DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 28, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মুখ্য নিৰ্বাচন আয়ুক্তৰ নেতৃত্বত দুদিনীয়া কাৰ্যসূচীৰে নিৰ্বাচন আয়োগৰ দল আহিব মেঘালয়লৈ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 20, 2017 9:24 am
159
VIEWS
Share on FacebookShare on Twitter

দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত এ কে জ্যোতিৰ নেতৃত্বত নিৰ্বাচন আয়োগৰ এটা সম্পূৰ্ণ দল অহা ২২ আৰু ২৩ ডিচেম্বৰত মেঘালয়লৈ আহিব। নিৰ্বাচন অনুষ্ঠিত হ’বলগা মেঘালয়লৈ নিৰ্বাচন সম্পৰ্কীয় প্ৰস্তুতিৰ সকলো দিশ পৰ্যালোচনা কৰিবলৈ আহিবলগীয়া নিৰ্বাচন আয়োগৰ দলটোত মুখ্য নিৰ্বাচন আয়ুক্তৰ বাহিৰেও নিৰ্বাচন আয়ুক্তদ্বয় ওম প্ৰকাশ আৰু সুনীল আৰোৰা সমন্বিতে আয়োগৰ জ্যেষ্ঠ বিষয়াসকল থাকিব। নিৰ্বাচন আয়োগৰ দলটোৱে ৰাজ্যখনৰ বিভিন্ন ৰাজনৈতিক দল, চৰকাৰী বিষয়া, শীৰ্ষ প্ৰশাসনিক তথা আৰক্ষী বিষয়াসকলৰ সৈতে ৰাজ্যখনৰ নিৰ্বাচনৰ প্ৰস্তুতি সম্পৰ্কে কোইবালানিও আলোচনাত অংশ গ্ৰহণ কৰিব।

এই বৈঠকৰ পিছতে নিৰ্বাচন আয়োগে অহা জানুৱাৰি মাহৰ প্ৰথমভাগত মেঘালয় নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ সম্ভাৱনা আছে।

নিৰ্বাচন আয়োগৰ দলটোৱে ২২ ডিচেম্বৰত বিভিন্ন ৰাজনৈতিক দলবোৰৰ লগতে মুখ্য নিৰ্বাচন বিষয়া ফ্ৰেডেৰিক খাৰকংগৰ, জ্যেষ্ঠ আৰক্ষী বিষয়া, উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলৰ সৈতে বৈঠকত মিলিত হ’ব। ইয়াৰ পিছতে ২৩ তাৰিখে তেওঁলোকে মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানগৰাকীৰ সৈতে আন এক বৈঠকত মিলিত হ’ব।

অহা বছৰৰ মাৰ্চ মাহৰ ৬ তাৰিখে কাৰ্যকাল সমাপ্ত হ’বলগীয়া বিধানসভাৰ নতুন নিৰ্বাচনী প্ৰক্ৰিয়াটো সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বিষয়ত সামগ্ৰিক প্ৰস্তুতি সম্পৰ্কে বৈঠকত পৰ্যালোচনা কৰা হ’ব।

এই মাহৰ প্ৰথম ভাগত নিৰ্বাচন আয়োগৰ দলটোৱে নিৰ্বাচন অনুষ্ঠিত হ’বলগা আন দুখন ৰাজ্য নাগালেণ্ড আৰু ত্ৰিপুৰা ভ্ৰমণ কৰিছিল। উত্তৰ পূৰ্বাঞ্চলৰ তিনিখন ৰাজ্যতে অহা ফ্ৰেব্ৰুৱাৰি মাহত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে।

এগৰাকী নিৰ্বাচন বিষয়াই জানিবলৈ দিয়ে যে সকলো ৰাজনৈতিক দলৰে সৈতে অনুষ্ঠিত হ’বলগা বৈঠকত ইভিএম আৰু ভিভিপিএটিৰ কাৰ্যকাৰিতা সম্পৰ্কে ব্যাখ্যা কৰা হ’ব।

ইয়াৰ মাজতে গুজৰাট আৰু হিমাচল প্ৰদেশৰ নিৰ্বাচনত গুৰুত্বপূৰ্ণ বিজয় সাব্যস্ত কৰি উৎসাহী তথা আত্মবিশ্বাসী হৈ থকা বিজেপি দলে এতিয়া নিৰ্বাচন অনুষ্ঠিত হ’বলগা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত দৃষ্টি নিবদ্ধ কৰিছে। বিশেষকৈ শক্তিশালী প্ৰতিষ্ঠান বিৰোধী ঢৌ দেখিবলৈ পোৱা মেঘালয়ৰ নিৰ্বাচনকলৈ দলটো উৎসাহী হৈ পৰিছে।

ৰাজ্যিক বিজেপিৰ সভাপতি ছিবুন লিংডোই কয় যে নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পিছতেই প্ৰাৰ্থীৰ তালিকাখন প্ৰকাশ কৰা হ’ব।

ইয়াৰ বিপৰীত কংগ্ৰেছে কৈছে যে গুজৰাট আৰু হিমাচল প্ৰদেশৰ নিৰ্বাচনত বিজয়ী হ’লেও বিজেপিয়ে মেঘালয়ত বিজয়ী হোৱা সম্ভৱ নহয়। কংগ্ৰেছৰ মুখপাত্ৰ তথা ৰাজ্যৰ মন্ত্ৰী ৰনী ভি লিংডোৱে কয় যে বিজেপিয়ে ৰাজ্যখনত কোনো সুযোগ গ্ৰহণ কৰিব নোৱাৰে কিয়নো তেওঁলোকৰ দুমুখীয়া চৰিত্ৰ ওলাই পৰিছে।

Recent News

নতুন সংসদ ভৱন উদ্বোধনৰ দিনাই উত্তাল যন্তৰ মন্তৰ; আটক বজৰং পুনিয়া, সাক্ষী মালিক

নতুন সংসদ ভৱন উদ্বোধনৰ দিনাই উত্তাল যন্তৰ মন্তৰ; আটক বজৰং পুনিয়া, সাক্ষী মালিক

ইউক্ৰেইনৰ প্ৰত্যাঘাত! ৰাছিয়াৰ দুটা অঞ্চলত ড্ৰ’ন আক্ৰমণ; ভয়ংকৰ বিস্ফোৰণ

ইউক্ৰেইনৰ প্ৰত্যাঘাত! ৰাছিয়াৰ দুটা অঞ্চলত ড্ৰ’ন আক্ৰমণ; ভয়ংকৰ বিস্ফোৰণ

গুজৰাট মডেল! মাধ্যমিক বোৰ্ডৰ দশম শ্ৰেণীৰ পৰীক্ষাত ১৫৭খন বিদ্যালয়ৰ সকলো শিক্ষাৰ্থীয়ে ফেইল

গুজৰাট মডেল! মাধ্যমিক বোৰ্ডৰ দশম শ্ৰেণীৰ পৰীক্ষাত ১৫৭খন বিদ্যালয়ৰ সকলো শিক্ষাৰ্থীয়ে ফেইল

নতুন সংসদ ভৱন উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে; প্ৰতিষ্ঠা হ’ল ছেংগল

নতুন সংসদ ভৱন উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে; প্ৰতিষ্ঠা হ’ল ছেংগল

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd