DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 7, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব

১৯৭৯-৮০ৰ ৰাজনৈতিক মানচিত্ৰ সলনি কৰা নহয় বুলি মেঘালয়ৰ মুখ্য মন্ত্ৰীৰ ঘোষণা

এন ই নাও নিউজ by এন ই নাও নিউজ
April 6, 2018 12:47 pm
revenue-minister-meghalaya
352
VIEWS
Share on FacebookShare on Twitter

মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড চাংমাই কৈছে যে ১৯৭৯-৮০ চনত সেই সময়ৰ মেঘালয় চৰকাৰে প্ৰস্তুত কৰা মেঘালয়ৰ  ৰাজনৈতিক মানচিত্ৰ সালসলনি কৰা নহ’ব।

ব্যহস্পতিবাৰে মেঘালয়ৰ বিধানসভাৰ চলিত অধিৱেশনত মুখ্য মন্ত্ৰীজনে প্ৰকাশ কৰিছে যে যদিহে অসমে নিজৰ মানচিত্ৰৰ বিষয়ত লাগি থাকে তেন্তে মেঘালয়েও নিজৰ স্থিতি এৰি নিদিয়ে।

অসমৰ সৈতে মেঘালয়ৰ দশকজোৰা সীমা বিবাদৰ বিষয়টো বিধানসভাৰ বাজেট অধিৱেশনত উত্থাপন কৰে পূব চিলঙৰ কংগ্ৰেছ বিধায়িকা আৰু প্ৰাক্তন মন্ত্ৰী আপাৰিন লিংডোৱে। তেওঁ চুবুৰীয়া ৰজ্য অসমৰ সৈতে মেঘালয়ৰ সীমা বিবাদৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ স্থিতি জানিব বিচাৰে।

কনৰাড চাংমাই কয় যে অসমেও নিজাববীয়াকৈ এখন ৰাজনৈতিক মানচিত্ৰ তৈয়াৰ কৰাৰ পাছত অনাকাংক্ষিতভাৱে অসমৰ সৈতে বিবাদৰ বিষয়টো পোহৰলৈ আহে।

চাংমাই বিধানসভাক অৱগত কৰে যে দুখন ৰাজ্যৰ মাজৰ সীমা বিবাদ নিষ্পত্তি কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে ১৯৮৫ চনত চন্দ্ৰচূড় কমিটী গঠন কৰিছিল।

Ampareen-298x300

চাংমাই অৱশ্যে কয় যে তেওঁ অসম চৰকাৰৰ সৈতে দুয়োখন ৰাজ্যৰ মাজৰ এই দীৰ্ঘকাল ধৰি অমীমাংসিত হৈ পৰি থকা সমস্যাটোৰ এটা সৌহাৰ্দপূৰ্ণ সমাধানৰ চেষ্ট কৰিব।

উমৰোইৰ কংগ্ৰেছ বিধায়ক জৰ্জ লিংডোই  অসম আৰু মেঘালয়ৰ সীমাৰ খুটিসমূহ পৰিদৰ্শন কৰাৰ প্ৰস্তাৱত মুখ্য মন্ত্ৰী  চাংমাই সন্মতি দিয়ে। লিংডোই বিধানসভাত প্ৰকাশ কৰিছিল যে সময়ে সময়ে দুয়োখন ৰাজ্যৰ মাজৰ সীমাৰ খুটিসমূহৰ স্থান পৰিৱৰ্তন কৰি অহা হৈছে আৰু সেয়েহে সেইসমূহ মানচিত্ৰমতে  যথাস্থানত আছে নে নাই তাক পৰীক্ষা কৰাটো জৰুৰী।

উল্লেখ্য যে মেঘালয়ৰ ৰাজহ মন্ত্ৰী কিৰমেন ছিলাই বিধানসভাক অৱগত কৰিছিল যে মেঘালয় আৰু অসমৰ মাজত ২৭২৯.১৪ বৰ্গ কি: মি: জোৰা ১২টা বিবাদমান এলেকা আছে।

কিৰমেনে কৈছে যে বিবাদমান এলেকাসমূহ হৈছে তাৰাবাৰী (৪.৬৯ বৰ্গ কি:মি:), গিজাং (১৩.৫৩ বৰ্গ কি: মি:), হাহিম (৩.৫১ বৰ্গ কি: মি:), লাংপি (২৮৯.০৭ বৰ্গ কি: মি:), বৰদুৱাৰ (১৪৭.৮৩ বৰ্গ কি: মি:), বকলাপাৰা (১.৫৭ বৰ্গ কি: মি:), নংৱা-মাওতামুৰ (১৩৭.৫৭ বৰ্গ কি: মি:), খানাপাৰা-পিলাংকাটা (২.২৯ বৰ্গ কি: মি:), ব্লক ১ আৰু ২ (১৫৪৭.৪২ বৰ্গ কি:মি:), খান্দুলি-পছিয়াৰ (৭৬.৮০ বৰ্গ কি: মি:) আৰু ৰাতাচেৰা (১১.২০ বৰ্গ কি: মি:)।

Recent News

হাতত মিঠাতেলৰ বটল, সন্মুখত গেছ চিলিণ্ডাৰ লৈ অভিনৱ প্ৰতিবাদ অসম প্ৰদেশ কংগ্ৰেছৰ

হাতত মিঠাতেলৰ বটল, সন্মুখত গেছ চিলিণ্ডাৰ লৈ অভিনৱ প্ৰতিবাদ অসম প্ৰদেশ কংগ্ৰেছৰ

MS Dhoni Birhday

শুভ জন্মদিন কেপ্তেইন কুল

bhagwant mann marriage

জীৱনৰ আন এক ইনিংছ আৰম্ভ কৰিলে ভগৱন্ত মানে: বিয়াত বহিল পঞ্জাৱৰ মুখ্যমন্ত্ৰী

Boris Johnson Resigns

কেলেংকাৰীৰ অভিযোগে কাঢ়িলে চকী: ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছনৰ পদত্যাগ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd