• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মৃত্যুমুখী নহয় মৃত্যুঞ্জয় ১০৮ : অব্যৱহৃত অৱস্থাত থকা বাহনসমূহ নিলাম কৰা হ’ব

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 25, 2018 6:05 pm
Mrityunjoy
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কিছুদিন পূৰ্বে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চৌহদ আৰু সৰুসজাই ষ্টেডিয়ামৰ সমীপত জমা কৰি ৰখা ১০৮ মৃত্যুঞ্জয় সেৱাৰ বাহনসমূহ সম্পূৰ্ণৰূপে অচল বুলি এক বাতৰি প্ৰকাশ পাইছিল। লগতে কৰ্ণাটকৰ জি ভি কে (ই এম আৰ আই) নামৰ সংস্থাটোৱে অসমত মৃত্যুঞ্জয় ১০৮ সেৱাৰ জৰিয়তে হাজাৰ কোটি টকা কেলেংকাৰি কৰা বুলিও এক অভিযোগ উত্থাপন হৈছিল।

আজি নৰ্থ-ইষ্ট নাওক এই অভিযোগ সম্পূৰ্ণৰূপে মিছা বুলি জানিবলৈ দিয়ে মৃত্যুঞ্জয় জৰুৰীকালীন সেৱাৰ বিভাগীয় কৰ্তৃপক্ষই।

Apply Now

এই সন্দৰ্ভত বিভাগীয় সূত্ৰটোৱে জনায় যে যোৱা ৫ ডিচেম্বৰ তাৰিখে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৯৫খন নতুন ১০৮ এম্বুলেন্সৰ ব্যৱস্থা কৰিছিল।

‘যিবিলাক এম্বুলেন্স পুৰণা তথা অচল হৈ গৈছে সেই এম্বুলেন্সসমূহৰ সলনি এই নতুন এম্বুলেন্সে বৰ্তমান সেৱা আগবঢ়াই আছে।’ সূত্ৰটোৱে কয়।

আনহাতে জি এম চি এইচ্ছ প্ৰাংগণ আৰু সৰুসজাই ষ্টেডিয়ামৰ সমীপত জমা কৰি ৰখা বাহনসমূহৰ বিষয়ত কয় যে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে অচল হৈ থকা এম্বুলেন্সসমূহ সেই স্থান দুটাত ৰাখি থোৱা হৈছে।

তদুপৰি সুত্ৰটোৱে প্ৰকাশ কৰা মতে যিবিলাক বাহনৰ অৱস্থা বেছি বেয়া নহয় সেইসমূহো তাত জমা কৰি ৰখা হৈছে। লগতে সেই বাহনসমূহৰ ম্যাদ মাত্ৰ ৩ বছৰ বুলি সূত্ৰটোৱে সদৰী কৰি কয়, ‘২ লাখ কিল’মিটাৰ চলাৰ পিছত ১০৮ বাহনসমূহ জৰুৰীকালীন ক্ষেত্ৰত ব্যৱহাৰৰ ক্ষেত্ৰত অনুপযোগী হৈ পৰে।’

‘ইতিমধ্যে এই অচল হৈ থকা এম্বুলেন্সসমূহ অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ তৰফৰ পৰা নিলাম কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে।’ সূত্ৰটোৱে কয়।

ইয়াৰোপৰি জি ভি কেৰ তৰফৰ পৰা প্ৰেৰণ কৰা এখন প্ৰেছ বিজ্ঞপ্তিত উল্লেখ যে যোৱা ২১ মাৰ্চত প্ৰায়কেইটা সংবাদ মাধ্যমত প্ৰকাশ পোৱা মৃত্যুঞ্জয় সেৱাৰ নামত ২০০০ কোটি টকাৰ কেলেংকাৰিৰ বাতৰিটো সম্পূৰ্ণ ভিত্তিহীন।

লগতে গাঁও অঞ্চলত এম্বুলেন্স সেৱাৰ সঠিক ৰূপায়ণ হোৱা নাই বুলি প্ৰকাশ পোৱা বাতৰিৰ বিৰোধিতা কৰি বিজ্ঞপ্তিখনত সংশ্লিষ্ট কৰ্তৃপক্ষই উল্লেখ কৰে যে  মুঠ ৩৮০খন এম্বুলেন্সে ৮০ শতাংশই ইতিমধ্যে গাওঁ অঞ্চলত সেৱা আগবঢ়াই আছে। অসমত বৰ্তমান ৬খন নৌকা মৃত্যুঞ্জয় ১০৮ সেৱাৰ এম্বুলেন্স আছে। মাজুলীত পূৰ্বতে ১খন নৌকা এম্বুলেন্স আছিল যদিও যোৱা ১ জানুৱাৰিৰ পৰা নতুনকৈ ২খন নৌকা এম্বুলেন্সৰ সংযোজন কৰা হৈছে।

আনহাতে, জি ভি কে জৰুৰীকালীন ব্যৱস্থাত কোনো ৰাজনৈতিক হস্তক্ষেপ নাই তথা কিছু কিছু ঠাইত এম্বুলেন্সবিলাকক আৰক্ষী থানাই তেল ভৰাই দিব লাগে বুলি কৰা অভিযোগটোৰ কোনো ভিত্তি নাই। এনেকুৱা কোনো দৃষ্টান্ত নাই।

জানিব পৰা মতে জি ভি কেই জৰুৰীকালীন মৃত্যুঞ্জয় সেৱা আগ বঢ়াবলৈ অসম চৰকাৰৰ সৈতে কৰা এক চুক্তিৰ জৰিয়তে ২০১০ চনৰ জুন মাহৰ পৰা ৰাজ্যখনত জৰুৰীকালীন সেৱা আগ বঢ়াই আহিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰত্যেকদিনাই অহা প্ৰায় ২০,০০০ ফোনকলৰ সংশ্লিষ্ট কৰ্তৃপক্ষই সঁহাৰি দিয়া বুলি আমাক জানিবলৈ দিয়ে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জিন্স আৰু ফৰ্মেল পোছাকৰ সৈতে মুকুতাৰ গহনা কেনেকৈ পিন্ধিব? জানি লওক ইয়াৰ সঠিক ব্যৱহাৰ

জিন্স আৰু ফৰ্মেল পোছাকৰ সৈতে মুকুতাৰ গহনা কেনেকৈ পিন্ধিব? জানি লওক ইয়াৰ সঠিক ব্যৱহাৰ

July 4, 2026 6:45 am
ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

July 3, 2026 8:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জিন্স আৰু ফৰ্মেল পোছাকৰ সৈতে মুকুতাৰ গহনা কেনেকৈ পিন্ধিব? জানি লওক ইয়াৰ সঠিক ব্যৱহাৰ

জিন্স আৰু ফৰ্মেল পোছাকৰ সৈতে মুকুতাৰ গহনা কেনেকৈ পিন্ধিব? জানি লওক ইয়াৰ সঠিক ব্যৱহাৰ

July 4, 2026 6:45 am
ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd