবহণৰ অনুমতি দিয়াৰ বিপৰীতে মাৰ্ঘেৰিটাৰ পৰা তিনিচুকীয়া দিশে সন্ধিয়াৰপৰা মাজনিশালৈকে ৭৫ খন কয়লা পৰিবাহী ট্ৰাক ওলাই যায়। ক’ল ইণ্ডিয়াই প্ৰতিদিনে ১০ ৰপৰা ১৫ খন ট্ৰাককহে কয়্লা পৰিৱহনৰ বিভাগীয় অনুমতি প্ৰদান কৰে যদিও স্থানীয় প্ৰত্যক্ষদৰ্শীৰ মতে প্ৰতিদিনাই ৭০-৭৫ খন কয়লা ট্ৰাক ওলাই যায়।’

সংগঠনটোৱে এনে ট্ৰাকৰ সংখ্যা প্ৰতিদিনে ১৫০ৰ পৰা ২০০ খন বুলি দাবী কৰে। এই তথ্যৰ আধাৰত সংগঠনটোৱে হিচাপ কৰি দেখুৱাই যে মাৰ্ঘেৰিটাৰ ক’ল ইণ্ডিয়াৰ কয়লা চিণ্ডিকেটৰ মূল্য ১ হাজাৰ ৯ শ কোটি টকাতকৈ অধিক হ’ব।

চিআইডিৰ প্ৰতিবেদনত উল্লেখ থকা অনুসৰি মাৰ্ঘেৰিটা বিজেপিৰ সাধাৰণ সম্পাদক কৃষ্ণ কুমাৰ শইকীয়াৰ অভিযোগৰ ভিত্তিত এই তদন্ত চলোৱা হৈছিল।

কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে কয় যে বিজেপি শাসনলৈ অহাৰ পিছত ২০১৬ চনৰ অক্টোবৰত এই অভিযোগ দিয়া হৈছিল। কিন্তু পৰৱৰ্তী সময়ত তদন্তৰ প্ৰতিবেদন পোৱাৰ পিছতো অভিযোগকাৰী বিজেপি নেতাজন এতিয়ালৈকে ‘নিশ্চুপ’ হৈ আছে।

সংগঠনটোৱে ৰাজহুৱা কৰা চিআইডিৰ তদন্ত প্ৰতিবেদনত উল্লেখ থকা অনুসৰি, ‘তদন্তকাৰী বিষয়াই গোপন তদন্তত জানিব পাৰে যে বহু বছৰ ধৰি কয়লাৰ এনে অবৈধ পৰিবহণ চলি আহিছে আৰু এতিয়াও আৰক্ষী, স্থানীয় ৰাজনৈতিক নেতা, ক’ল ইণ্ডিয়াৰ একাংশ বিষয়া-কৰ্মচাৰীৰ সহায়ত এয়া চলি আছে।’

সংগঠনটোৱে দাবী কৰে যে ‘স্থানীয় ৰাজনৈতিক নেতা’ কংগ্ৰেছ চৰকাৰৰ দিনত কংগ্ৰেছী নেতা আৰু বিজেপিৰ দিনত বিজেপি নেতাইহে এনে ছিণ্ডিকেট চলাব পাৰিব।

কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অভিযোগ কৰে যে চিআইডিৰ প্ৰতিবেদনত কয়লা চিণ্ডিকেটৰ স্পষ্ট উল্লেখ থকাৰ পিছতো ‘গৃহ আৰু ৰাজনৈতিক বিভাগৰ দায়িত্বত থকা মুখ্য মন্ত্ৰীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে’।

ইয়াৰ পৰিপ্ৰেক্ষিতত সংগঠনটোৱে অভিযোগ কৰে যে ‘আচলতে কয়লাৰ চিণ্ডিকেট বিজেপিৰ নেতাৰ হাতলৈ আনিবলৈকে অভিযোগ দাখিল আৰু তদন্তৰ নাটক ৰচনা কৰা হৈছিল’। তাৰোপৰি ‘মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাৰ বিৰুদ্ধে কয়লাৰ এই ছিণ্ডিকেটৰ লগত জড়িত বুলি সংবাদমাধ্যমত বিভিন্ন সময়ত খবৰ প্ৰকাশ পাই আহিছে’।

সংবাদমেলত সংগঠনটোৰ নেতা অখিল গগৈয়ে দাবী কৰে যে ‘চিণ্ডিকেটৰ বিৰুদ্ধে সৰ্বানন্দ সোণোৱাল চৰকাৰে প্ৰথম কেবিনেট বৈঠকত গ্ৰহণ কৰা কঠোৰ স্থিতি এক ভেকো-ভাওনাৰ বাহিৰে অন্য একো নহয়’।

মাৰ্ঘেৰিটাৰ পৰা গুৱাহাটীলৈকে হোৱা কয়লাৰ অবৈধ পৰিবহণৰ পৰা বাকী পথছোৱাত থকা জিলাসমূহৰ আৰক্ষী, প্ৰশাসন  আৰু পৰিবহন বিভাগে কমিচন লাভ কৰে বুলিও সংগঠনটোৱে অভিযোগ উত্থাপন কৰে।

ইয়াৰ পূৰ্বে এক সংবাদমেলত সংগঠনটোৱে মেঘালয়ৰ পৰা অসম হৈ যোৱা অভাৰল’ড কয়লা তথা চিমেণ্টৰ ট্ৰাকৰ পৰিৱহণ আৰু কৰৰ ক্ষেত্ৰত চলি থকা চিণ্ডিকেট উদঙাই দিছিল।

Recent News

Schools_during_COVID19_16

ক’ৰ’ণাৰ ভয়াৱহ সংক্ৰমণ : গুৱাহাটীত বন্ধ কৰা হ’ল বহুকেইখন বিদ্যালয়

Covid-test-image-1-1

স্তব্ধ হোৱা নাই অসমত কৰ’নাৰ সংক্ৰমণ; আজি ৰাজ্যখনত পুনৰ ১৩৬৭গৰাকী লোক আক্ৰান্ত

Forest-Department-750x375

ৰহস্য কি? নতুন চৰকাৰ গঠন নোহোৱাকৈয়েই বন বিভাগত বিষয়াক পদোন্নতিৰ জোৱাৰ! একাধিকক বদলি

a-vac-640x375

কৰ’নাৰ সংক্ৰমণ ৰোধ কৰিবলৈ এইবাৰ ১৮ বছৰৰ ওপৰৰ সকলোকে দিয়া হ’ব ভেকচিন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd