• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মৃত্যুমুখী নহয় মৃত্যুঞ্জয় ১০৮ : অব্যৱহৃত অৱস্থাত থকা বাহনসমূহ নিলাম কৰা হ’ব

NE NOW NEWS কল্পজ্যোতি শইকীয়া
গুৱাহাটী , March 25, 2018 9:20 pm

2 min read

Mrityunjoy
112
VIEWS
Share on FacebookShare on Twitter

কিছুদিন পূৰ্বে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চৌহদ আৰু সৰুসজাই ষ্টেডিয়ামৰ সমীপত জমা কৰি ৰখা ১০৮ মৃত্যুঞ্জয় সেৱাৰ বাহনসমূহ সম্পূৰ্ণৰূপে অচল বুলি এক বাতৰি প্ৰকাশ পাইছিল। লগতে কৰ্ণাটকৰ জি ভি কে (ই এম আৰ আই) নামৰ সংস্থাটোৱে অসমত মৃত্যুঞ্জয় ১০৮ সেৱাৰ জৰিয়তে হাজাৰ কোটি টকা কেলেংকাৰি কৰা বুলিও এক অভিযোগ উত্থাপন হৈছিল।

আজি নৰ্থ-ইষ্ট নাওক এই অভিযোগ সম্পূৰ্ণৰূপে মিছা বুলি জানিবলৈ দিয়ে মৃত্যুঞ্জয় জৰুৰীকালীন সেৱাৰ বিভাগীয় কৰ্তৃপক্ষই।

এই সন্দৰ্ভত বিভাগীয় সূত্ৰটোৱে জনায় যে যোৱা ৫ ডিচেম্বৰ তাৰিখে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৯৫খন নতুন ১০৮ এম্বুলেন্সৰ ব্যৱস্থা কৰিছিল।

‘যিবিলাক এম্বুলেন্স পুৰণা তথা অচল হৈ গৈছে সেই এম্বুলেন্সসমূহৰ সলনি এই নতুন এম্বুলেন্সে বৰ্তমান সেৱা আগবঢ়াই আছে।’ সূত্ৰটোৱে কয়।

আনহাতে জি এম চি এইচ্ছ প্ৰাংগণ আৰু সৰুসজাই ষ্টেডিয়ামৰ সমীপত জমা কৰি ৰখা বাহনসমূহৰ বিষয়ত কয় যে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে অচল হৈ থকা এম্বুলেন্সসমূহ সেই স্থান দুটাত ৰাখি থোৱা হৈছে।

তদুপৰি সুত্ৰটোৱে প্ৰকাশ কৰা মতে যিবিলাক বাহনৰ অৱস্থা বেছি বেয়া নহয় সেইসমূহো তাত জমা কৰি ৰখা হৈছে। লগতে সেই বাহনসমূহৰ ম্যাদ মাত্ৰ ৩ বছৰ বুলি সূত্ৰটোৱে সদৰী কৰি কয়, ‘২ লাখ কিল’মিটাৰ চলাৰ পিছত ১০৮ বাহনসমূহ জৰুৰীকালীন ক্ষেত্ৰত ব্যৱহাৰৰ ক্ষেত্ৰত অনুপযোগী হৈ পৰে।’

‘ইতিমধ্যে এই অচল হৈ থকা এম্বুলেন্সসমূহ অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ তৰফৰ পৰা নিলাম কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে।’ সূত্ৰটোৱে কয়।

ইয়াৰোপৰি জি ভি কেৰ তৰফৰ পৰা প্ৰেৰণ কৰা এখন প্ৰেছ বিজ্ঞপ্তিত উল্লেখ যে যোৱা ২১ মাৰ্চত প্ৰায়কেইটা সংবাদ মাধ্যমত প্ৰকাশ পোৱা মৃত্যুঞ্জয় সেৱাৰ নামত ২০০০ কোটি টকাৰ কেলেংকাৰিৰ বাতৰিটো সম্পূৰ্ণ ভিত্তিহীন।

লগতে গাঁও অঞ্চলত এম্বুলেন্স সেৱাৰ সঠিক ৰূপায়ণ হোৱা নাই বুলি প্ৰকাশ পোৱা বাতৰিৰ বিৰোধিতা কৰি বিজ্ঞপ্তিখনত সংশ্লিষ্ট কৰ্তৃপক্ষই উল্লেখ কৰে যে  মুঠ ৩৮০খন এম্বুলেন্সে ৮০ শতাংশই ইতিমধ্যে গাওঁ অঞ্চলত সেৱা আগবঢ়াই আছে। অসমত বৰ্তমান ৬খন নৌকা মৃত্যুঞ্জয় ১০৮ সেৱাৰ এম্বুলেন্স আছে। মাজুলীত পূৰ্বতে ১খন নৌকা এম্বুলেন্স আছিল যদিও যোৱা ১ জানুৱাৰিৰ পৰা নতুনকৈ ২খন নৌকা এম্বুলেন্সৰ সংযোজন কৰা হৈছে।

আনহাতে, জি ভি কে জৰুৰীকালীন ব্যৱস্থাত কোনো ৰাজনৈতিক হস্তক্ষেপ নাই তথা কিছু কিছু ঠাইত এম্বুলেন্সবিলাকক আৰক্ষী থানাই তেল ভৰাই দিব লাগে বুলি কৰা অভিযোগটোৰ কোনো ভিত্তি নাই। এনেকুৱা কোনো দৃষ্টান্ত নাই।

জানিব পৰা মতে জি ভি কেই জৰুৰীকালীন মৃত্যুঞ্জয় সেৱা আগ বঢ়াবলৈ অসম চৰকাৰৰ সৈতে কৰা এক চুক্তিৰ জৰিয়তে ২০১০ চনৰ জুন মাহৰ পৰা ৰাজ্যখনত জৰুৰীকালীন সেৱা আগ বঢ়াই আহিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰত্যেকদিনাই অহা প্ৰায় ২০,০০০ ফোনকলৰ সংশ্লিষ্ট কৰ্তৃপক্ষই সঁহাৰি দিয়া বুলি আমাক জানিবলৈ দিয়ে।

Recent News

index

আত্মনির্ভৰ ভাৰত! : দেশত নিৰ্মিত অত্যাধুনিক মাৰণাস্ত্ৰ লাভ কৰিব দেশৰ সেনাবাহিনীয়ে

wp-video-call-main_013120124554-new-750x375

চাপত পৰি পিছ হুহুকিলে WhatsApp; প্ৰাইভেচি পলিচিক লৈ নতুন ঘোষণাত য়ুজাৰৰ সকাহ

মূল্য বৃদ্ধিৰ বিৰুদ্ধে দদৰাত কংগ্ৰেছ কৰ্মীৰ উত্তাল প্ৰতিবাদ; হাজো-গুৱাহাটী ঘাইপথ অৱৰোধ

মূল্য বৃদ্ধিৰ বিৰুদ্ধে দদৰাত কংগ্ৰেছ কৰ্মীৰ উত্তাল প্ৰতিবাদ; হাজো-গুৱাহাটী ঘাইপথ অৱৰোধ

নতুন বৰ্ষত কলিয়াবৰৰ পৰ্যটন ক্ষেত্ৰলৈ আশাৰ সঞ্চাৰ কঢ়িয়াইছে বিভিন্ন স্থানৰ পৰ্যটকে

নতুন বৰ্ষত কলিয়াবৰৰ পৰ্যটন ক্ষেত্ৰলৈ আশাৰ সঞ্চাৰ কঢ়িয়াইছে বিভিন্ন স্থানৰ পৰ্যটকে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd