• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মেঘালয়ৰ নিৰ্বাচন : নীতিবিৰুদ্ধ প্ৰচাৰ চলোৱা বুলি বিজেপিয়ে অভিযোগ দিলে বেচৰকাৰী এফ এম ৰেডিঅ’ৰ বিৰুদ্ধে

এন ই নাও নিউজ by এন ই নাও নিউজ
February 27, 2018 5:53 pm
Meghalaya_Election

ভোটদানৰ পিছত এগৰাকী ভোটাৰ, মেঘালয়ত।

87
VIEWS
Share on FacebookShare on Twitter

আজি মেঘালয়ত প্ৰায় শান্তিপূৰ্ণভাৱে ভোটদান সম্পূৰ্ণ হয়। ৰাজ্যখনত ভোটাদানৰ হাৰ আশা কৰাতকৈ কম হোৱা দেখা যায়। সাম্প্ৰতিক সময়ছোৱাত সকলো ৰাজ্যতে ভোটদানৰ হাৰ যথেষ্ট বেছি হোৱা দেখা যায় যদিও মেঘালয়ত এই হাৰ আবেলি ৫ বজালৈকে ৬০ শতাংশৰ সামান্য বেছি বুলি জানিব পৰা গৈছে ।

উল্লেখযোগ্য যে ৰাজ্যখনত ভোটদান সুকলমে আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰা বাবে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছিল। ৰাজ্যখনত সুৰক্ষা বাহিনীৰ মুঠ ১০৬টা কোম্পানী নিয়োগ কৰা হৈছে।

যোৱা ২৪ ফেব্ৰুৱাৰিত নিষিদ্ধ ঘোষিত গাৰো নেশ্যনেল লিবাৰেশ্যন আৰ্মিৰ (জি এন এল এ) সেনাধ্যক্ষ ছোহান ডি ছিৰাক মেঘালয় আৰক্ষীৰ কমাণ্ডোৱে গুলীয়াই হত্যা কৰাৰ পৰিপ্ৰেক্ষিতত গাৰোপাহাৰৰ পৰিস্থিতি চেপা উত্তেজনাৰ মাজত আছিল। কিন্তু আজি বিশেষ একো গণ্ডগোল নোহোৱাকৈ ভোটদান সম্পন্ন হয়।

আনহাতে আজি দুপৰীয়াৰ ভাগত নীতিবিৰুদ্ধ প্ৰচাৰ চলোৱা বুলি নিৰ্বাচন আয়োগৰ ওচৰত মেঘালয় ৰাজ্যিক বিজেপিয়ে এটা বেচৰকাৰী এফ এম ৰেডিঅ’ৰ বিৰুদ্ধে অভিযোগ দিলে।

BJP_Complain
মেঘালয় বিজেপিয়ে নিৰ্বাচন আয়োগক দিয়া অভিযোগপত্ৰখন।

অভিযোগ পত্ৰখনত কোৱা হৈছে ৰেডিঅ’ মিৰ্চি নামৰ (৯১.১ এফ এম) এফ এম চেনেলটোৱে নীতিবিৰুদ্ধ কথাৰ প্ৰচাৰ চলাইছে, যিটোত চলিত নিৰ্বাচনী প্ৰক্ৰিয়াটোক সাম্প্ৰদায়িক ৰূপ দিয়াৰ উদ্দেশ্য থাকিব পাৰে। অভিযোগপত্ৰখনত দিয়ামতে, ৰেডিঅ’ চেনেলটোৱে খ্ৰীষ্টান বিৰোধী দলক ভোট নিদিব বুলি বাৰ্তা প্ৰচাৰ কৰিছিল।

আজি দিয়া অভিযোগত কোৱা হৈছে যে ২৭ ফেব্ৰুৱাৰিৰ ১২.৪৮ বজাতো ৰেডিঅ’ চেনেলটোৰ এগৰাকী মহিলা ৰেডিঅ’ জকিয়ে একে ধৰণৰ বাৰ্তা প্ৰচাৰ কৰি আছে।

অভিযোগপত্ৰখনত ভাৰতীয় জনতা পাৰ্টীৰ অংকুৰ কুমাৰৰ স্বাক্ষৰ আছে। পত্ৰখনত কোৱা হৈছে যে এনেকুৱা বিভাজনমূলক বিজ্ঞাপনে নিৰ্বাচনক সাম্প্ৰদায়িক ৰূপ দিব পাৰে আৰু লগে লগে বন্ধ কৰা উচিত। ৰেডিঅ’ চেনেলটোৰ লগতে বিজ্ঞাপন দিওঁতাৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈও পত্ৰখনত দাবী জনোৱা হৈছে।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd